গুৱাহাটী, 18 ডিচেম্বৰ: নিৰ্বাচনমুখী মেঘালয় আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi on North East tour) ৷ মেঘালয়ৰ শ্বিলঙত এদিনীয়া কাৰ্যসূচীৰে দেওবাৰে পুৱা উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ উত্তৰ-পূৱ পৰিষদৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত (Golden Jubilee of the North Eastern Council) অংশগ্ৰহণ কৰাৰ লগতে শ্বিলঙত অনুষ্ঠিত হোৱা বৈঠকত দেওবাৰে পুৱা অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জনতাক সম্বোধন কৰে ৷
![PM Modi on North East tour](https://etvbharatimages.akamaized.net/etvbharat/prod-images/modishillongphoto_18122022164452_1812f_1671362092_265.jpg)
উত্তৰ-পূৱ পৰিষদৰ সোণালী জয়ন্তীৰ গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৱৰ বাবে ৬,৮০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন, উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে (PM Modi announces packages for NE)। এই ৬,৮০০ কোটি টকাৰ প্ৰকল্পসমূহে গৃহ নিৰ্মাণ, পথ, কৃষি, টেলিকম, আই টি, পৰ্যটন আৰু আতিথ্যকে ধৰি বহুতো খণ্ড সামৰি লৈছে ।
![Modi Shah in Shillong](https://etvbharatimages.akamaized.net/etvbharat/prod-images/modishillongphoto_18122022164452_1812f_1671362092_1100.jpg)
উত্তৰ-পূৱ পৰিষদৰ সোণালী জয়ন্তী উদযাপনত প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত পৰিষদৰ ৫০ বছৰীয়া যাত্ৰাৰ এখন ছুটি ছবি প্ৰদৰ্শন কৰা হয় । এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ৫০ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত উত্তৰ-পূৱ পৰিষদৰ অৱদানৰ কথা প্ৰশংসা কৰি স্মৃতিগ্ৰন্থ ‘‘সোণালী ভৰিৰ ছাপ’’ মুকলি কৰে ।
![Golden Jubilee of the North Eastern Council](https://etvbharatimages.akamaized.net/etvbharat/prod-images/modishillongphoto_18122022164452_1812f_1671362092_185.jpg)
লগতে পঢ়ক: Conflict between BJP and NPP: বিজেপিৰ পৰা নিজকে ৰক্ষাৰ চেষ্টা কনৰাড চাংমাৰ
উত্তৰ-পূৱ পৰিষদৰ সোণালী জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰাৰ লগতে শ্বিলঙত অনুষ্ঠিত হোৱা বৈঠকত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, "উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মাজত দশকজুৰি চলি থকা সীমা বিবাদৰ সমাধান হৈছে (Border conflicts in NE India)। আমাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্ত অঞ্চলবোৰ শেষ অঞ্চল নহয়; আমাৰ বাবে এয়া নিৰাপত্তা আৰু সম্ভাৱনাৰ দুৱাৰ ৷ ইয়াৰ মাজেৰে ৰাষ্ট্ৰৰ নিৰাপত্তা নিশ্চিত হয় আৰু ইয়াৰ মাজেৰে আন ৰাষ্ট্ৰসমূহৰ সৈতে বাণিজ্যিক প্ৰক্ৰিয়া শক্তিশালী হয় ৷"
![Golden Jubilee of the North Eastern Council](https://etvbharatimages.akamaized.net/etvbharat/prod-images/modishillongphoto_18122022164452_1812f_1671362092_757.jpg)
লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বিলঙৰ সভাত ভাগ লৈ কয়, "যোৱা ৮ বছৰত কেইবাটাও উগ্ৰপন্থী সংগঠনে হিংসাৰ পথ এৰি শান্তিৰ পথ অনুসৰণ কৰিছে (Numerous NE rebel groups came to peace talks)। ৰাজ্য চৰকাৰসমূহৰ সমন্বয়ত উত্তৰ-পূৰ্বাঞ্চলত ধাৰাবাহিকভাৱে পৰিস্থিতিৰ উন্নয়ন ঘটিছে ৷ যাৰ বাবে আফছপাৰ (AFSPA) এতিয়া কোনো প্ৰয়োজন নাই (AFSPA in NE India) ৷"
![Golden Jubilee of the North Eastern Council](https://etvbharatimages.akamaized.net/etvbharat/prod-images/modishillongphoto_18122022164452_1812f_1671362092_1104.jpg)
লগতে, "দীৰ্ঘদিন ধৰি চৰকাৰ গঠন কৰি থকা ৰাজনৈতিক দলবোৰে উত্তৰ-পূৱৰ বাবে 'বিভাজন'ৰ মানসিকতা পোষণ কৰি আহিছিল । আমি আহিছো 'পৱিত্ৰ' মানসিকতা লৈ । বিভিন্ন সম্প্ৰদায় হওক, অঞ্চল হওক আমি সকলো বিভাজন আঁতৰাবলৈ সক্ষম হৈছো । বিবাদৰ সীমা নহয়, আমি উত্তৰ-পূৱত উন্নয়নৰ ক’ৰিডৰ নিৰ্মাণ কৰিছো" বুলি জনসভাত দাবী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷
প্ৰধানমন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ড’নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী, উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক: Advantage Assam: ঔদ্যোগিক পৰিৱেশ গঢ়াত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বিজেপি চৰকাৰ