আগৰতলা, 29 ছেপ্টেম্বৰ : ঋতু আহে ঋতু যায় ৷ তাৰ মাজতেই আহিনৰ আঁচলত ধৰি ভুমুকি মাৰে শৰতে ৷ সেউজীয়া ধাননি ডৰাৰ পৰা নৈৰ কাণৰ কঁহুৱা জোপাইলৈ সকলোৱে দিয়া শৰতৰ বতৰা ৷ শেৱালীৰ শুভ্ৰ দলিচাই বিলাই শৰতৰ অমিয়া সুবাস ৷ অপেক্ষাৰ অন্তত বাৰিষাই ধুই নিয়া পৃথিৱীত ৰঙীন আভাই জাননী দিয়ে মা দুৰ্গাৰ আগমণৰ বতৰা ৷
মাজত মাত্ৰ দুদিন দিন বাকী ৷ ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ’ব মা দুৰ্গাক (Durga puja 2022) ৷ মহিষমৰ্দিনীক আদৰিবলৈ ৰাজ্য তথা দেশজুৰি চলিছে ব্যাপক প্ৰস্তুতি ৷ মৃৎশিল্পীসকলেও মা দুৰ্গাৰ মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে (Clay idol of Goddess Durga) ৷ মুঠৰ ওপৰত কাৰোৰে যেন মূৰ তুলি চাবলৈকে আহৰি নাই ৷
দেশৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ মহিষমৰ্দিনীক আদৰিবলৈ সাজু হৈছে আগৰতলাবাসীও ৷
![Durga puja 2022](https://etvbharatimages.akamaized.net/etvbharat/prod-images/vid-tripura-agartala-durgapuja-tr10002_27092022133404_2709f_1664265844_713.jpg)
লগতে পঢ়ক : Durga Puja 2022: লাখ টকা ব্যয় সাপেক্ষে মহানগৰীত এতিয়া পূজা মণ্ডপৰ অঘোষিত প্ৰতিযোগিতা
আগৰতলাৰ 50 ৰো অধিক মূৰ্তি নিৰ্মাণ প্ৰতিষ্ঠান বৰ্তমান ব্যস্ত হৈ পৰিছে মা দুৰ্গাৰ মূৰ্তিত শেষ পৰশ দিয়াত (Durga Puja Preparation in Agartala) ৷ বিগত প্ৰায় দুটা বছৰ ধৰি ক’ৰণা মহামাৰীয়ে বিধ্বস্ত কৰি যোৱাৰ পিছত এইবাৰ ৰাইজে প্ৰথমবাৰৰ বাবে মুকলিকৈ শাৰদীয় দুৰ্গা পূজাৰ উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে ।
জানিব পৰা মতে, এইবাৰ আগৰতলা চহৰৰ ভিন্ন প্ৰান্তত 900 তকৈয়ো অধিক দুৰ্গা পূজাৰ আয়োজন কৰিছে (Devi Durga Idol) ৷ যাৰ বাবে মৃৎশিল্পীসকলৰ মাজতো বৈছে এক আনন্দৰ বন্যা ৷ কিয়নো ইয়াৰ প্ৰভাৱ পৰিছে মৃৎশিল্পৰ ব্যৱসায়তো ৷
![Durga puja 2022](https://etvbharatimages.akamaized.net/etvbharat/prod-images/vid-tripura-agartala-idolmaker-durgapuja-tr10002_27092022132532_2709f_1664265332_866.jpg)
এক প্ৰকাৰে ক’ব পাৰি যে, পুনৰ ঘূৰি আহিছে অতীতৰ সেই দিনবোৰ ৷ কি ব্যৱসায়, কি সাধাৰণ ৰাইজ ৷ সকলোৰে মাজত এতিয়া বৈছে অনন্দ-উচাহৰ ধল ৷
লগতে পঢ়ক : কমলপুৰত নিৰ্মাণ 70 ফুট উচ্চতাৰ ৰাৱণৰ মূৰ্তি