ETV Bharat / bharat

ৰাজনৈতিক দল গঠন নকৰে অভিনেতা ৰজনীকান্তে

author img

By

Published : Dec 29, 2020, 12:30 PM IST

Updated : Dec 29, 2020, 1:28 PM IST

অভিনেতা ৰজনীকান্তৰ ইউ টাৰ্ণ ৷ ৰাজনৈতিক দল গঠন নকৰাৰ সিদ্ধান্ত ৰজনীকান্তৰ ৷ মঙলবাৰে অভিনেতা গৰাকীয়ে এই কথা ঘোষণা কৰে ৷ স্বাস্থ্যজনিত কাৰণত ৰাদজনৈতিক দল গঠন নকৰাৰ সিদ্ধান্ত অভিনেতা গৰাকীৰ ৷

Rajinikant political entry
ৰাজনৈতিক দল গঠন নকৰে অভিনেতা ৰজনীকান্তে

নেচনেল ডেস্ক, 29 ডিচেম্বৰ: স্বাস্থ্যজনিত কাৰণত ৰাজনৈতিক দল গঠন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তে ৷ মঙলবাৰে অভিনেতা গৰাকীয়ে এই কথা ঘোষণা কৰে ৷ দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তে 2021 চনৰ তামিলনাডুৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিজাববীয়াকৈ এটা ৰাজনৈতিক দলৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছিল ৷

উল্লেখ্য যে 25 ডিচেম্বৰত হায়দৰাবাদৰ এপল' চিকিৎসালয়ত থলাইভা খ্যাত চুপাৰষ্টাৰ ৰজনীকান্তক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ এপল' চিকিৎসালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে ৰক্তচাপৰ তাৰতম্য হোৱাৰ ফলতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ ছবিৰ দৃশ্যগ্ৰহণত ব্যস্ত থকাৰ সময়তে ৰক্তচাপৰ তাৰতম্য হোৱাৰ ফলত 25 ডিচেম্বৰৰ ৰাতিপুৱা তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷

দেওবাৰে হায়দৰাবাদস্থিত এপ’লো হাস্পতালৰ পৰা অভিনেতা ৰজনীকান্তে অব্যাহতি লাভ কৰে ৷ ৰক্তচাপ সম্বন্ধীয় আৰু স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে হাস্পতালত ভৰ্তি হোৱাৰ দুদিন পাছত হাস্পতাল কৰ্তৃপক্ষই অভিনেতা গৰাকীক অব্যাহতি দিয়ে ৷

লগতে পঢ়ক:পৰম্পৰাগতভাৱে আৰতীৰে ৰজনীকান্তক স্বাগতম পত্নীৰ : ফটো ভাইৰেল

Last Updated : Dec 29, 2020, 1:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.