ETV Bharat / bharat

নিজ মাতৃয়ে চুৰীৰে হানি হত্যা কৰিলে ছমহীয়া সন্তানক - Suryapet district mandal Mekalapatitanda incident

সূৰ্যপেট জিলাৰ মণ্ডল মেকলাপতিতান্দাৰ বাসিন্দা বানোতু ভাৰতীয়ে ক'লা যাদুৰ বশৱৰ্তী হৈ তেওঁৰ ছয় মাহৰ কেঁচুৱাটোক হত্যা কৰে । এজন বাবাক বিশ্বাস কৰি তেওঁ নিজ সন্তানক নিৰ্মমভাৱে হত্যা কৰে ৷

ক’লা যাদুক বিশ্বাস কৰি মাতৃয়ে নিজ সন্তানক হত্যা

author img

By

Published : Apr 16, 2021, 11:25 AM IST

নেচনেল ডেস্ক, 16 এপ্ৰিল: এগৰাকী মাতৃয়ে নিজ সন্তানক নিৰ্মমভাৱে হত্যা ৷ সূৰ্যপেট জিলাৰ মণ্ডল মেকলাপতিতান্দাত চাঞ্চল্যকৰ ঘটনা ৷ বানোতু ভাৰতী নামৰ এগৰাকী মহিলাই ক’লা যাদুক বিশ্বাস কৰি তেওঁৰ ছয় মাহৰ কেঁচুৱাটোক নিৰ্মমভাৱে হত্যা কৰে ৷ জানিব পৰা মতে তেওঁৰ স্বামী ঘৰত নথকা অৱস্থাত বাবা এজনৰ মিছা কথাত বিশ্বাস কৰি এই নৃশংস কাণ্ড কৰে ৷ স্থানীয় লোকে ঘটনাৰ সন্দৰ্ভত কয় যে তেওঁ ছোৱালীজনাক আগত লৈ ভগবানৰ পূজা কৰে আৰু ছমহীয়া কেঁচুৱাটোক হত্যা কৰে ৷

উল্লেখ্য যে, স্থানীয় লোকে জনোৱা মতে ভাৰতীয়ে ছমাহ ধৰি বাবা এজনক বিশ্বাস কৰি বাবাজনে কোৱাৰ দৰে উপাসনা কৰে ৷ মাতৃৰ নিজ সন্তানক এনেদৰে হত্যা কৰা ঘটনাটোক কেন্দ্ৰ কৰি মণ্ডল মেকলাপতিতান্দাত তিব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ আৰক্ষীয়ে জনোৱা অনুসