নেশ্যনেল ডেস্ক, 13 ছেপ্টেম্বৰ: ৰাজধানী দিল্লীত আম আদমী পাৰ্টী আৰু বিজেপিৰ মাজত অভিযোগ আৰু প্ৰতি-অভিযোগ ৷ আম আদমী পাৰ্টীয়ে বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু তেওঁৰ কোম্পানীক তীব্ৰ সমালোচনা কৰি কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ।
দলটোৰ অসমৰ প্ৰভাৰী ৰাজেশ শৰ্মাই এখন সংবাদমেলত কয় যে অসম ঋণত ডুব গৈ আছে আৰু মুখ্যমন্ত্ৰীৰ পত্নীয়ে ধাৰাবাহিকভাৱে মাটি ক্ৰয় কৰি আছে । মুখ্যমন্ত্ৰীৰ পত্নী অসমৰ আদানি হোৱাৰ পথেৰে আগবাঢ়িছে ৷ এই গোটেই বিষয়টোৰ চিবিআই তদন্ত হোৱা উচিত ।
ৰাজেশ শৰ্মাই অভিযোগ কৰে যে এফালে বিজেপিয়ে সততাৰ কথা কয়, আনহাতে তেওঁলোকৰ ৰাজ্য চৰকাৰ দুৰ্নীতিত নিমজ্জিত হৈ আছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডৰ সঞ্চালক । হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা, তেওঁৰ পত্নীয়ে ব্যাপক হাৰত ভূমি ক্ৰয় কৰি আহিছে ৷
-
AAP Leader and Assam In-Charge @beingAAPian Addressing an Important Press Conference | LIVE https://t.co/dTLpG4nOGQ
— AAP (@AamAadmiParty) September 13, 2023 " class="align-text-top noRightClick twitterSection" data="
">AAP Leader and Assam In-Charge @beingAAPian Addressing an Important Press Conference | LIVE https://t.co/dTLpG4nOGQ
— AAP (@AamAadmiParty) September 13, 2023AAP Leader and Assam In-Charge @beingAAPian Addressing an Important Press Conference | LIVE https://t.co/dTLpG4nOGQ
— AAP (@AamAadmiParty) September 13, 2023
আপৰ নেতাজনে দাবী কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে প্ৰথমে 56 বিঘা আৰু তাৰ পিছত 50 বিঘা কৃষিভূমি ক্ৰয় কৰিছিল । তেওঁ কেন্দ্ৰীয় চৰকাৰৰ খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ পৰা 10 কোটি টকাৰ ৰাজসাহায্যও লৈছে । তেওঁলোকে কৃষিভূমিক ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰিলে ৷ এই প্ৰক্ৰিয়াত নথি-পত্ৰৰ জালিয়াতি কৰা হৈছে ৷ এই 10 কোটিৰ ৰাজসাহায্য মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন কোম্পানী প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডক দিয়া হৈছে । কেন্দ্ৰীয় চৰকাৰে বিৰোধী নেতাসকলৰ বিৰুদ্ধে যিধৰণে তদন্ত আৰম্ভ কৰে, একেদৰেই এই গোটেই বিষয়টো চিবিআই আৰু ইডিৰ দ্বাৰা তদন্ত হ'ব লাগে ৷
ৰাজেশ শৰ্মাই লগতে কয় যে অসম চৰকাৰৰ ঋণৰ হাৰ বছৰে বছৰে বৃদ্ধি পাইছে ৷ কেইবা হাজাৰ কোটি টকাৰ ঋণ লৈছে অসম চৰকাৰে ৷ অসমৰ মানুহবোৰ নিবনুৱা হৈ পৰিছে । ইয়াৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালটো ধনী হৈ গৈ আছে ৷ ইয়াৰ পূৰ্বে, চৰকাৰী ভূমিৰ 29 বিঘা অধিগ্ৰহণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে অভিযোগ আছে । এই চৰকাৰী ভূমিত এখন ব্যক্তিগত বিদ্যালয় নিৰ্মাণ কৰা হৈছে । এইটো দেশৰ এনে ধৰণৰ প্ৰথম ঘটনা, য’ত চৰকাৰী ভূমিত ব্যক্তিগত বিদ্যালয় চলি আছে ।
লগতে পঢ়ক: Assam Assembly: শিলসাঁকোৰ উচ্ছেদ আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰীক লৈ উত্তাল বিধানসভা