ETV Bharat / bharat

Nutrients for Women: ৪০ৰ পিচতো ফিট হৈ থাকিবলৈ মহিলাসকলে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই উপাদান - হৃদৰোগ

৪০ বছৰ বয়সৰ পিছত বহু ৰোগে মহিলাক ঘেৰি ধৰিবলৈ আৰম্ভ কৰে । এই বয়সৰ মহিলাসকলৰ ৰজোনিবৃত্তিও ওচৰত থাকে । যাৰ বাবে শৰীৰত বহু ধৰণৰ পৰিৱৰ্তন দেখা যায় । সেয়ে এই ক্ষেত্ৰত শৰীৰক সুস্থ তথা ফিট ৰাখিবলৈ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ উপাদান ৷

After the age of 40, women must include these nutrients in their diet, they will remain healthy
৪০ৰ পিছতো ফিট হৈ থাকিবলৈ মহিলাসকলে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই উপাদান
author img

By

Published : Apr 24, 2023, 12:54 PM IST

প্ৰায়ে মহিলাসকলে নিজৰ পৰিয়ালৰ যত্ন লোৱাৰ সময়ত নিজৰ যত্ন ল’ব ক'ৰবাত নহয় ক'ৰবাত পাহৰি যায় । সেইবাবেই বয়স বৃদ্ধিৰ সময়ত বহু ৰোগৰ সন্মুখীন হ’বলগীয়া হয়। এনে পৰিস্থিতিত ৪০ বছৰ বয়সৰ পিচত নিজৰ বিশেষ যত্ন ল’বলৈ আৰম্ভ কৰাটো গুৰুত্বপূৰ্ণ (What are essential nutrients for women) ।

শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱত ডায়েবেটিছ, ৰক্তচাপ, হৃদৰোগ আদি ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় । কিন্তু উপযুক্ত খাদ্যাভ্যাস, সঠিক জীৱনশৈলীৰ বাবে এই সমস্যাবোৰৰ পৰা হাত সাৰিব পৰা যায় । গতিকে জানো আহক, ৪০ বছৰ বয়সৰ পিচত মহিলাসকলক কোনবোৰ পুষ্টিকৰ উপাদানৰ আটাইতকৈ বেছি প্ৰয়োজন (What should women eat everyday)।

প্ৰ'টিন

মহিলাৰ ৰজোনিবৃত্তিৰ লক্ষণ প্ৰায়ে ৪০ বছৰ বয়সৰ পিচত দেখা দিবলৈ আৰম্ভ কৰে। এই সময়ছোৱাত বহু পৰিৱৰ্তন দেখা যায় । শৰীৰত চৰ্বি বৃদ্ধি পায়, পেশীবোৰো দুৰ্বল হ’বলৈ আৰম্ভ কৰে (What main vitamins should a woman take daily)। এই বয়সত মহিলাসকলে পৰ্যাপ্ত পৰিমাণৰ প্ৰ’টিন গ্ৰহণ কৰিব লাগিব । যিটো আপোনাৰ সমস্যা হ্ৰাস কৰাত সহায়ক ।

কেলচিয়াম

বয়স বৃদ্ধিৰ লগে লগে হাড়বোৰো দুৰ্বল হ’বলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত পেশী আৰু গাঁঠিৰ জঠৰতা, দাঁতৰ বিষ, ছাল শুকান আদি বহুতো সমস্যাৰ সৃষ্টি হয় । হৃদযন্ত্ৰ সুস্থ কৰি ৰখাতো কেলচিয়ামে সহায় কৰে । গতিকে সুস্থ হৈ থাকিবলৈ মহিলাসকলে কেলচিয়াম সমৃদ্ধ খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব ।

ভিটামিন বি

৪০ বছৰৰ ওপৰৰ মহিলাৰ বাবে ভিটামিন-বি অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় । বি ভিটামিনে আপুনি খোৱা বস্তুবোৰৰ পৰা শক্তি আহৰণ কৰাত সহায় কৰে । ৰক্তকণিকা গঠনতো ই সহায়ক ।

ভিটামিন ডি

ভিটামিন ডি(D)য়ে ৰক্তচাপ, হাৰ্ট এটেক, ৰক্তশৰ্কৰা আদি সমস্যা ৰোধ কৰাত সহায় কৰে । সেইবাবেই মহিলাসকলে ৪০ বছৰ বয়সৰ পিচত ভিটামিন ডি সেৱন কৰাটো উচিত । যাৰ বাবে এই ৰোগবোৰৰ আশংকা কমি যাব পাৰে (What micronutrients do women need)।

আইৰণ

৪০ বছৰ বয়সৰ পিচত মহিলাসকলে অধিক দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰে । এনে পৰিস্থিতিত শৰীৰত হিম’গ্লবিন তৈয়াৰ কৰিবলৈ আইৰণৰ প্ৰয়োজন হয় । ই ৰক্তকণিকা গঠনত সহায় কৰে ।

লগতে পঢ়ক: Raw Mango: গৰমত আমি কেঁচা আম কিয় খাব লাগে ? কাৰণ আৰু উপকাৰ জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.