ETV Bharat / bharat

দিল্লীত পুনৰ মাংকিপক্সত আক্ৰান্ত এগৰাকী মহিলা

author img

By

Published : Aug 13, 2022, 10:06 PM IST

দিল্লীত পুনৰ মাংকিপক্সত আক্ৰান্ত এগৰাকী আফ্ৰিকা মূলৰ মহিলা (woman tested positive for Monkeypox in Delhi) ৷ যোৱা এমাহৰ পূৰ্বে মহিলাগৰাকীয়ে নাইজেৰিয়ালৈ গৈছিল ৷ শুকুৰবাৰে নিশা মহিলাগৰাকীৰ তেজৰ নমুনা পৰীক্ষাৰ ফলাফল অহাৰ পিছতেই তেওঁৰ শৰীৰত মাংকিপক্সৰ অৱস্থিতি ধৰা পৰে (5th Monkeypox case in Delhi) ৷

5th monkeypox case in Delhi
দিল্লীত পুনৰ মাংকিপক্সত আক্ৰান্ত এগৰাকী মহিলা

নেশ্যনেল ডেস্ক, 13 আগষ্ট: দিল্লীত পুনৰ মাংকিপক্সত আক্ৰান্ত হৈছে এগৰাকী আফ্ৰিকা মূলৰ মহিলা ৷ যোৱা এমাহৰ পূৰ্বে মহিলাগৰাকী নাইজেৰিয়ালৈ গৈছিল ৷ তাৰ পিছতেই 22 বছৰীয়া আফ্ৰিকান মহিলাগৰাকীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছিল ৷

বৃহস্পতিবাৰে মহিলাগৰাকী অসুস্থ হোৱাত তেওঁক লোক নায়ক জয় প্ৰকাশ নাৰায়ণ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ শুকুৰবাৰে নিশা মহিলাগৰাকীৰ তেজৰ নমুনা পৰীক্ষাৰ ফলাফল অহাৰ পিছতেই তেওঁৰ শৰীৰত মাংকিপক্সৰ অৱস্থিতি ধৰা পৰে ৷ দিল্লীত এয়া পঞ্চমটো মাংকিপক্সত আক্ৰান্তৰ ঘটনা (Monkeypox case in Delhi)৷ ইতিমধ্যে দেশখনত মাংকিপক্সত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ 10 গৰাকী ৷

ভাৰতত এতিয়ালৈকে কেৰালাৰ পৰা 5 টা আৰু দিল্লীৰ পৰা 5 টা মাংকিপক্সৰ ঘটনা পোহৰলৈ আহিছে (India has reported 10 monkeypox cases)৷ ইফালে দেশত মাংকিপক্স ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে তিনিখন চিকিৎসালয়ত পৃথক কোঠাৰ ব্যৱস্থা কৰিছে ৷ চফদৰজাং চিকিৎসালয়, আৰ এম এল চিকিৎসালয় আৰু লেডী হাৰ্ডিঞ্জ চিকিৎসালয়ত মাংকিপক্স আক্ৰান্তৰ কাৰণে এই বিশেষ ব্যৱস্থা গঢ়ি তোলা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰে ৷

ইয়াৰোপৰি লোকনায়ক জয় প্ৰকাশ নাৰায়ণ (এলএনজেপি) চিকিৎসালয়ত 20 টা, গুৰু তেগ বাহাদুৰ চিকিৎসালয়ত (জিটিবি) 10 টা আৰু ডাঃ বাবা চাহেব আম্বেদকাৰ চিকিৎসালয়ত 10 টা পৃথক কোঠা স্থাপন কৰা হৈছে ৷ এতিয়ালৈকে আই চিএম আৰ, এন আই ভি পুনে আৰু ভি আৰ ডি এলত ২ আগষ্টলৈকে প্ৰায় ১০০ টা মাংকিপক্সৰ নমুনা পৰীক্ষা কৰা হৈছে ৷

ভাৰতত ক্ৰমাৎ মাংকিপক্সৰ ঘটনাৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এন চি ডি চি, দিল্লী আৰু এইমছৰ পৰীক্ষাগাৰেও মাংকিপক্সৰ পৰীক্ষা আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: Monkeypox Outbreak: ভাৰতত মাংকিপক্সত আক্ৰান্তৰ সংখ্যা 9 গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.