ETV Bharat / bharat

SpiceJet on Verge of Bankruptcy : গ' ফাৰ্ষ্টৰ পিছত এইবাৰ দেউলীয়া হোৱাৰ পথত স্পাইচজেট - National Company Law Tribunal

গ' ফাৰ্ষ্ট সংকটৰ এমাহ পিছত বিমান পৰিবহণ ব্যৱসায়ী উইলমিংটনে স্পাইচজেটৰ বিৰুদ্ধে দেউলীয়া গোচৰ আৰম্ভ কৰিবলৈ ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধীকৰণৰ কাষ চাপিছে । ১৬ জুনত এই গোচৰটোৰ শুনানি হ'ব ।

SpiceJet on Verge of Bankruptcy
SpiceJet on Verge of Bankruptcy
author img

By

Published : Jun 12, 2023, 6:52 PM IST

নিউজ ডেস্ক, ১২ জুন : এয়াৰক্ৰাফ্ট ব্যৱসায়ী সংস্থা উইলমিংটনে সোমবাৰে স্পাইচজেটৰ বিৰুদ্ধে দেউলীয়া গোচৰ আৰম্ভ কৰিবলৈ ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধীকৰণৰ (এনচিএলটি) কাষ চাপে । এই গোচৰৰ পৰৱৰ্তী শুনানি ১৬ জুনত নিৰ্ধাৰণ কৰা হৈছে । স্পাইচজেটক বিমান লীজত দিয়া ডাবলিনস্থিত কোম্পানী উইলমিংটন ট্ৰাষ্ট এছ পি ছাৰ্ভিচেছ লিমিটেডে এনচিএলটিত এখন আবেদন দাখিল কৰিছে আৰু স্পাইচজেটৰ বিৰুদ্ধে দেউলীয়া প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আহ্বান জনাইছে ।

এইখিনিতে মন কৰিবলগীয়া যে যোৱা মে' মাহত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে (Directorate General of Civil Aviation) উইলমিংটনৰ অনুৰোধত কম খৰচী কেৰিয়াৰৰ তিনিখন বিমান পঞ্জীয়নমুক্ত কৰে । উইলমিংটন ট্ৰাষ্টৰ উপৰি সাবৰমতী এভিয়েচন লিজিং আৰু ফাল্গু এভিয়েচন লিজিঙে তেওঁলোকৰ বিমানৰ পঞ্জীয়ন বাতিল কৰিবলৈ বিচাৰিছে ।

উল্লেখ্য, স্পাইচজেটৰ বহৰত ৬৭ খন বিমান আছিল । ইয়াৰে ভিতৰত আছিল ব'য়িং ৭৩৭, বি৭৩৭ মেক্স আৰু বোম্বাৰ্ডিয়াৰ-কিউ৪০০ । সংস্থাটোৰ মতে, মে' মাহৰ আৰম্ভণিলৈকে ইয়াৰ ভিতৰত মাত্ৰ ৩৭ খনহে কাৰ্যক্ষম হৈ আছিল । উল্লেখনীয় যে গ' ফাৰ্ষ্ট সংকটৰ পটভূমিৰ পৰাই এই স্পাইচজেট বিমানৰ এই অৱস্থা আৰম্ভ হয় । কিয়নো তেওঁলোকে বিমান ভাৰা শেহতীয়াভাৱে অতি উচ্চ কৰিছিল । আনহাতে, স্পাইচজেটৰ বিৰুদ্ধে যদি এই আবেদনত অনুমোদন জনোৱা হয় তেন্তে দেশত কম ব্যয়ৰ ভাৰাতীয়া এয়াৰলাইনছৰ ভৱিষ্যতৰ সম্ভাৱনাৰ ওপৰত বহু প্ৰশ্ন উত্থাপন হ'ব ।

বিগত মাহত গ' ফাৰ্ষ্টে দেউলীয়া হোৱাৰ পথত উপনীত হয় আৰু দেউলীয়া প্ৰক্ৰিয়াৰ পৰা নিজকে বচাবলৈ কোম্পানীটো এনচিএলটিলৈ পৰিৱৰ্তন কৰা হয় । শনিবাৰে গ' ফাৰ্ষ্টে ১৪ জুনলৈকে ইয়াৰ সকলো বিমান সেৱা বাতিল কৰাৰ সন্দৰ্ভত এক নতুন ঘোষণা জাৰি কৰে ।

উল্লেখ্য যে ১০ মে'ত ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধীকৰণে (এনচিএলটি) স্বেচ্ছামূলক দেউলীয়া নিষ্পত্তি প্ৰক্ৰিয়াৰ বাবে এয়াৰলাইনছৰ আবেদন স্বীকাৰ কৰিছিল । এক বিবৃতিত এয়াৰলাইনছটোৱে কয়, "আমি আপোনালোকক জনাবলৈ পাই অতিকে দুঃখিত যে কাৰ্যকৰী কাৰণত ২৬ মে', ২০২৩ লৈকে নিৰ্ধাৰিত গ' ফাৰ্ষ্ট বিমান বাতিল কৰা হৈছে । বিমান বাতিলৰ ফলত হোৱা অসুবিধাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ ।" এয়াৰলাইনছটোৱে লগতে কয় যে অতি সোনকালেই পৰিশোধ কৰিবলগীয়া সম্পূৰ্ণ ধন ঘূৰাই দিয়া হ'ব ।

লগতে পঢ়ক :Farmers protest : পুনৰ আৰম্ভ হৈছে কৃষকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.