ETV Bharat / bharat

Pak drone downed at Border: ভাৰত-পাক সীমান্তত ভূ-পতিত পাকিস্তানী ড্ৰোণ

author img

By

Published : Dec 21, 2022, 1:57 PM IST

পঞ্জাৱৰ অমৃতসৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত পাকিস্তানৰ ফালৰ পৰা প্ৰৱেশ কৰা এখন ড্ৰোণ সুৰক্ষা বাহিনীয়ে গুলীয়াই ভূ-পতিত কৰে (BSF troops downed drone) ৷

BSF troops downed drone
Pak drone downed at Border

নিউজ ডেস্ক,21 ডিচেম্বৰ: সীমান্ত সুৰক্ষা বাহিনীয়ে (BSF) পঞ্জাৱৰ অমৃতসৰ জিলাত পাকিস্তানৰ পৰা প্ৰৱেশ কৰা এখন ড্ৰোণ গুলীয়াই ভূ-পতিত কৰে (BSF troops downed drone) । সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে পাক সীমান্তৰ ওচৰত পাকিস্তানৰ ফালৰ পৰা এখন ড্ৰোণ আহি থকা প্ৰত্যক্ষ কৰিছিল (Pak drone entered Indian border) । লগে লগেই তেওঁলোকে ড্ৰোণখনলৈ লক্ষ্য কৰি গুলী চালনা কৰে । ইয়াৰ পাচতেই বি এছ এফৰ জোৱানসকলে অঞ্চলটোত অধিক ড্ৰোণৰ সন্ধানত অভিযানত তীব্ৰতৰ কৰি তুলিছে ৷

যোৱা মাহত সীমান্ত সুৰক্ষা বাহিনীৰ এটা মহিলা দলে পাকিস্তানৰ পৰা পঞ্জাৱৰ অমৃতসৰ জিলাৰ সীমান্তত প্ৰৱেশ কৰা 3.1 কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী কঢ়িয়াই অনা এখন ড্ৰোণলৈ গুলীবৰ্ষণ কৰে (Pak drone downed at Border) ৷ সীমান্তৰ সিপাৰৰ পৰা ড্ৰাগছ সৰবৰাহ কৰাৰ ষড়যন্ত্ৰ বিফল কৰিবলৈ সক্ষম হয় দলটো । বিএছএফৰ জোৱানসকলে নিশা অমৃতসৰ চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ উত্তৰে চাহাৰপুৰ গাঁৱৰ ওচৰত ভাৰতীয় ভূ-খণ্ডত প্ৰৱেশ কৰা ড্ৰোণখন লক্ষ্য কৰে বুলি বিষয়াসকলে কয় ।

73 নং বেটেলিয়নৰ দুগৰাকী মহিলা কনিষ্টবলে ড্ৰোণখনত 25 ৰাউণ্ড গুলী চালনা কৰে আৰু নিশা 11.05 বজাত এই ঘটনা সংঘটিত হোৱা বুলি তেওঁলোকে কয় (Pakistani drone downed by BSF) ৷ তালাচী অভিযানৰ সময়ত, বিএছএফে এখন ছয়-ৰটৰ মানৱবিহীন বিমান (হেক্সাকপ্টাৰ) আংশিকভাৱে ক্ষতিগ্ৰস্ত হোৱা প্ৰত্যক্ষ কৰে । তেওঁলোকে কয় যে, ১৮ কিলোগ্ৰাম ওজনৰ ড্ৰোণখনত 3.11 কিলোগ্ৰাম নিচাজাতীয় পদাৰ্থ আছিল ৷ ড্ৰোণখনৰ তলৰ অংশত এটা বগা পলিথিনত মেৰিয়াই থোৱা আছিল এই নিচাজাতীয় দ্ৰব্যখিনি ।

লগতে পঢ়ক: Pseudoephedrine smuggling case : ভাৰতৰ মাজেৰে বহু দেশলৈ সৰবৰাহ ড্ৰাগছ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.