ETV Bharat / bharat

Tripura Municipal Elections: ভোটগ্ৰহণৰ পাছতে ত্ৰিপুৰা আৰক্ষীৰ প্ৰতিক্ৰিয়া - ত্ৰিপুৰাৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ

বৃহস্পতিবাৰে সম্পন্ন হৈছে ত্ৰিপুৰা পৌৰ নিগম নিৰ্বাচন (Tripura Municipal Elections)ৰ ভোটগ্ৰহণ । কোনো কোনো ঠাইত কেইবাটাও আইন শৃংখলাজনিত ঘটনা সংঘটিত হোৱা দেখা গৈছে এই সময়ত । কিন্তু আৰক্ষীৰ মতে কোনো বিক্ষিপ্ত ঘটনা হোৱা নাই ৰাজ্যখনত । অৱশ্যে বিভিন্ন স্থানত হোৱা অপ্ৰীতিকৰ পৰিৱেশৰ মাজতে ৯৮গৰাকী লোকক আটক কৰিছে আৰক্ষীয়ে ।

Tripura Municipal Election
ভোটগ্ৰহণৰ পাছতে ত্ৰিপুৰা আৰক্ষীৰ প্ৰতিক্ৰিয়া
author img

By

Published : Nov 26, 2021, 11:13 AM IST

আগৰতলা, ২৬ নৱেম্বৰ : তীব্ৰ উত্তেজনাৰ মাজত বৃহস্পতিবাৰে সম্পন্ন হৈছে ত্ৰিপুৰাৰ পৌৰ নিগম নিৰ্বাচন (Tripura municipal elections)ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । বিভিন্ন দলে অভিযোগ কৰা মতে ৰাজ্যখনৰ কেইবাটাও স্থানত বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে । কিন্তু ত্ৰিপুৰা আৰক্ষীয়ে দাবী কৰা মতে কিছুমান সৰু ঘটনাৰ বাহিৰে নিৰ্বাচনত কোনো ডাঙৰ বা বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই ।

সহকাৰী আৰক্ষী মহাপৰিদৰ্শক সুব্ৰত চক্ৰৱৰ্তীৰ দ্বাৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে চেপাহিজালা জিলাৰ আগৰতলা আৰু মেলাঘৰত সংঘটিত কিছুমান ঘটনাৰ বাহিৰে ৰাজ্যখনৰ কোনো প্ৰান্ততে ডাঙৰ ঘটনাৰ খবৰ অহা নাই । ভোটাৰসকলে বিনা অসুবিধাই মুক্তভাৱে ভোটদান কৰিব পাৰিছে । আগৰতলাৰ এটা ঘটনাত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ এগৰাকী প'লিং এজেণ্ট আঘাতপ্ৰাপ্ত হৈছে । এই ঘটনাৰ সৈতে জড়িত দুজন লোকক ইতিমধ্যে আৰক্ষী আটক কৰিছে বুলি জনাইছে আৰক্ষীয়ে ।

মেলাঘৰৰ আন এক ঘটনাত ৪ নং ৱাৰ্ডৰ চিপিআই(এম)ৰ এজন প্ৰাৰ্থীয়ে অভিযোগ কৰা মতে তেওঁক বিজেপি সমৰ্থকৰ এটা দলে আক্ৰমণ কৰিছে আৰু বুথৰ পৰা বাহিৰলৈ খেদি পঠিয়াইছে । মেলাঘৰ আৰক্ষী থানাত পাঁচটাকৈ গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে গোচৰটোৰ তদন্ত অব্যাহত ৰাখিছে ।

আনহাতে, এনচিচি আৰক্ষী থানাৰ অন্তৰ্গত ইন্দ্ৰনগৰ উচ্চ বিদ্যালয় আৰু সোনামুৰা নগৰ পঞ্চায়তৰ ৫ নং ৱাৰ্ডত কিছুমান দুৰ্বৃত্তই ইভিএমৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিছিল যাৰ বাবে কিছু সময়ৰ বাবে ভোটদান প্ৰক্ৰিয়া স্থগিত ৰখা হৈছিল । অৱশ্যে বিভাগীয় কৰ্তৃপক্ষৰ হস্তক্ষেপৰ পাছতে ভোটদান প্ৰক্ৰিয়া পুনৰ আৰম্ভ হৈছিল । ইয়াৰ মাজতে ভোটাৰসকলক ভাবুকি দিয়াৰো কিছুমান অভিযোগ আহিছে । বিবৃতিত উল্লেখ কৰা মতে বিভিন্ন স্থানত প্ৰাৰ্থী, প'লিং এজেণ্ট আদিৰ সমস্যা আৰক্ষীয়ে সঠিক সময়ত সমাধান কৰিবলৈ সক্ষম হৈছে ।

আৰক্ষীয়ে জনোৱা মতে প্ৰায় ৯৮ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে । নিৰ্বাচনী বিধি উলংঘনৰ অভিযোগত বাহিৰৰ প্ৰায় ৪১ গৰাকী,তৃণমূল কংগ্ৰেছৰ ৩২ গৰাকী সমৰ্থক আৰু চিপিআই(এম)ৰ ২৫ গৰাকী সমৰ্থকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । অৱশ্যে পৰৱৰ্তী সময়ত সকলোকে মুকলি কৰি দিয়া হয় । সেয়ে আৰক্ষীৰ মতে সমগ্ৰ ভোটদান প্ৰক্ৰিয়াটো একপ্ৰকাৰ শান্তিপূৰ্ণভাৱে সম্পন্ন হৈছে । ইফালে ভোট গণনাৰ দিনটোৰ প্ৰতি লক্ষ্য ৰাখি ত্ৰিপুৰা আৰক্ষীয়ে অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ কথা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:Violence in Tripura Civic body election : পুনৰ নিৰ্বাচনৰ দাবী তৃণমূলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.