ETV Bharat / bharat

Husband cheated by wife: অনলাইনত পছন্দ কৰি পাতিলে বিয়া; জনা নাছিল কইনা যে কুখ্যাত গাড়ী চোৰৰ পত্নী - অনলাইনত পছন্দ কৰি পাতিলে বিয়া

বিবাহে বিপদ নমাই আনিলে গুজৰাটৰ এজন লোকৰ জীৱনলৈ ৷ পত্নীৰ প্ৰৱঞ্চনাৰ বলি হোৱা লোকজনে এতিয়া ন্যায় বিচাৰি দ্বাৰস্থ হৈছে আদালতৰ (Husband cheated by wife) ৷ কিয়, কেনেকৈ প্ৰৱঞ্চনাৰ বলি হ’ল লোকজন, সেয়া জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন...

Husband cheated by wife
পত্নীয়ে ৰামঠগন দিলে স্বামীক
author img

By

Published : Feb 19, 2023, 1:37 PM IST

বিবাহে নমাই আনিলে বিপদ

নেশ্যনেল ডেস্ক, 19 ফেব্ৰুৱাৰী : প্ৰতিগৰাকী যুৱক-যুৱতীয়ে নিৰ্দিষ্ট এক সময়ত পছন্দৰ প্ৰাৰ্থীগৰাকীৰ সৈতে মধুৰ ভৱিষ্যতৰ আশাত বিবাহপাশত আৱদ্ধ হয় ৷ কিন্তু কেতিয়াবা বিয়া পাতি বিপদ চপাই লোৱা ঘটনা দেখিছেনে ? অসম্ভৱ যেন লাগিলেও এয়া ঘটিছেই ৷ গুজৰাটৰ পোৰবন্দৰ চহৰৰ এজন ব্যক্তিৰ বাবে বিবাহ হ’লগৈ বৰবিহ ৷ বিয়া পাতি এতিয়া পস্তাব লগীয়া হৈছে ব্যক্তিগৰাকীয়ে ৷

সম্প্ৰতি সকলো ক্ষেত্ৰকে ইণ্টাৰনেটে সামৰি লোৱাত জীৱন সংগী নিৰ্বাচন কৰাৰ ক্ষেত্ৰতো বহু সময়ত সহায় লোৱা হয় ইণ্টাৰনেটৰ ৷ অনলাইন মেট্ৰিমনিয়েল ৱেবছাইট এটাৰ যোগেদি গুজৰাটৰ পোৰবন্দৰত বাস কৰা বিমল কৰিয়া নামৰ আলুৰ ব্যৱসায়ীগৰাকীয়ে বাছনি কৰি উলিয়াইছিল এগৰাকী বিবাহযোগ্য প্ৰাৰ্থী ৷ মহিলা প্ৰাৰ্থীগৰাকী অসমৰ গুৱাহাটী মহানগৰীৰ ৰীতা বুলি সূত্ৰযোগে জানিবলৈ পোৱা গৈছে ৷ অনলাইন মেট্ৰিমনিয়েল ৱেবছাইটটোত ৰীতাই নিজকে এগৰাকী বিবাহ বিচ্ছেদ হোৱা মহিলা বুলি উল্লেখ কৰিছিল ৷ লগতে সৰুতে বিয়া হোৱা বুলিও উল্লেখ আছিল (Husband cheated by wife in Gujrat ) ৷

২০২১ বৰ্ষৰ ছেপ্টেম্বৰ মাহত ৰীতাক বিয়া কৰাবলৈ আহমেদাবাদলৈ আহে বিমল কৰিয়া । ২০২১ বৰ্ষৰ ১৫ অক্টোবৰৰ দিনা পৰস্পৰে পৰস্পৰৰ সৈতে আৰ্য সমাজৰ নীতি-নিয়মৰ মাজেৰে বিবাহপাশত আৱদ্ধ হয় । বিমলৰ মাকেও পুত্ৰৰ দাম্পত্য জীৱন আৰম্ভ হোৱাত সুখী অনুভৱ কৰে । বিবাহ সম্পন্ন হোৱাৰ ৬ মাহ পিচত এদিন ৰীতাৰ মাকে মাটি সম্বন্ধীয় কোনো মামলা নিষ্পত্তিৰ বাবে জীয়েকক ফোন যোগে গুৱাহাটীলৈ মাতি পঠিয়ায় ৷ বিমলে পত্নী ৰীতাৰ হাতত দি পঠিয়াই ৫০,০০০ টকাৰ এটিএম কাৰ্ড, ১১৫০০ টকাৰ চেমচাং মোবাইল হেণ্ডছেট আৰু জাভালৈ যোৱা বিমানৰ টিকট ৷

