ETV Bharat / bharat

তামিলনাডুৰ এটা চিমেণ্ট কাৰখানাত বোমা উদ্ধাৰ - তামিলনাডু

তামিলনাডু(Tamilnadu)ৰ শংকৰ নগৰত বোমা(BOMB) উদ্ধাৰ । শংকৰ নগৰস্থিত এটা ব্যক্তিগত চিমেণ্ট কাৰখানাত দুটা পাইপ বোমা স্থাপন কৰা হৈছিল । দুয়োটা বোমা উদ্ধাৰ কৰা হৈছে আৰু শীঘ্ৰে নিষ্ক্ৰিয় কৰা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

A pair of pipe bombs found planted in a private cement factory in Tamil Nadu
তামিলনাডুৰ এটা ব্যক্তিগত চিমেণ্ট কাৰখানাত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ
author img

By

Published : Jun 23, 2021, 3:11 PM IST

নেশ্যনেল ডেস্ক, ২৩ জুন : তামিলনাডু(Tamilnadu)ৰ এটা ব্যক্তিগত চিমেণ্ট কাৰখানাত উদ্ধাৰ হ'ল দুটা পাইপ বোমা(PIPE BOMB) । শংকৰ নগৰত থকা চিমেণ্ট কাৰখানা(CEMENT FACTORY)ৰ চৌহদত স্থাপন কৰা হৈছিল বোমা দুটা । বুধবাৰে আৰক্ষীয়ে জনাইছে যে, এই বোমা দুটা বৰ্তমান উদ্ধাৰ কৰা হৈছে । বোমাকেইটা যথেষ্ট শক্তিশালী আছিল বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।

স্থানীয় লোকক আতংকিত নহ'বলৈ আশ্বাস দি বোমা দুটা নিষ্ক্ৰিয় কৰা হ'ব বুলি মন্তব্য কৰে । ১০০ৰো অধিক স্থায়ী শ্ৰমিক আৰু হাজাৰৰো অধিক ঠিকাভিত্তিক শ্ৰমিকে চিমেণ্ট কাৰখানাটোত কাম কৰে । কাৰখানাটোৰ পৰা তামিলনাডুৰ বিভিন্ন স্থানৰ লগতে কেৰালালৈও নিৰ্মাণকাৰ্যত ব্যৱহৃত সামগ্ৰী প্ৰেৰণ কৰে । শেহতীয়াকৈ কাৰখানা কৰ্তৃপক্ষই ৰাজ্য চৰকাৰৰ নিৰ্দেশনা পালন কৰাৰ পিছতে একাংশ শ্ৰমিক ক্ষুদ্ধ হৈ পৰিছে ।

কিয়নো, চৰকাৰে ক'ভিড-১৯ মহামাৰীৰ বাবে কাৰাখানাটোত একে সময়তে কাম কৰা শ্ৰমিকৰ সংখ্যা কম কৰিবলৈ নিৰ্দেশ দিছিল । এই নিৰ্দেশ অনুসৰি প্ৰায় ১০০ জন ঠিকাভিত্তিক শ্ৰমিকক কামৰ পৰা বৰ্খাস্ত কৰা হৈছিল । আৰক্ষীয়ে জনোৱা মতে, বৰ্খাস্ত কৰা শ্ৰমিকসকলক ৫০ লাখ টকা পৰিশোধৰ দাবী জনাই কোনো অজ্ঞাত লোকে কাৰখানাত কৰ্মৰত কৰ্মচাৰীক ফোন কৰিছিল ।

দাবী পূৰণ নকৰিলে কাৰখানাৰ পাঁচটা স্থানত বোমা ৰখাৰ ভাবুকি দিছিল । মঙলবাৰে নিশা বোমা স্কোৱাডে কাৰখানা চৌহদৰ পৰা দুটা পাইপ বোমা উদ্ধাৰ কৰে । আৰক্ষীয়ে লগতে কয় যে, বোমা দুটা নিষ্ক্ৰিয় কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰা হ'ব । বোমাকেইটা বৰ্খাস্ত কৰ্মচাৰীসকলে স্থাপন কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

সম্প্ৰতি এই ঘটনাৰে জড়িত অপৰাধীক চিনাক্ত কৰিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । এই চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে । তিৰুনেলভেলিৰ আৰক্ষী অধীক্ষক এন মণিভানানে কাৰখানাটো পৰিদৰ্শন কৰি অনুসন্ধান চলাইছিল । আনহাতে, কাৰখানাৰ কৰ্মচাৰীসকলক ঘৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ।

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস: ভাৰতীয় অলিম্পিয়ানসকলক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.