ETV Bharat / bharat

Wrestlers meet Amit Shah : ব্ৰীজ ভূষণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী মল্লযুঁজাৰুৰ - Allegation against WFI Chief

মল্লযুঁজাৰুৰ এটা প্ৰতিনিধি দলে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে (Wrestlers meet Amit Shah)। প্ৰতিনিধি দলটোৱে ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । অহা ৩-৪ দিনৰ ভিতৰত মল্লযুঁজাৰুসকলে মহাপঞ্চায়ত অনুষ্ঠিত কৰিব ।

Wrestlers meet Amit Shah
ব্ৰীজ ভূষণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী মল্লযুঁজাৰুৰ
author img

By

Published : Jun 5, 2023, 1:16 PM IST

নেশ্যনেল ডেস্ক,৫ জুন : ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সভাপতি ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে একাংশ মল্লযুঁজাৰুৰ প্ৰতিবাদ অব্যাহত আছে (Wrestlers protest against WFI Chief)। মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । ইয়াৰ মাজতে আন্দোলনকাৰী মল্লযুঁজাৰুসকলৰ অভিযোগ শুনাৰ আশ্বাস দিছিল গৃহ মন্ত্ৰী অমিত শ্বাহে । তাৰ পাছতে মল্লযুঁজাৰুৰ এটা দলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে ।

মল্লযুঁজাৰুসকলে নতুন দিল্লীত অমিত শ্বাহক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে (Agitating wrestlers meet Amit Shah)। সূত্ৰৰ মতে শ্বাহে তেওঁলোকক আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱাৰ পাছত বৈঠকখন অনুষ্ঠিত হয় ।

অলিম্পিক পদক বিজয়ী বজৰং পুনিয়া, সাক্ষী মালিক আৰু আন কেইবাগৰাকী লোকে দুঘণ্টাতকৈও অধিক সময় ধৰি চলা এই বৈঠকত অংশগ্ৰহণ কৰে । মল্লযুঁজাৰুসকলে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সভাপতি তথা বৰ্তমানৰ বিজেপি সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । সূত্ৰৰ মতে গৃহ মন্ত্ৰীগৰাকীয়ে আন্দোলনকাৰী মল্লযুঁজাৰুসকলৰ অভিযোগ শুনিছিল (Amit Shah discuss with Wrestlers)। শ্বাহৰ সৈতে হোৱা বৈঠকত মল্লযুঁজাৰুসকলে ব্ৰীজ ভূষণৰ বিৰুদ্ধে অতি সোনকালে অভিযোগনামা দাখিল কৰাৰ দাবী জনায় ।

ইফালে দেওবাৰে চনিপত জিলাৰ মুণ্ডলানাত এক সমাৱেশক সম্বোধন কৰি বজৰং পুনিয়াই কয় যে মল্লযুঁজাৰুসকলে অহা ৩-৪ দিনৰ ভিতৰত তেওঁলোকৰ নিজা মহাপঞ্চায়ত অনুষ্ঠিত কৰিব । এই ক্ষেত্ৰত মল্লযুঁজাৰুসকলে বহুতো দলৰ সমৰ্থনো লাভ কৰিছে । বহুতো নেতাই মল্লযুঁজাৰুসকলৰ সমৰ্থনত ওলাই আহিছে (Allegation against WFI Chief)।

আনহাতে, ব্ৰীজ ভূষণ শৰণ সিঙে সংবাদ মাধ্যমৰ আগত পৃথক বিবৃতিত দোষী নহয় বুলি স্বীকাৰ কৰিছে । তেওঁ কয় যে এইটো এটা মনে সজা কাহিনী । এই সকলোবোৰ তেওঁৰ ভাবমূৰ্তি কলুষিত কৰাৰ ষড়যন্ত্ৰৰ অংশ বুলিও তেওঁ দাবী কৰে । অৱশ্যে সমগ্ৰ ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে । আৰক্ষীৰ তদন্তৰ সময়ত কোনবোৰ তথ্য পোহৰলৈ আহে সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Wrestlers Sexual harassment case : ৪ সাক্ষীয়ে প্ৰমাণ কৰিছে ব্ৰীজ ভূষণৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সত্যতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.