ETV Bharat / bharat

নীৰজ চোপ্ৰালৈ সন্মান জনাই প্ৰতি বছৰে অনুষ্ঠিত হ’ব জেভলিন থ্ৰ’ প্ৰতিযোগিতা

author img

By

Published : Aug 10, 2021, 6:49 PM IST

টকিঅ' অলিম্পিক(Tokyo Olympics)ত সোণ(Gold)ৰ পদক অৰ্জন কৰি ভাৰতক গৌৰৱান্বিত কৰা নীৰজ চোপ্ৰা(NEERAJ CHOPRA)ৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ৭ আগষ্টত জেভলিন থ্ৰ’ প্ৰতিযোগিতা(Javelin throwing competition) অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে এথলেটিকছ ফেডাৰেচন অৱ ইণ্ডিয়া(Athletics Federation of India)ই ।

AFI to stage javelin throwing competition every year on Aug 7 to honour Neeraj Chopra
নীৰজ চৌপ্ৰালৈ সন্মান জনাই প্ৰতি বছৰে জেভলিন থ্ৰোয়িং প্ৰতিযোগিতা অনুষ্ঠিত কৰিব AFIই

স্পৰ্টছ ডেস্ক, ১০ আগষ্ট : ভাৰতত প্ৰতি বছৰে জেভলিন থ্ৰ' প্ৰতিযোগিতা(Javelin throwing competition) অনুষ্ঠিত কৰিব এথলেটিকছ ফেডাৰেচন অৱ ইণ্ডিয়া(Athletics Federation of India)ই । নীৰজ চোপ্ৰা(NEERAJ CHOPRA)ৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ৭ আগষ্টত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । মঙলবাৰে এথলেটিকছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ পৰিকল্পনা সমিতিৰ অধ্যক্ষ ললিত ভানোটে এই কথা প্ৰকাশ কৰে ।

উল্লেখ্য যে, যোৱা ৭ আগষ্টত টকিঅ' অলিম্পিকৰ জেভলিন থ্ৰ' প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচিছিল নীৰজ চৌপ্ৰাই । অলিম্পিকত জেভলিন থ্ৰ' প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ হৈছে নীৰজ চোপ্ৰা । ৮৭.৫৮ মিটাৰ দূৰলৈ যাঠি দলিয়াই বিজয় নিশ্চিত কৰিছিল নীৰজে ।

অলিম্পিকত দেশক গৌৰৱান্বিত কৰি নীৰজ চোপ্ৰা সোমবাৰে ঘৰলৈ উভিতিছে । নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত খেলুৱৈগৰাকী উষ্ম আদৰণি জনায় শুভাকাংক্ষীয়ে ।

খেলুৱৈগৰাকীয়ে কয় যে, তেওঁ যেতিয়া সোণৰ পদক লাভ কৰিছিল, তেতিয়া তেওঁ বিশ্বাসেই কৰিব পৰা নাছিল । কিয়নো বিশ্বৰ দক্ষ খেলুৱৈৰ বিৰুদ্ধে এই যুঁজ "যথেষ্ট কঠিন" আছিল । নীৰজে কয় যে, প্ৰতিজন খেলুৱৈয়ে অলিম্পিকত পদক জয় কৰাৰ সপোন দেখে ।

বহুতো ভাল ভাল খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকক পিছ পেলাই স্বৰ্ণ পদক নিজৰ কৰিছিল নীৰজে । তেওঁ কয় যে, তেওঁ জয়ী হোৱা বুলি ঘোষণা কৰাৰ পাছতো সেয়া সপোন যেন লাগিছিল । ভাৰতলৈ উভতি আহি ৰাইজৰ পৰা সন্মান পোৱাৰ কিবা এটা কাম কৰা বুলি অনুভৱ হৈছে বুলি তেওঁ জানিবলৈ দিছে ।

২০২০ বৰ্ষত ক'ভিড-১৯ৰ বাবে অলিম্পিক বাতিল কৰা হৈছিল । চলিত বৰ্ষত সকলো সাৱধনতা অৱলম্বন কৰি টকিঅ' অলিম্পিক অনুষ্ঠিত কৰা হৈছিল । টকিঅ' অলিম্পিকত ২০০ খনৰো অধিক দেশৰ প্ৰায় ১১,০০০ গৰাকী খেলুৱৈয়ে প্ৰতিদ্বন্দিতা কৰিছিল । অলিম্পিকত মুঠ সাতটা পদক লাভ কৰিছে ভাৰতে । ইয়াৰ ভিতৰত আছে এটা সোণ, দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক ।

লগতে পঢ়ক : Tokyo Olympics 2020 : ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী তাৰকাসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.