ETV Bharat / bharat

দেশত এতিয়াও উপলব্ধ ১.৬৭ কোটিৰো অধিক ক'ভিড প্ৰতিষেধক - প্ৰতিষেধক যোগান

সমগ্ৰ দেশতে অব্যাহত আছে টীকাকৰণ অভিযান । কিন্তু, বিভিন্ন ঠাইত প্ৰতিষেধকৰ অভাৱ হোৱাৰ অভিযোগ উত্থাপিত হৈছে । অৱশ্যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰতিষেধকৰ নাটনি হোৱাৰ কথা নস্যাৎ কৰি আহিছে । এই সন্দৰ্ভত বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰে যে, ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ব্যক্তিগত চিকিৎসালয়সমূহত এতিয়াও ১.৬৭ কোটিৰো অধিক ক'ভিড-১৯ প্ৰতিষেধকৰ পালি মজুত আছে ।

Health Ministry on COVID-19 vaccine doses availability
ক'ভিড প্ৰতিষেধকৰ উপলব্ধতা সন্দৰ্ভত তথ্য প্ৰকাশ কৰিলে স্বাস্থ্য মন্ত্ৰালয়ে
author img

By

Published : Jul 7, 2021, 1:59 PM IST

নেশ্যনেল ডেস্ক, ৭ জুলাই: এফালে ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ দেশত টীকাকৰণ অভিযান দ্ৰুত গতিত সম্পন্ন কৰাৰ পৰিকল্পনা কৰা হৈছে, আনফালে দেশৰ ভিন্ন প্ৰান্তত প্ৰতিষেধকৰ নাটনি হোৱাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰতিষেধকৰ বাবে টীকাকৰণ কেন্দ্ৰলৈ ২-৩ ধৰি অহা-যোৱা কৰাৰ পাচতো বহু লোকে প্ৰতিষেধক লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

এনে সময়তে ক'ভিড-১৯ প্ৰতিষেধক সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে । মন্ত্ৰালয়ে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ব্যক্তিগত চিকিৎসালয়সমূহত এতিয়াও ১,৬৭,২৬,৬১৩ৰো অধিক ক'ভিড-১৯ প্ৰতিষেধকৰ পালি মজুত আছে । মন্ত্ৰালয়ে লগতে কয় যে, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বৰ্তমানলৈকে প্ৰতিষেধকৰ ৩৭,৪৩,২৫,৫৬০টা পালি যোগান ধৰা হৈছে আৰু ৪৮,৬৫,১১০টা পালি শীঘ্ৰেই প্ৰেৰণ কৰা হ'ব ।

পুৱা ৮ বজাত মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে, এতিয়ালৈকে যোগান ধৰা প্ৰতিষেধকৰ ভিতৰত অপচয়সহ মুঠ ৩৫,৭৫,৯৮,৯৪৭টা পালি ব্যৱহাৰ হৈছে । কেন্দ্ৰই সমগ্ৰ দেশতে ক'ভিড-১৯ টীকাকৰণ অভিযানৰ গতি তৰান্বিত কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল । ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত প্ৰতিষেধকৰ উপলব্ধতা সুনিশ্চিত কৰি সময়মতে, প্ৰতিষেধক যোগান ধৰি টীকাকৰণ অভিযান অব্যাহত ৰখা হৈছে ।

কেন্দ্ৰই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বিনামূলীয়াকৈ প্ৰতিষেধক যোগান ধৰি মহামাৰীৰ বিৰুদ্ধে এই যুঁজত সমৰ্থন কৰি আহিছে । এইবাৰ কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিষেধক নিৰ্মাতাসকলে প্ৰস্তুত কৰা প্ৰতিষেধকৰ ৭৫ শতাংশ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে ক্ৰয় কৰিব আৰু বিনামূলীয়াকৈ যোগান ধৰিব । কেন্দ্ৰৰ এই সমৰ্থনে মহামাৰীয়ে প্ৰভাৱিত কৰা ৰাজ্যসমূহক যথেষ্ট সহায় কৰাৰ লগতে বৰ্তমান প্ৰতিষেধকৰ বাবে হাহাকাৰ কৰি থকা লোকসকলেও সময়মতে প্ৰতিষেধক লাভ কৰিব ৷

লগতে পঢ়ক:মমতা বেনাৰ্জীক 5 লাখ টকাৰ জৰিমনা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.