নিউজ ডেস্ক, 7 নৱেম্বৰ: মধ্যপ্ৰদেশৰ উজ্জেনত এচিড আক্ৰমণৰ বলি হোৱা এগৰাকী মহিলাই মৃত্যুৰে যুঁজি অৱশেষত শনিবাৰে মৃত্যুৰ ওচৰত হাৰ মানে ৷ এই ঘটনাৰ অভিযুক্ত আৰু এচিড বিক্ৰি কৰা দোকানী দুয়ো বৰ্তমান জেলত আছে ৷ আৰক্ষীয়ে এতিয়া অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছে ৷ মহিলাগৰাকীৰ লগত লিভ-ইন-ৰিলেশ্বনশ্বিপত থকা ব্যক্তিয়েই 4 নৱেম্বৰত মহিলাগৰাকীৰ ওপৰত এচিড ঢালি দিছিল ৷
বিগত তিনিদিন ধৰি এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত ভুক্তভোগী মহিলাগৰাকীৰ চিকিৎসা চলি আছিল ৷ অৱশেষত শনিবাৰে মৃত্যুৰ ওচৰত হাৰ মানিবলগীয়া হয় মহিলাগৰাকীয়ে ৷ মহিলাগৰাকী বিগত 13 বছৰৰ পৰা অভিযুক্ত মুকেশ শৰ্মাৰ সৈতে লিভ-ইন-ৰিলেশ্বনশ্বিপত আছিল ৷
লগতে পঢ়ক : বিধায়কৰ কথা মানি বিপাঙত ডিব্ৰুগড়বাসী