ETV Bharat / bharat

শৰ্মাৰ লগতে মোডী, শ্বাহৰ অসমত নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰিব লাগে: কংগ্ৰেছ - EC

অসমত মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ আৰু জে পি নাড্ডাকো নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰিব লাগে বুলি মন্তব্য কংগ্ৰেছ নেতা ৰণদ্বীপ সিং সুৰ্যেৱালাৰ ৷

ৰণদ্বীপ সিং সুৰ্যেৱালা
ৰণদ্বীপ সিং সুৰ্যেৱালা
author img

By

Published : Apr 3, 2021, 2:27 PM IST

নেশ্যনেল ডেস্ক, ৩ এপ্ৰিল: প্ৰতাপী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ নিৰ্বাচন আয়োগ । ৪৮ ঘন্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলোৱাত নিষেধাজ্ঞা জাৰি কৰিছে নিৰ্বাচন আয়োগে । ইয়াৰ পাচতে কংগ্ৰেছ নেতা ৰণদ্বীপ সিং সুৰ্যেৱালাই এই সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । অসমত মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ আৰু জে পি নাড্ডাকো নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰিব লাগে বুলি মন্তব্য কৰে সুৰ্যেৱালাই ।

তেওঁ লগতে কয়, ইয়াৰ দ্বাৰা এইটো প্ৰমাণ হৈছে যে বিজেপিৰ পৰাজয় নিশ্চিত আৰু নিৰ্বাচনত কোনো প্ৰকাৰে জয়ী হ'বলৈ যিকোনো ধৰণৰ ৰণ কৌশল প্ৰস্তুত কৰিছে । কিন্তু বিজেপিৰ এই ষড়যন্ত্ৰ সফল নহ'ল বুলি মন্তব্য কৰে কংগ্ৰছী নেতাগৰাকীয়ে ।

ইফালে, বিজেপিৰ বাতৰি কাকতত প্ৰচাৰ কৰা বিজ্ঞাপন সন্দৰ্ভতো সিঙে নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱাল আৰু জে পি নাড্ডাক নিষিদ্ধ কৰিব লাগে বুলি মন্তব্য কৰে । আনহাতে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত পাথাৰকান্দিৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পালৰ বাহনত ইভিএম মেচিনৰ কাণ্ড সন্দৰ্ভতো সমগ্ৰ বিষয়ত নিৰ্বাচন আয়োগত তদন্ত কৰিবলৈ আহ্বান জনাইছে ।

লগতে বিজেপি কৰ্মীসকলক গ্ৰেপ্তাৰৰ আদেশ জাৰি কৰিব লাগে বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । অসমৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণত কংগ্ৰেছে সংখ্যাগৰিষ্ঠ আসন লাভ কৰাৰ দাবী জনায় সিঙে ।

উল্লেখ্য যে, নিৰ্বাচনী প্ৰচাৰ সভাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে কটু মন্তব্য কৰিছিল মন্ত্ৰী হিমন্তই ৷ যাৰ পাছতে ঘটনা সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছিল কংগ্ৰেছে ৷ ইয়াৰ পাছতে নিৰ্বাচন আয়োগে মন্ত্ৰীগৰাকীক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে ৷ হিমন্ত বিশ্বই নিৰ্বাচন আয়োগক দিয়া উত্তৰত সন্তুষ্ট নহৈ তেওঁৰ বিৰুদ্ধে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে আয়োগে ৷

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৭৪.৭৬ শতাংশ ভোটদান সম্পন্ন হৈছিল । তৃতীয় আৰু অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব আৰু ২ মে'ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব ।

লগতে পঢ়ক: ৰাজস্থানত বিএচএফৰ প্ৰশংসনীয় পদক্ষেপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.