ETV Bharat / bharat

MBB Airport new terminal: মুকলিৰ পূৰ্বে AAIৰ অধ্যক্ষৰ পৰিদৰ্শন টাৰ্মিনেল ভৱন - ত্ৰিপুৰা বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন

মুকলিৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে ত্ৰিপুৰা বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন । জানুৱাৰীৰ প্ৰথম সপ্তাহতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব নৱনিৰ্মিত টাৰ্মিনেল ভৱনটো (PM modi to inaugurate MBB airport terminal)। তাৰ পূৰ্বে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ অধ্যক্ষসহ শীৰ্ষ বিষয়াসকলে পৰিদৰ্শন কৰে টাৰ্মিনেলটো ।

MBB Airport new terminal
মুকলিৰ পূৰ্বে AAIৰ অধ্যক্ষৰ পৰিদৰ্শন টাৰ্মিনেল ভৱন
author img

By

Published : Dec 28, 2021, 6:39 PM IST

আগৰতলা,২৮ ডিচেম্বৰ : অহা ৪ জানুৱাৰীত ত্ৰিপুৰাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল ভৱন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM modi to inaugurate MBB airport terminal)। তাৰ পূৰ্বে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ (AAI) অধ্যক্ষ সঞ্জীৱ কুমাৰে টাৰ্মিনেল ভৱনৰ উদ্বোধনৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ ত্ৰিপুৰাত উপস্থিত হয় (AAI Chairman arrived at Tripura airport terminal)। অধ্যক্ষ সঞ্জীৱ কুমাৰৰ সৈতে টাৰ্মিনেল ভৱন পৰিদৰ্শন কৰে এমবিবি বিমানবন্দৰৰ সঞ্চালক ৰাজীৱ কাপুৰ, পৰিবহণ বিভাগৰ প্ৰধান সচিব শ্ৰীৰাম তৰণীকান্তি আৰু বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ প্ৰকল্প ভাৰপ্ৰাপ্ত অতুল আগৰৱালা, এমবিবি বিমানবন্দৰৰ টাৰ্মিনেল মেনেজাৰ জে হাওকিপ জেম্পু আৰু অন্যান্য বিষয়াসকলেও টাৰ্মিনেল ভৱন পৰিদৰ্শন কৰে ।

সংবাদমাধ্যমৰ সন্মুখত হোৱা বাৰ্তালাপত সঞ্জীৱ কুমাৰে কয় যে এমবিবি বিমানবন্দৰ উত্তৰ-পূবৰ লগতে ত্ৰিপুৰাৰ বাবেও অতি গুৰুত্বপূৰ্ণ বিমানবন্দৰ । তেওঁৰ মতে টাৰ্মিনেল ভৱনটো এক বৃহৎ অঞ্চলত নিৰ্মাণ কৰা হৈছে । ই উত্তৰ-পূবৰ সৈতে সংযোগ স্থাপনত সহায় কৰিব ।

টাৰ্মিনেলটোৰ প্ৰশংসা কৰি তেওঁ কয় যে ই অতি আধুনিক বিমানবন্দৰ । বিমানবন্দৰত সকলো আধুনিক প্ৰযুক্তিৰ সঁজুলি স্থাপন কৰা হৈছে । নতুন টাৰ্মিনেল ভৱনটোৰ প্ৰস্তুতি চোৱাৰ পাছত অধ্যক্ষ গৰাকীয়ে মুখ্য সচিব কুমাৰ আলোক আৰু বাকী শীৰ্ষ বিষয়াসকলৰ সৈতে ৰাজ্যিক অতিথিশালাত এক বৈঠকত মিলিত হয় ।

উল্লেখ্য যে, ৪৩৮ কোটি টকা ব্যয়েৰে নিৰ্মিত ৩০ হাজাৰ বৰ্গমিটাৰৰ টাৰ্মিনেলটোত ২০ টা চেক-ইন কাউণ্টাৰ, ৪ খন যাত্ৰী ব’ৰ্ডিং দলঙৰ উপৰিও যাত্ৰীৰ সুবিধাৰ্থে বিভিন্ন ব্যৱস্থা থাকিব । একে সময়তে ১০০০ ঘৰুৱা আৰু ২০০ আন্তৰ্জাতিক যাত্ৰী পৰিচালনা কৰিবলৈ সক্ষম হ'ব এই টাৰ্মিনেলটোৱে । ইয়াৰ ফলত টাৰ্মিনেলটোৰ বাৰ্ষিক যাত্ৰী পৰিচালনা ক্ষমতা ৩ নিযুত হ'ব ।

টাৰ্মিনেল ভৱনটোত ত্ৰিপুৰাৰ কলা-সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে পৰ্যটনস্থলীবোৰ বিশেষভাৱে অংকণ কৰা হৈছে । ইফালে তাত প্ৰদৰ্শিত বিভিন্ন শিল্প-কলাত ত্ৰিপুৰাত উপলব্ধ বাঁহ ব্যৱহাৰ কৰা হৈছে । টাৰ্মিনেলটোত ত্ৰিপুৰাৰ সংস্কৃতি আৰু পৰ্যটন প্ৰচাৰৰ বিশেষ ব্যৱস্থা কৰা হৈছে । ইয়াৰোপৰি অত্যাধুনিক প্ৰযুক্তিৰে টাৰ্মিনেল ভৱনটো নিৰ্মাণ কৰা হৈছে ।

লগতে পঢ়ক :Tripura airport new terminal: প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব এমবিবি বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.