ETV Bharat / bharat

Manipur video case : মণিপুৰৰ বিষয়ক লৈ পাঞ্জাৱত আম আদমি পাৰ্টীৰ প্ৰতিবাদ - Manipur video case

মণিপুৰৰ বিষয়ক লৈ পাঞ্জাৱত প্ৰতিবাদ । আম আদমি পাৰ্টীয়ে বিজেপিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে । আপৰ মন্ত্ৰী, বিধায়কেও অংশগ্ৰহণ কৰে প্ৰতিবাদত । প্ৰতিবাদকাৰীসকলক বাধা চণ্ডিগড় আৰক্ষীৰ ।

Manipur video case
মণিপুৰৰ বিষয়ক লৈ পাঞ্জাৱত আম আদমি পাৰ্টীৰ প্ৰতিবাদ
author img

By

Published : Jul 25, 2023, 4:04 PM IST

নেশ্যনেল ডেস্ক,২৫ জুলাই : মণিপুৰৰ জঘন্য ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । বিবস্ত্ৰ মহিলাক লগত লৈ একাংশ লোকে সমদল কৰি থকা ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে একপ্ৰকাৰ দেশত তীব্ৰ বিতৰ্ক আৰম্ভ হৈছে । সংসদৰ চলিত বৰ্ষাকালীন অধিৱেশনো অচল হৈ পৰিছে । বিৰোধী দলসমূহে মণিপুৰ আৰু কেন্দ্ৰত থকা বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন স্থানত প্ৰতিবাদ আৰম্ভ কৰিছে ।

পাঞ্জাৱতো আম আদমি পাৰ্টীয়ে মণিপুৰ বিষয়ক লৈ তীব্ৰ প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লৈছে । ৰাজভৱন ঘেৰাও কৰাৰ লগতে বিজেপি কাৰ্যালয়ো ঘেৰাও কৰাৰ পৰিকল্পনা কৰিছে দলটোৱে । এই পৰিকল্পনাক কাৰ্যকৰী ৰূপ দিয়াৰ উদ্দেশ্যে আপৰ নেতা আৰু কৰ্মীসকল চেক্টৰ ৪ ৰ বিধায়ক আৱাসত একত্ৰিত হৈছে । পাঞ্জাৱৰ সকলো মন্ত্ৰী আৰু বিধায়কে প্ৰতিবাদত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চণ্ডিগড় আৰক্ষীয়ে বিধায়ক আৱাসৰ বাহিৰত বেৰিকেড স্থাপন কৰিছে আৰু প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰ চেষ্টা কৰিছে ।

জানিব পৰা মতে প্ৰতিবাদকাৰীসকলে বিধায়ক আৱাসৰ পৰা বিজেপি কাৰ্যালয়লৈ পদযাত্ৰা কৰি কাৰ্যালয়টো ঘেৰাও কৰাৰ কথা আছিল । যাৰ বাবে চণ্ডিগড় আৰক্ষীয়ে আপ সমৰ্থকসকলক প্ৰতিৰোধ কৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে ।

উল্লেখ্য যে বিৰোধী মিত্ৰজোঁট 'INDIA'ৰ অংশ আম আদমি পাৰ্টীৰ নেতাসকলে সংসদ ভৱন আৰু ভৱনৰ বাহিৰতো প্ৰতিবাদ সাব্যস্ত কৰিছে । মিত্ৰজোঁট অংশীদাৰ দলৰ সাংসদসকলৰ সৈতে একত্ৰিতভাৱে মণিপুৰৰ বিষয়ক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে ।

সংসদৰ মজিয়াত আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে উচ্ছৃংখল পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ উঠিছে । যাৰ বাবে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধানখড়ে তেওঁক অধিৱেশনৰ পৰা নিলম্বন কৰিছে । যাক লৈ এতিয়া বিৰোধী দলসমূহৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অৱশ্যে এতিয়াও নিজৰ স্থিতিত অটল আছে বিৰোধী দলসমূহ । সংসদত মণিপুৰৰ বিষয়ক লৈ প্ৰধানমন্ত্ৰীয়ে বিবৃতি নিদিয়া পৰ্যন্ত বিৰোধীয়ে প্ৰতিবাদ অব্যাহত ৰাখিব বুলিও হুংকাৰ দিছে ।

লগতে পঢ়ক :Monsoon Session 2023: সদনত বিৰোধীৰ হুলস্থূলৰ সুযোগ ল'বলৈ সাজু চৰকাৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.