ETV Bharat / bharat

Kerala murder case : মালিকনীক হত্যা কৰি পলায়ন, ২৭ বছৰৰ পাছত পুনৰ গ্ৰেপ্তাৰ পৰিচাৰিকা

author img

By

Published : Jun 26, 2023, 3:21 PM IST

Updated : Jun 26, 2023, 8:10 PM IST

১৯৯০ চনতে সংঘটিত হৈছিল নিৰ্মম হত্যাকাণ্ড । অভিযুক্তক গ্ৰেপ্তাৰ কৰি ১৯৯৬ চনত যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছিল । তেতিয়াৰ পৰা পলায়ন কৰি আছিল অভিযুক্ত । অৱশেষত আৰক্ষীৰ জালত অভিযুক্তগৰাকী ।

Murder arrested after 27 years
মালিকনীত হত্যা কৰি পলায়ন

নেশ্যনেল ডেস্ক,২৬ জুন : অৱশেষত গ্ৰেপ্তাৰ হ'ল ২৭ বছৰ পূৰ্বে পলায়ন কৰা হত্যাৰ অভিযুক্ত মহিলা । মহিলাগৰাকীৰ বিৰুদ্ধে মালিকনীক হত্যা কৰাৰ অভিযোগ আছে । মাভেলিক্কাৰা আৰক্ষীয়ে দেওবাৰে অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে । কেৰালাৰ মাভেলিক্কাৰা আলাপুঝা জিলাৰ মাৰিয়াম্মা নামৰ ৬১ বছৰীয়া এগৰাকী মহিলাৰ হত্যাৰ সৈতে জড়িত এই গোচৰটো ।

উল্লেখ্য যে ১৯৯০ চনৰ ২১ ফেব্ৰুৱাৰীত এই হত্যাকাণ্ড সংঘটিত হৈছিল । মাৰিয়াম্মাক ঘৰৰ ভিতৰতে মৃত অৱস্থাত উদ্ধাৰ কৰা গৈছিল । পাকঘৰত ব্যৱহৃত চোকা অস্ত্ৰৰে মাৰিয়াম্মাৰ ডিঙিত আঘাত কৰিছিল যাৰ বাবে তেওঁৰ মৃত্যু হৈছিল । আনকি মাৰিয়াম্মাৰ হত্যাকাৰীয়ে সোণৰ চেইন চুৰি কৰি লৈ গৈছিল, কাণ কাটি কাণফুলীও লৈ গৈছিল । আনকি মাৰিয়াম্মাক ৯ বাৰকৈ ছুৰিকাঘাত কৰা হৈছিল ।

এই হত্যাৰ মূল অভিযুক্ত আছিল মাৰিয়াম্মাৰ ঘৰত কাম কৰা মহিলাগৰাকী । প্ৰথমে কোনেও এই কথা বিশ্বাস কৰা নাছিল কিয়নো মাৰিয়াম্মাই তেওঁক নিজৰ কন্যা হিচাপে ভাবিছিল । আৰক্ষীয়ে তদন্ত চলায় মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছিল । ১৯৯৩ চনত মাভেলিক্কাৰা অতিৰিক্ত জিলা সত্ৰ আদালতে মহিলাগৰাকীক সন্দেহৰ আৱৰ্তত ৰাখি নিৰ্দোষী সাব্যস্ত কৰে । তাৰ পাছত ১৯৯৬ চনৰ ১১ ছেপ্টেম্বৰত উচ্চ ন্যায়ালয়ে অভিযোগকাৰীৰ দ্বাৰা দাখিল কৰা আপীলত তেওঁক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে ।

এই শুনানিৰ কেইঘণ্টামানৰ ভিতৰতে অভিযুক্ত মহিলাগৰাকীয়ে পলায়ন কৰে । তাৰ পাছতে আৰক্ষীয়ে তামিলনাডু, দিল্লী, অন্ধ্ৰ প্ৰদেশ আৰু কেৰালাকে ধৰি বিভিন্ন স্থানত অভিযান চলাইছিল । কিন্তু মহিলাগৰাকীক বিচাৰি উলিয়াব পৰা নাছিল । ইয়াৰ পাছত মাভেলিক্কাৰা অতিৰিক্ত জিলা আৰু সত্ৰ আদালতে হত্যাকাণ্ডৰ ৩৩ বছৰ পাছত আৰু দোষী সাব্যস্ত হোৱাৰ ২৭ বছৰ পাছত গোচৰটোত অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰৰ বাবে ৱাৰেণ্ট জাৰি কৰে । পৰৱৰ্তী সময়ত চেঙ্গান্নুৰৰ ডিৱাইএছপি এম কে বিনুকুমাৰৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হয় য'ত মাভেলিক্কাৰা আৰক্ষী পৰিদৰ্শক চি শ্ৰীজিত, জ্যেষ্ঠ অসামৰিক আৰক্ষী বিষয়া উন্নিকৃষ্ণ পিল্লাই, মুহাম্মাদ চফিকু আৰু অৰুণ ভাস্কৰক অন্তৰ্ভুক্ত কৰা হয় ।

আৰক্ষীৰ তদন্ত দেখা গৈছিল যে পলাতক অভিযুক্ত মহিলাগৰাকী অন্য নামেৰে কোট্টায়াম জিলাৰ কেইবা ঠাইত পৰিচাৰিকা হিচাপে কাম কৰিছিল আৰু তামিলনাডুৰ এগৰাকী শ্ৰমিকৰ সৈতে বিবাহপাশত আবদ্ধ হৈ তামিলনাডুলৈ গৈছিল । অনুসন্ধানৰ মাজতে আৰক্ষীয়ে তথ্য লাভ কৰিছিল যে পলাতক মহিলাগৰাকীয়ে এৰ্নাকুলামত তেওঁৰ পৰিয়ালৰ সৈতে আছিল । লগে লগে বিশেষ তদন্তকাৰী দল তাত উপস্থিত হৈ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক :Man slits a persons throat in karnataka : পাৰিবাৰিক সংঘাতৰ বাবেই ডিঙি কাটি তেজ খোৱাৰ চেষ্টা !

Last Updated : Jun 26, 2023, 8:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.