পত্নী গুৱাহাটীলৈ অহাৰ পিচত 30 মাৰ্চ পৰ্যন্ত পত্নীৰে সৈতে কোনো যোগাযোগ ঘটা নাছিল বিমলৰ ৷ অৱশ্যে এদিন আকস্মিকভাৱে অহা এটা ফোনে বিমলৰ ভৰিৰ তলৰ মাটি খহায় নিয়াৰ উপক্ৰম কৰিলে ৷ ফোনটো আছিল এগৰাকী অধিবক্তাৰ ৷ ৰীতা দাসে বিমলক এটা গোচৰত ফচোৱাত সেই গোচৰৰ পৰা জামিনত মুকলি হ’বলৈ অধিবক্তাগৰাকীয়ে দুমাহৰ ভিতৰত এক লাখ টকা পঠিয়াবলৈ নিৰ্দেশ দিয়ে ৷ বিমলে উক্ত ধনৰাশি পঠিয়াই দিয়ে অধিবক্তালৈ ৷

বিষয়টোৱে বিমলৰ মনত সন্দেহ ওপজোৱাত পোৰবন্দৰৰ অধিবক্তাৰ পৰা লাভ কৰা নথিখন পৰীক্ষা কৰাত পোহৰলৈ আহে এক তথ্য ৷ তেওঁৰ পত্নীৰ নাম ৰীতা দাস নহয় ৰীতা চৌহানহে ৷ ইয়াৰ পিচত বিমলে গুগলত চাৰ্চ কৰোতে ৰীতা আন্তঃৰাষ্ট্ৰীয় গাড়ী চোৰ অনিল চৌহানৰ পত্নী বুলি গম পায় । অ-জামিনযোগ্য গোচৰ পঞ্জীয়ন হোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে আছে গঁড় হত্যা, চোৰাং চিকাৰৰ দৰে অপৰাধৰ গোচৰ । বিমলে প্ৰতাৰণাৰ বলি হোৱা বুলি উপলব্ধি কৰি পোৰবন্দৰৰ আৰক্ষীক বিষয়টো সন্দৰ্ভত অৱগত কৰে ৷ কিন্তু পোৰবন্দৰ আৰক্ষীয়ে তদন্ত কৰাৰ বিপৰীতে নিজৰ ইচ্ছামতে বিয়া হৈছিল বুলি বিষয়টো সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি উল্লেখ কৰে ।

বিমলে ন্যায় বিচাৰি অসমৰ আৰক্ষীৰ বিষয়া এগৰাকীলৈও এখন চিঠি লিখে আৰু বিষয়টোৰ তদন্ত কৰা হ’ব বুলি আৰক্ষী বিষয়াগৰাকীয়ে আশ্বাস প্ৰদান কৰে বুলি বিমলে জনায় । অৱশেষত বিমলে আদালতত গোচৰ ৰুজু কৰে, অৱশ্যে বৰ্তমানলৈ এই সংক্ৰান্তত কোনো সঁহাৰি লাভ কৰা নাই ভুক্তভোগী বিপুলে । সম্প্ৰতি ৰীতা দাস আৰক্ষীৰ টাৰ্গেটত আছে ৷

উল্লেখ্য যে, বিয়াৰ পূৰ্বে নিজকে দুখীয়া বুলি কোৱাৰ লগতে নিৰামিষভোজী বুলি কৈছিল ৰীতাই ৷ অটল বৈষ্ণৱ ছোৱালীজনীয়ে বিবাহৰ পৰৱৰ্তী সময়ত আমিষ খাদ্যৰ দাবী কৰিছিল। লগতে বিয়েৰো গ্ৰহণ কৰিছিল প্ৰৱঞ্চক ৰীতা চৌহানে ৷ এই সকলো কথা প্ৰকাশ কৰিছে বিমল কৰিয়াই ৷

লগতে পঢ়ক : AIUDF MLA slams Assm CM : ৰাজ্যত চলিছে মুক্তহত্যা; এনকাউন্টাৰ প্ৰসংগত ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.