ETV Bharat / bharat

NIA-ৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহা য়াছিন মালিক কোন ? - Life imprisonment for Yasin Malik

NIA-ৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে য়াছিন মালিকক (Life imprisonment for Yasin Malik )৷ সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰাৰ অভিযোগত এই শাস্তি ঘোষণা কৰা হৈছে মালিকক(NIA Court announces sentence) ৷ কোন এই য়াছিন মালিক ?

A timeline of the terror funding case
A timeline of the terror funding case
author img

By

Published : May 25, 2022, 9:38 PM IST

নিউজ ডেস্ক, 25 মে’: দেশদ্ৰোহীতাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক (NIA Court sentencing on Yasin Malik) ৷ সন্ত্ৰাসবাদীক পুঁজি যোগানৰ লগতে বহুকেইটা গোচৰত দোষী সাব্যস্ত কৰা হৈছে মালিকক (Unlawful Activities Prevention Act) ৷ NIA-ৰ আদালতে মালিকক এই শাস্তি ঘোষণা কৰিছে ৷ মালিকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত সন্নিৱিষ্ট ধাৰা সমূহৰ ভিতৰত আছে ধাৰা 16 (সন্ত্ৰাসবাদী কাৰ্যকলাপ), ধাৰা 17 (সন্ত্ৰাসবাদী কাৰ্যৰ বাবে পুঁজি সংগ্ৰহ), ধাৰা 18 (সন্ত্ৰাসবাদমূলক কাৰ্য সংঘটিত কৰাৰ ষড়যন্ত্ৰ)আৰু ধাৰা 20 (সন্ত্ৰাসবাদী দল বা সংগঠনৰ সদস্য হোৱা) ৷ লগতে ধাৰা 120-বি (অপৰাধমূলক ষড়যন্ত্ৰ) আৰু 124-A ধাৰাও আৰোপ কৰা হৈছিল মালিকৰ বিৰুদ্ধে ।

কোন এই য়াচিন মালিক ?

  • য়াছিন মালিকৰ জন্ম হৈছিল 1966 চনত ৷ মালিক হৈছে কাশ্মীৰৰ এগৰাকী বিচ্ছিন্নতাবাদী নেতা, যি পৃথক কাশ্মীৰৰ দাবী তুলিছিল ৷ পূৰ্বে সন্ত্ৰাসবাদী সংগঠনৰো নেতা আছিল মালিক ৷
  • কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদৰ জন্ম দিয়া য়াছিন মালিক হৈছে জম্মু কাশ্মীৰ মুক্তি মৰ্চা (Jammu Kashmir Liberation Front) চমুকৈ JKLF ৰ মুৰব্বী ৷
  • ১৯৯৪ চনত মালিকে হিংসা ত্যাগ কৰি কাশ্মীৰ সংঘৰ্ষ মীমাংসা কৰিবলৈ শান্তিপূৰ্ণ পদ্ধতি গ্ৰহণ কৰিছিল ৷
  • ২০২২ চনৰ মে’ মাহত মালিকে দোষ স্বীকাৰ কৰে ৷ অপৰাধমূলক ষড়যন্ত্ৰ, ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ কৰা, সন্ত্ৰাসবাদৰ বাবে পুঁজি সংগ্ৰহ কৰা, সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ আন বহুতো ধাৰাত দোষী সাব্যস্ত হয় মালিক ।

মালিকৰ বিৰুদ্ধে অভিযোগনামাত কি আছে ?

