ETV Bharat / bharat

অনলাইন এপ্পৰ পৰা 2000 টকা ঋণ লৈ 15 লাখ টকা পৰিশোধ - Fraud Loan App

কিমান সুৰক্ষিত অনলাইন ঋণ এপ্পসমূহ(Fraud Loan App)? এটা অনলাইন ঋণ এপ্পৰ পৰা 2,000 টকাৰ ঋণ লৈ 15 লাখ টকা পৰিশোধ কৰিবলৈ বাধ্য হ’ল আজমত নামৰ এজন লোকে ৷

A person who has taken a Rs 2000 loan from a loan app ends up paying Rs 15 lakh
অনলাইন এপ্পৰ পৰা 2000 টকা ঋণ লৈ 15 লাখ টকা পৰিশোধ
author img

By

Published : Aug 13, 2022, 9:16 PM IST

নেশ্যনেল ডেস্ক, 13 আগষ্ট: অনলাইন এপ্পৰ পৰা ঋণ লওঁতে সাৱধান হওক ৷ নহ’লে আপোনাৰো হ’ব পাৰে এনে দুৰৱস্থা (Fraud Loan App)৷ আমি বিভিন্ন সময়ত অনলাইন এপ্পৰ পৰা ভিন্ন ধৰণৰ ঋণ লোৱাৰ সহজ উপায় মেছেজযোগে পৰিলক্ষিত কৰো ৷ বহুলোকে এনেধৰণৰ সহজ উপায়েৰে লাভ কৰিব পৰা ঋণৰ বিজ্ঞাপন দেখি ভোলো যায় ৷ কিন্তু কিমান সুৰক্ষিত এই ঋণ এপ্পসমূহ!

এইবাৰ অনলাইন প্ৰৱঞ্চকৰ বলি হ’ল কৰ্ণাটকৰ চিন্তামনি চহৰৰ টিপ্পু নগৰৰ বাসিন্দা আজমত উল্লাহ (37)৷ এটা অনলাইন ঋণ এপ্পৰ পৰা 2,000 টকাৰ ঋণ লৈ 15 লাখ টকা পৰিশোধ কৰিবলৈ বাধ্য হয় আজমত নামৰ লোকজনে ৷ তালুকৰ বেলাগানাহাল্লিৰ ওচৰৰ নন্দিনী ডেইৰীত চুপাৰভাইজাৰ হিচাপে কাম কৰে আজমতে ৷ বিশেষ কাৰণত ধনৰ প্ৰয়োজন হোৱাৰ বাবে কেইমাহমান আগতে এজন বন্ধুৰ তথ্য অনুসৰি তেওঁ অনলাইন এম এ জি আই চি লোন এপ্পত নিজৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ সহায়েৰে 2,000 টকাৰ ঋণ লৈছিল আজমতে ৷ এপ্পটোত উল্লেখ থকা অনুসৰি এই ঋণৰ সূত হিচাপে 3,500 টকা পৰিশোধ কৰিব লাগিব আজমতে ৷

সেই নিৰ্দেশনা অনুসৰি সময়মতে 3,500 টকাৰ ঋণ পৰিশোধ কৰিছিল আজমতে ৷ কিন্তু প্ৰৱঞ্চকৰ দলটোৱে আজমত উল্লাহৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লাভ কৰি অপব্যৱহাৰ কৰি 20 টাতকৈ অধিক বিভিন্ন ঋণ এপৰ জৰিয়তে লাখ লাখ টকাৰ ঋণ লৈছিল ৷

ইয়াৰ পিছতে অনলাইন প্ৰৱঞ্চকৰ দলটোৱে আজমতক ফোন কৰি বিভিন্ন ভয়-ভাবুকি প্ৰদান কৰাৰ লগে ব্লেকমেইল কৰা আৰম্ভ কৰে ৷ আজমতক ভাবুকি দিয়া হৈছিল যে যদি তেওঁ দাবী কৰা ধন পৰিশোধ নকৰে তেন্তে তেওঁৰ ফটো ব্যৱহাৰ কৰি তেওঁৰ পৰিয়ালৰ সদস্য আৰু বন্ধুবৰ্গলৈ মহিলাসকলৰ সৈতে অশ্লীল বাৰ্তালাপ কৰাৰ লগতে নগ্ন ফটো প্ৰস্তুত কৰি ভিডিঅ’ কল কৰিব ৷ এই ভাবুকিত ত্ৰাসিত হৈ আজমতে নিজৰ ষ্টেট বেংকৰ পৰা 14,43,799 টকা আৰু বন্ধুবৰ্গৰ পৰা ধাৰ কৰি প্ৰৱঞ্চকৰ একাউণ্টলৈ প্ৰায় 15,56,731 টকা প্ৰদান কৰে ৷

এই ঘটনাৰ পিছত পুনৰ প্ৰৱঞ্চকে আজমতক ভাবুকি দিছিল আৰু তেওঁৰ বন্ধুবৰ্গলৈ নগ্ন ফটো প্ৰেৰণ কৰি আৰু ধন দাবী কৰি অত্যাচাৰ কৰিছিল ৷ অৱশেষত অতিষ্ঠ হৈ আজমতে চিন্তামণি আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰে (Chintamani police station)৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Facebook sees massive drop in teen usage, হ্ৰাস পাইছে ফেচবুক ব্যৱহাৰকাৰী কিশোৰ-কিশোৰীৰ সংখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.