ETV Bharat / bharat

Congress Bharat Jodo Yatra: ৰাহুল গান্ধীৰ সমৰ্থনত কামাল হাছান - দক্ষিণৰ চুপাৰষ্টাৰ কামাল হাছান

ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো যাত্ৰা'ই দিল্লীত বিপুল সমৰ্থন লাভ কৰিছে । চলচ্চিত্ৰ ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তিসকলেও সমৰ্থন আগবঢ়াইছে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত ৷ এইবাৰ অভিনেতা আৰু দক্ষিণৰ চুপাৰষ্টাৰ কামাল হাছানে সমৰ্থন আগবঢ়াইছে ভাৰত জোড়ো যাত্ৰাত(Actor Kamal Haasan joins Bharat Jodo Yatra with Rahul Gandhi) ৷

actor-kamal-haasan-joins-bharat-jodo-yatra-with-rahul-gandhi
ৰাহুল গান্ধীৰ সমৰ্থনত কামাল হাছান
author img

By

Published : Dec 24, 2022, 9:17 PM IST

ৰাহুল গান্ধীৰ সমৰ্থনত কামাল হাছান

নিউজ ডেস্ক, 24 ডিচেম্বৰ: ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই শনিবাৰে দেশৰ ৰাজধানী দিল্লীত উপস্থিত হয় । তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা ১০৮ দিন পূৰ্বে আৰম্ভ হোৱা এই যাত্ৰা কাশ্মীৰত সমাপ্ত হ'ব । কংগ্ৰেছ নেতাগৰাকীয়ে এই যাত্ৰাৰ সময়ত চলচ্চিত্ৰ ব্যক্তিত্বসকলৰ পৰাও যথেষ্ট সমৰ্থন লাভ কৰিছে(Celebs Join Bharat Jodo Yatra) । অভিনেতা পূজা ভাট, স্বৰা ভাস্কৰ, টিভি অভিনেতা সুশান্ত সিঙৰ পাছত এইবাৰ চলচ্চিত্ৰ অভিনেতা তথা দক্ষিণৰ চুপাৰষ্টাৰ কামাল হাছানে ভাৰত জোড়ো যাত্ৰাত সমৰ্থন আগবঢ়াইছে(Huge support for Bharat Jodo Yatra in Delhi ) ৷

ভাৰত জোড়ো যাত্ৰা শনিবাৰে দিল্লীত উপস্থিত হোৱাৰ সময়ত দক্ষিণৰ চুপাৰষ্টাৰ কামাল হাছানক ৰাহুল গান্ধীৰ লগত এই যাত্ৰাত খোজকাঢ়ি যোৱা দেখা গৈছিল(Actor Kamal Haasan joins Bharat Jodo Yatra) । কামাল হাছানে ৰাহুল গান্ধীৰ সৈতে লালকিল্লালৈ খোজকাঢ়ি গৈ মঞ্চৰ পৰা জনতাক সম্বোধন কৰিছিল । দক্ষিণৰ চুপাৰষ্টাৰগৰাকীয়ে কোনো মিত্ৰতাৰ উদ্দেশ্যৰে নহয়, ৰাহুল গান্ধীৰ উদ্দেশ্যৰ দ্বাৰা অনুপ্ৰাণিত হৈহে এই ভাৰত জোড়ো যাত্ৰাত সমৰ্থন দিবলৈ আগবাঢ়ি অহাৰ কথা সদৰী কৰে ৷

actor-kamal-haasan-joins-bharat-jodo-yatra-with-rahul-gandhi
ৰাহুল গান্ধীৰ সমৰ্থনত কামাল হাছান

তেওঁ এজন ভাৰতীয় হোৱাৰ বাবে তেওঁৰ কৰ্তব্য পালন কৰিবলৈ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ অহাৰ কথা জানিবলৈ দিয়ে ৷ কামাল হাছানে লালকিল্লাৰ মঞ্চৰ পৰা ভাষণ দিয়াৰ সময়ত এই যাত্ৰাত ৰাহুল গান্ধীৰ উপৰিও কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাজ্যিক কংগ্ৰেছৰ সভাপতি অনিল চৌধুৰী, জয়ৰাম ৰমেশৰ লগতে অন্যান্য জ্যেষ্ঠ নেতাসকল উপস্থিত আছিল । আনহাতে কংগ্ৰেছৰ সমৰ্থকসকলে সেই সময়ত লালকিল্লাৰ পিছফালৰ প্ৰাচীৰৰ পৰা ত্ৰিৰংগা উৰুৱাই আছিল ।

কামাল হাছান

যাত্ৰাত যোগদান কৰাৰ পূৰ্বে কামাল হাছানে এটা ভিডিঅ' শ্বেয়াৰ কৰি জনায় যে ৰাহুল গান্ধীয়ে তেওঁক ৰাজনীতিবিদ হিচাপে নহয়, ভাৰতৰ নাগৰিক হিচাপে যাত্ৰাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে । সেইকাৰণে তেওঁ দিল্লীলৈ আহিছে । কামাল হাছানে দিল্লীৰ আইটিঅ' চাৰিআলিত ৰাহুল গান্ধীৰ নেতৃত্বত অহা ভাৰত জোড়ো যাত্ৰাত যোগদান কৰিছিল ৷ ৰাহুল গান্ধী আৰু কামাল হাছানৰ এই পদযাত্ৰাৰ ফটো ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে ৷

অভিনেতা কামাল হাছানৰ উপৰিও স্বাধীনতা সংগ্ৰামীসকলৰ পৰিয়ালৰ সদস্য আৰু কংগ্ৰেছৰ শীৰ্ষ নেতাসকলেও ৰাহুল গান্ধীৰ এই যাত্ৰাত যোগদান কৰে । কামাল হাছানে বৰ্তমান ইণ্ডিয়ান ২ ছবিৰ দৃশ্যগ্ৰহণত ব্যস্ত আছে । তেওঁ শ্বুটিঙৰ পৰা সময় উলিয়াই ৰাহুল গান্ধীৰ নেতৃত্বত অহা ভাৰত জোড়ো যাত্ৰাত যোগদান কৰে ।

লগতে পঢ়ক: Bharat Jodo Yatra: দিল্লীত প্ৰৱেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.