  • য়াছিন মালিকক ১৯৯০ চনৰ আৰম্ভণিতে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু মুক্তিৰ পিছত তেওঁ উগ্ৰবাদৰ পৰা ৰাজনীতিলৈ পথ সলনি কৰিছিল ।
  • 1993 চনত তেওঁ JKLF ক এটা ৰাজনৈতিক দল হিচাপে ঘোষণা কৰে আৰু এক বিচ্ছিন্নতাবাদী গোট অল পাৰ্টিজ হুৰিয়ত কনফাৰেন্সৰ অংশীদাৰ হৈ পৰে। পিছত তেওঁ ইয়াৰ পৰা নিজকে আঁতৰাই ৰাখিছিল ।
  • আনকি NIA ই মালিকৰ মৃত্যুদণ্ড বিচাৰিলেও, তেওঁৰ বিৰুদ্ধে থকা অভিযোগবোৰ অতি বেছি আজীৱন কাৰাদণ্ডৰ শাস্তিহে প্ৰযোজ্য হ’ব পাৰে ৷
  • মালিকে ১৯৮৮ চনত নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ গৈ পাকিস্তানত অস্ত্ৰৰ প্ৰশিক্ষণ লৈছিল ৷
  • 2019 চনৰ 26 ফেব্ৰুৱাৰীত তেওঁৰ ঘৰত তালাচী চলোৱা হৈছিল ৷ সেই সময়ত নথি-পত্ৰ আৰু বৈদ্যুতিক যন্ত্ৰসহ আপত্তিজনক সামগ্ৰী জব্দ কৰা হৈছিল মালিকৰ বাসগৃহৰ পৰা ।
  • জম্মু কাশ্মীৰত বিচ্ছিন্নতাবাদী আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে সম্পৰ্কিত ষড়যন্ত্ৰৰ অংশ হোৱাৰ বাবে, তেওঁক 2019 চনৰ 10 এপ্ৰিল তাৰিখে গ্ৰেপ্তাৰ কৰা হৈছিল ।
  • অভিযোগপত্ৰখনত তেওঁ ১৪ নম্বৰৰ অভিযুক্ত আছিল আৰু ২০১৯ চনৰ ১০ এপ্ৰিলত গ্ৰেপ্তাৰ হৈছিল ৷ অৱশ্যে NIA ই ২০১৭ চনতহে কাশ্মীৰত বিচ্ছিন্নতাবাদীসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল ।
  • 2016 চনত অভিযুক্ত য়াছিন মালিকৰ লগতে এছ এ এছ গিলানি আৰু মিৰৱাইজ ওমৰ ফাৰুকে Joint Resistance Leadership চমুকৈ জে আৰ এল নামৰ এটা দল গঠন কৰিছিল ।
  • JRL এ সমগ্ৰ সমাজক বিশৃংখলতা আৰু অনিয়মৰ ফাললৈ ঠেলি দিবলৈ চেষ্টা চলাইছিল ৷ প্ৰতিবাদ, প্ৰদৰ্শন, হৰতাল, বন্ধ, পথৰোধ আৰু অন্যান্য কাৰ্যকলাপ সংঘটিত কৰিবলৈ জনসাধাৰণক নিৰ্দেশনা জাৰি কৰা আৰম্ভ কৰিছিল ।
  • য়াছিন মালিকে প্ৰতিবাদ আৰু বিক্ষোভ ৰচনা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।
  • 2016 চনৰ 6 আগষ্টৰ পৰা 16 আগষ্টলৈকে এক প্ৰতিবাদী কেলেণ্ডাৰৰ উপৰিও অভিযুক্ত য়াছিন মালিকৰ ঘৰৰ পৰা এখন বাৰ্ষিক কেলেণ্ডাৰো উদ্ধাৰ কৰা হৈছিল । য’ত এ এইচ পি চিৰ অধ্যক্ষৰ স্বাক্ষৰ আছিল ৷
  • এই সময়ছোৱাত প্ৰতিবাদবোৰ অতি হিংসাত্মক আছিল আৰু শিল দলিওৱা, গুলী চালনা আৰু অন্যান্য বেআইনী কাৰ্যকলাপৰ 89 টা ঘটনাৰ গোচৰ পোৱা গৈছিল ।
  • অভিযুক্ত য়াছিন মালিকে আন অভিযুক্তৰ সৈতে ষড়যন্ত্ৰৰ বাবে প্ৰস্তুত কৰা ৰণনীতিসমূহ তদন্তৰ সময়ত উদ্ধাৰ কৰা হৈছিল ।
  • য়াছিন মালিকৰ চৌহদৰ পৰা হিজবুল-মুজাহিদীনৰ লেটাৰহেডৰ এটা প্ৰতিলিপি জব্দ কৰা হয় ।
  • য়াছিন মালিক আৰু শ্বাহিদ-উল-ইছলামৰ মাজত হোৱা ফেচবুক বাৰ্তালাপে প্ৰমাণ কৰে যে কাশ্মীৰ উপত্যকাত শিলগুটি নিক্ষেপৰ ঘটনাবোৰ এক সুপৰিকল্পিত ষড়যন্ত্ৰৰ অংশ হিচাপে সংঘটিত হৈছিল ৷
  • য়াছিন মালিকৰ ই-মেইলসমূহে প্ৰমাণ কৰে যে তেওঁ "স্বাধীনতা সংগ্ৰাম"ৰ নামত জম্মু কাশ্মীৰত সন্ত্ৰাসবাদী আৰু অন্যান্য বেআইনী কাৰ্যকলাপ সম্পাদন কৰাৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ সমগ্ৰ বিশ্বতে এক বিস্তৃত গাঁথনি আৰু প্ৰণালী স্থাপন কৰিছিল ।
  • য়াছিনে হাফিজ ছাইদৰ সৈতে একেখন মঞ্চত উপস্থিত থকা বাতৰি ক্লিপৰ এটা প্ৰতিলিপি প্ৰমাণ হিচাপে ব্যৱহাৰ কৰা হৈছে । মালিকে দাবী কৰিছে যে, তেওঁ হাফিজ ছৈয়দক মঞ্চলৈ নিমন্ত্ৰণ কৰা নাছিল, কিন্তু তেওঁৰ নিমন্ত্ৰণ অবিহনে মঞ্চ দখল কৰিছিল ।
  • য়াছিন মালিকে জহুৰ আহমেদ শ্বাহ ৱাটালীৰ পৰা ধন লাভ কৰিছিল, আৰু হাফিজ ছৈয়দৰ পৰা এই ধন ঘূৰাই পাইছিল । য়াছিন মালিকে কৈছিল যে, এই ধন সংগ্ৰহ কৰাতো এটা সন্ত্ৰাসবাদী সংগঠনৰ বাবে ধন সংগ্ৰহ কৰাৰ দৰে একে নহয় ।
  • কিছুমান ই-মেইল আছে যিয়ে প্ৰমাণ কৰে যে, অভিযুক্তজনে JKLF ৰ বাবে পুঁজি সংগ্ৰহ কৰি আছিল ৷ NIA আইনৰ অনুসূচী-1 অনুসৰি ই সন্ত্ৰাসবাদী সংগঠন নহয় । সেয়েহে, এই অভিযুক্তৰ বিৰুদ্ধে 40 ধাৰাৰ অধীনত UAPA গোচৰ ৰুজু কৰা নহয় ।

লগতে পঢ়ক: Yasin Malik awarded life imprisonment: য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.