নিউজ ডেস্ক, 28 মে': পতঞ্জলি ব্ৰেণ্ডৰ নাম ব্যৱহাৰ কৰি ভেজাল মিঠাতেল বিক্ৰী কৰাৰ অভিযোগত প্ৰশাসনে জব্দ কৰিলে কিষাণগড়বাঁচ অঞ্চলৰ খেৰথলৰ এটা কাৰখানা ৷ অভিযোগ অনুসৰি, অঞ্চলটোৰ সিংহানিয়া তেল মিলত বাবা ৰামদেৱৰ পতঞ্জলি ব্ৰেণ্ডৰ নামত ভেজাল সৰিয়হৰ তেল পেকিং কৰি অহা হৈছিল ৷
এই খবৰ লাভ কৰাৰ পাচতে প্ৰশাসনে সিংহানিয়া তেল কাৰখানাত অভিযান চলাই পতঞ্জলিৰ নামত ভুৱা তেল বিক্ৰীৰ অভিযোগত তেলৰ মিলটো জব্দ কৰে লগতে কাৰখানাটোৰ পৰা বৃহৎ পৰিমাণৰ পতঞ্জলি ব্ৰেণ্ডৰ পেকিং সামগ্ৰী উদ্ধাৰ কৰে ৷
অভিযোগ অনুসৰি, খেৰথলৰ এই কাৰখানাটোৰ পৰা বৃহৎ পৰিমাণৰ তেল ৰামদেৱৰ পতঞ্জলি কোম্পানীলৈ প্ৰেৰণ কৰা হয় আৰু এই তেলত পতঞ্জলিয়ে নিজৰ মোহৰ লগাই বিক্ৰী কৰে ৷ এই অভিযোগ উত্থাপন হোৱাৰ পাচতে জিলা উপায়ুক্ত নন্নুমল পাহাড়িয়াই তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণ কৰি আলৱাৰৰ উপ-বিভাগীয় বিষয়া যোগেশ ডাগুৰৰ নেতৃত্বত এখন তিনি জনীয়া সমিতি গঠন কৰিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, জিলা উপায়ুক্তগৰাকীয়ে পতঞ্জলিৰ সৈতে সম্পৰ্কিত সৰিয়হৰ তেলৰ বটল আৰু বটলৰ ষ্টিকাৰ আদি বিভিন্ন সামগ্ৰী খেৰতলস্থিত সিংহানিয়া তেল মিলত পৰি থকাৰ খবৰ লাভ কৰিছিল ৷ এই সন্দৰ্ভত উপ-বিভাগীয় বিষয়া ডাগুৰে কিষাণগড়বাঁচৰ এছডিঅ' মুকুট চৌধুৰীক অৱগত কৰে ৷
ইয়াৰ পাচতে চৌধুৰীৰ নেতৃত্বত নিশা 9 বজাত আৰক্ষীয়ে সিংহানিয়া তেল কাৰখানাত অভিযান চলাই মেচিনত মেৰিয়াই থোৱা অৱস্থাত পতঞ্জলিৰ বটলৰ ষ্টিকাৰ, বটল তথা অন্যান্য সামগ্ৰীসমূহ জব্দ কৰে ৷
উল্লেখ্য যে, এছডিঅ' চৌধুৰীৰ নিৰ্দেশতে কাৰখানাটো ছীল কৰাৰ লগতে আৰক্ষীৰ পহৰাৰ ব্যৱস্থা কৰা হৈছে ৷ এই ঘটনাৰ পাচতে তেল কাৰখানাটোৰ লোকসকল যথেষ্ট উত্তেজিত হৈ পৰা পৰিলক্ষিত হয় ৷ ইয়াৰ বিপৰীতে আৰক্ষী আৰু প্ৰশাসনে সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে ৷
তাৎপৰ্যপূৰ্ণভাৱে, পতঞ্জলি ব্ৰেণ্ডৰ সৰিয়হ তেলৰ বিজ্ঞাপনত খাদ্য তেল সংগঠনে ইতিমধ্যে আপত্তি দৰ্শাইছিল ৷ পতঞ্জলিয়ে নিজৰ এটা বিজ্ঞাপনত পতঞ্জলিৰ বাদে সকলো কেঁচা সৰিয়হৰ তেল ভেজাল বুলি দাবী কৰাৰ পৰিপ্ৰেক্ষিততে খাদ্য তেল সংগঠনে উক্ত বিজ্ঞাপনত আপত্তি দৰ্শাইছিল ৷
অৱশ্যে, আলৱাৰ কাণ্ডৰ সৈতে এই আপত্তিৰ কোনো সম্পৰ্ক নাই ৷ কাৰাখানাটোত মিঠাতেল ভেজালৰ অভিযোগ লাভ কৰাৰ পাচতে জিলা উপায়ুক্তগৰাকীয়ে নিজে ঘটনাস্থলী উপস্থিত হৈ এক অভিযান চলায় ৷
প্ৰাপ্ত তথ্য অনুসৰি, প্ৰশাসনে মিঠাতেলৰ বটল পেকিং কৰা ষ্টিকাৰ আৰু নমুনা সংগ্ৰহ কৰিছে ৷ এই নমুনাসমূহ পৰীক্ষাৰ পাচতহে ভেজালীকৰণৰ সন্দৰ্ভত সম্পূৰ্ণ তথ্য পোহৰলৈ আহিব ৷ সম্পূৰ্ণ তথ্য পোহৰলৈ নহা পৰ্যন্ত প্ৰশাসনে কাৰখানাটো বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৷
লগতে পঢ়ক: বাংলাদেশৰ যুৱতী নিৰ্যাতন : আৰক্ষীৰ জালত ৪ অভিযুক্ত