ETV Bharat / bharat

Patna Oppositions Meet : নীতিশ কুমাৰক বিৰোধী ঐক্যৰ সমন্বয়ক হিচাপে চৰ্চা; সলনি হ'ব পাৰে ৰাজনীতিৰ দৃশ্যপট - Bihar chief minister Nitish Kumar

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিৰোধী ঐক্য শক্তিশালী কৰা আৰু সভা আয়োজন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । সমগ্ৰ দেশ ভ্ৰমণ কৰি বিজেপিবিৰোধী নেতাসকলক সাক্ষাৎ কৰে । আজি হৈছে বিৰোধী ঐক্যৰ গুৰুত্বপূৰ্ণ বৈঠক । আশা কৰা হৈছে যে তেওঁক বিৰোধী ঐক্যৰ সমন্বয়ক পাতিব পাৰে । যদি নীতিশ কুমাৰ বিৰোধীৰ সমন্বয়ক হয় তেন্তে দেশ তথা বিহাৰৰ ৰাজনীতিত কি পৰিৱৰ্তন হ'ব পাৰে । এক বিশেষ প্ৰতিবেদন ।

atna Oppositions Meet
atna Oppositions Meet
author img

By

Published : Jun 23, 2023, 6:40 PM IST

নিউজ ডেস্ক, ২৩ জুন : বিহাৰৰ ৰাজধানী পাটনাত চলি আছে বিৰোধী ঐক্যৰ বাবে বিজেপিবিৰোধী দলৰ নেতাসকলৰ বৈঠক । শুকুৰবাৰে নীতিশ কুমাৰৰ বাসভৱনত অনুষ্ঠিত হয় এই বৈঠক । তাৰে মাজতেই বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক বিৰোধী ঐক্যৰ সমন্বয়ক হিচাপে বাছনি কৰা হ'ব পাৰে বুলি খবৰ ওলাইছে । যদি নীতিশ কুমাৰক বিৰোধীৰ সমন্বয়ক পতা হয় তেন্তে দেশ তথা ৰাজ্যখনৰ ৰাজনীতি কেনেদৰে সলনি হ'ব পাৰে সেই সন্দৰ্ভত চাওক ৫ টা বিশেষ দৃষ্টিকোণ ।

বিৰোধী ঐক্যৰ বাবে প্ৰচাৰৰ দায়িত্ব : সমন্বয়ক হোৱাৰ পিছত নীতিশ কুমাৰৰ ওপৰত বিহাৰৰ মুখ্যমন্ত্ৰীৰ পদ ত্যাগৰ বাবে হেঁচা পৰিব পাৰে । কিয়নো তেওঁৰ ওপৰত সমগ্ৰ দেশতে বিৰোধী ঐক্যৰ বাবে প্ৰচাৰ চলোৱাৰ দায়িত্ব পৰিব । আনহাতে, বাদ পৰা দলবোৰক একত্ৰিত কৰা আৰু অনাগত সময়ত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে সকলোকে একেখন মঞ্চত একগোট কৰাৰো দায়িত্ব পৰিব ।

প্ৰসন্ন হ'ব পাৰে তেজস্বী যাদৱৰ ভাগ্য : যদি নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰে, তেন্তে ইয়াৰ পৰা আটাইতকৈ বেছি উপকৃত হ'ব তেজস্বী যাদৱ । কিয়নো তেজস্বী যাদৱ হৈছে বৰ্তমান বিহাৰৰ উপ-মুখ্যমন্ত্ৰী । নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ লগে লগে তেজস্বী যাদৱ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব । এনে পৰিস্থিতিত বিহাৰে তেজস্বী যাদৱৰ ৰূপত এজন নতুন মুখ্যমন্ত্ৰী লাভ কৰিব পাৰে ।

লালন সিং হ'ব পাৰে উপ-মুখ্যমন্ত্ৰী : বিগত ১৮ বছৰ ধৰি জেডিইউ বিহাৰৰ শাসকীয় দল হৈ আছে । নীতিশ কুমাৰ দলটোৰ শীৰ্ষ নেতা হৈ পৰিছে । যদি নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰে, তেন্তে উপ-মুখ্যমন্ত্ৰীৰ বাবে জেডিইউয়ে এক নতুন মুখ বাছনি কৰিব লাগিব । এই মুখখন জেডিইউৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিং হ'ব পাৰে ।

বিজেপিৰ ৰাজনীতি তীব্ৰ হৈ পৰিব : মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ পিছত নীতিশ কুমাৰে সমগ্ৰ দেশৰ বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব । তেওঁৰ সন্মুখত সকলো বিৰোধী নেতাক সকলো সময়তে বিজেপিৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় কৰি ৰখাত প্ৰত্যাহ্বান আহিব । বিৰোধী ঐক্যৰ হৈ নীতিশ কুমাৰৰ নাম সমন্বয়ক হিচাপে অনুমোদিত হোৱাৰ লগে লগে বিজেপিৰ ৰাজনীতি তীব্ৰতৰ হ'ব । সেই সময়ত নীতিশ কুমাৰে বেজেপিৰ সন্মুখত দৃঢ়তাৰে থিয় দিব লাগিব ।

ৰাষ্ট্ৰীয় মঞ্চত নীতিশৰ মৰ্যাদা বৃদ্ধি পাব : বিৰোধী ঐক্যৰ আহ্বায়ক হোৱাৰ পিছত নীতিশ কুমাৰে মুকলিকৈ নৰেন্দ্ৰ মোদীৰ সন্মুখত ৰাজনৈতিক যুঁজত থিয় দিব । বৰ্তমান নীতিশ কুমাৰৰ প্ৰতিদ্বন্দ্বিতা নৰেন্দ্ৰ মোদীৰ সৈতে হ'ব । এনে পৰিস্থিতিত ৰাষ্ট্ৰীয় ক্ষেত্ৰত নীতিশ কুমাৰৰ মৰ্যাদা বৃদ্ধি পাব । যদিও জেডিইউ এটা আঞ্চলিক দল, নীতিশ কুমাৰ সমন্বয়ক হোৱাৰ পিছত তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা হৈ পৰিব ।

লগতে পঢ়ক :Amit Shah on Opposition Meeting : বিৰোধীৰ সভাক ফটো ছেছন আখ্যা অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.