ETV Bharat / bharat

ভৱিষ্যতৰ শংকাত ভুগিছে বহিঃৰাষ্ট্ৰত বাস কৰা আফগানী নাগৰিকে - তালিবানী শাসন

এক বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে বহিঃৰাষ্ট্ৰত বাস কৰা আফগান নাগৰিকসকল ৷ ভাৰতত বাস কৰা তেনে এগৰাকী আফগানী নাগৰিকে উল্লেখ কৰিছে তালিবানী শাসন সন্দৰ্ভত কেতবোৰ বিস্ফোৰক তথ্য ৷

afghans-living-in-india-are-worried-about-their-future-post-taliban-takeover
ভৱিষ্যত হীনতাত বাস কৰিছে বহি:ৰাষ্ট্ৰত বাস কৰা আফগানী নাগৰিকে
author img

By

Published : Aug 16, 2021, 8:45 PM IST

নেশ্বনেল ডেস্ক, 16 আগষ্ট : ভাৰতত বাস কৰা আফগান নাগৰিকসকলে শেহতীয়াকৈ তেওঁলোকৰ দেশখন তালিবানে দখল কৰা ঘটনাক এক গভীৰ ষড়যন্ত্ৰ হিচাপে অভিহিত কৰিছে । বিগত চাৰি বছৰ ধৰি শৰণাৰ্থী হিচাপে ভাৰতত বাস কৰি থকা আফগান নাগৰিক আব্দুল ফাতেহে কয় যে, তেওঁ চিকিৎসাৰ বাবে ভাৰতলৈ আহিছিল আৰু তেতিয়াৰে পৰা ভাৰততে আছে । তেওঁ কয় যে তেওঁ বিশ্বাস কৰে, আফগানিস্তানৰ মানুহে কেতিয়াও তালিবানী শাসন গ্ৰহণ নকৰে ।

ভৱিষ্যত হীনতাত বাস কৰিছে বহি:ৰাষ্ট্ৰত বাস কৰা আফগানী নাগৰিকে

তেওঁ লগতে কয় যে, আফগানিস্তানত এতিয়া স্বাভাৱিক জীৱন যাত্ৰা সম্ভৱ নহয় ৷ মানুহৰ ওপৰত জোৰ কৰি নীতি-নিয়ম জাপি দিয়া হৈছে । আব্দুল ফাতেহে লগতে কয় যে, বৰ্তমান তেওঁ নিজৰ দেশত জীৱন যাপন কৰিব নোৱাৰে । তেওঁ লগতে কয় যে মানুহে এতিয়া তালিবানৰ আদেশ অনুসৰণ কৰিব লাগিব যি তালিবানৰ মানৱ অধিকাৰৰ প্ৰতি ক’তো কোনো ধৰণৰ সন্মান নাই ।

আব্দুল ফাতেহৰ মতে তেওঁৰ আশ্ৰাফ ঘানি(Ashraf Ghani)ৰ শাসন বা আফগানিস্তানৰ নিৰাপত্তা বাহিনী(Afghan security forces)ৰ সৈতে কোনো সমস্যা নাই ৷ কিন্তু, তেওঁ বিশ্বাস কৰে যে, তেওঁৰ দেশৰ বিৰুদ্ধে এটা ডাঙৰ ষড়যন্ত্ৰ সংঘটিত হৈছে ৷ এই ষড়যন্ত্ৰত কেইবাখনো দেশ জড়িত হৈ থাকিব পাৰে ।

তেওঁ লগতে কয় যে, পাকিস্তান আৰু ইৰাণৰ দৰে দেশে শান্তিপূৰ্ণ আৰু স্থিৰ অৱস্থাত আফগানিস্তান থকাটো সহ্য কৰিব নোৱাৰে ৷ সেয়েহে শক্তিশালী সেনা আৰু আৰক্ষী বাহিনী থকা স্বত্বেও দেশখন তালিবানৰ হাতত পৰাজয়ৰ সন্মুখীন হৈছে ৷ আব্দুল ফাতাহে সোমবাৰে দিল্লীৰ আফগানিস্তান দূতাবাসলৈ গৈ দেশখনত চলি থকা পৰিস্থিতিৰ বিষয়ে সোধ-পোছ কৰে । আব্দুল ফাতাহৰ দৰে বহু আফগান নাগৰিক সম্প্ৰতি এক বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সন্মুখীন হৈ তেওঁলোকৰ ভৱিষ্যতক লৈ চিন্তাত পৰিছে ।

লগতে পঢ়ক : আফগানিস্তানত আৱদ্ধ পৰিয়ালক লৈ চিন্তিত ক্ৰিকেটাৰ ৰাছিদ খান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.