নেশ্যনেল ডেস্ক, 15 মে’: দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা তথ্য অনুসৰি, বিগত 24 ঘণ্টাত 2,487 ব্যক্তি কৰ’ণাৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ ইয়াৰ লগে লগে দেশত মুঠ আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰে 4,31,21,599 ৰ ঘৰ ৷
ইয়াৰ বিপৰীতে সক্ৰিয় আক্ৰান্তৰ সংখ্যা 17,692 গৰাকীলৈ হ্ৰাস পায় ৷ সক্ৰিয় আক্ৰান্তৰ হাৰ মুঠ সংক্ৰমণৰ 0.04 শতাংশ ৷ আনফালে, আৰোগ্যৰ হাৰ 98.74 শতাংশ ৷
মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি, দৈনন্দিন আক্ৰান্তৰ 0.61 শতাংশ আৰু সাপ্তাহিক আক্ৰান্তৰ হাৰ 0.62 শতাংশ ৷ ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 4,25,79,693 গৰাকীলৈ বৃদ্ধি হৈছে ৷ তদুপৰি মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 5,24,214 লৈ ৷ বিগত 24 ঘণ্টাত মৃত্যু ঘটিছে 13 গৰাকী লোকৰ ৷ সম্প্ৰতি দেশত কৰ’ণা আক্ৰান্তৰ মৃত্যুৰ হাৰ হৈছে 1.22 শতাংশ ।
উল্লেখ্য যে, দেশজুৰি চলা ক’ভিড-19 টীকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে প্ৰদান কৰা হৈছে 191.32 কোটি পালি প্ৰতিষেধক ৷
ভাৰতৰ ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যাই 2020 চনৰ 7 আগষ্টত 20 লাখ, 23 আগষ্টত 30 লাখ, 5 ছেপ্তেম্বৰত 40 লাখ আৰু 16 ছেপ্তেম্বৰত 50 লাখৰ সীমা অতিক্ৰম কৰিছিল । পৰৱৰ্তী সময়ত 28 ছেপ্তেম্বৰত 60 লাখ, 11 অক্টোবৰত 70 লাখ, 29 অক্টোবৰত 80 লাখ, 20 নৱেম্বৰত 90 লাখ আৰু 19 ডিচেম্বৰত এক কোটিৰ সীমা অতিক্ৰম কৰে ।
দেশত 4 মে'ত দুই কোটি আৰু যোৱা বছৰৰ 23 জুনত তিনি কোটিৰ সৰ্বাধিক আক্ৰান্তৰ সীমা অতিক্ৰম কৰিছিল । বিগত 24 ঘণ্টাত মৃত্যু হোৱা 13 গৰাকী লোকৰ ভিতৰত কেৰালাৰ 8 গৰাকী, দিল্লীৰ 4 গৰাকী আৰু মহাৰাষ্ট্ৰৰ এগৰাকী ব্যক্তি থকা বুলি জানিব পৰা গৈছে ।