ETV Bharat / bharat

এৰ্নাকুল্লামত শামুকৰ সংক্ৰমণে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ - এৰ্ণাকুল্লামত শামুকৰ সংক্ৰমণ বাতৰি

কেৰালাৰ এৰ্নাকুল্লাম জিলাৰ এদাথালা গাঁও পঞ্চায়তত খেতিপথাৰসমূহত শামুকৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ অতিশীঘ্ৰে এই অঞ্চল পৰিদৰ্শন কৰি ইয়াৰ পৰা পৰিত্ৰাণৰ বিষয়ে গাঁওবাসীক অৱগত কৰিব বুলি গাঁওবাসীক আশ্বাস প্ৰদান কৰিছে পঞ্চায়ত কৰ্তৃপক্ষই ৷

African snail menace in Edathala, Ernakulam
এৰ্ণাকুল্লামত শামুকৰ সংক্ৰমণে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ
author img

By

Published : Jan 17, 2021, 9:15 PM IST

নেশ্যনেল ডেস্ক,17 জানুৱাৰী : কেৰালাৰ এৰ্নাকুল্লাম জিলাৰ এদাথালা গাঁও পঞ্চায়তত খেতিপথাৰসমূহত শামুকৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ এদাথালা গাঁও পঞ্চায়ত প্ৰশাসনে শামুকৰ সংক্ৰমণৰ পৰা শস্যসমূহক ৰক্ষা কৰাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিব পাৰি এই সন্দৰ্ভত চিন্তা-চৰ্চা কৰা বুলি জানিবলৈ দিয়ে পঞ্চায়তৰ সভাপতি প্ৰীজা কুঞ্জুমনে ৷

আনহাতে, এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ পৰা প্ৰতিবেদন লাভ কৰাৰ পিছতেই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে সভাপতি প্ৰীজা কুঞ্জুম তথা পঞ্চায়তৰ সদস্য সৌম্যা সাথাৰ আৰু নৌছাদে ৷ অতিশীঘ্ৰে এই অঞ্চল পৰিদৰ্শন কৰি এই সমস্যাৰ পৰা পৰিত্ৰাণৰ বিষয়ে গাঁওবাসীক অৱগত কৰিব বুলিও কয় পঞ্চায়ত কৰ্তৃপক্ষই ৷

দীৰ্ঘদিনৰে পৰা এই শামুকৰ উপদ্ৰৱৰ সন্মুখীন হৈ আহিছে গাঁওবাসী ৷ এই সন্দৰ্ভত পূৰ্বৰ কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ৷ কিন্তু শেহতীয়াকৈ নৱ-নিৰ্বাচিত পঞ্চায়তৰ সদস্যসকলে এই সমগ্ৰ বিষয়টোক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে, খেতিপথাৰৰ ধ্বংস কৰাৰ উপৰিও এই শামুকসমূহে গাঁওবাসীৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলাইছে ৷

লগতে পঢ়ক-টীকাকৰণ অভিযানকলৈ মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ শুভেচ্ছা মোডীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.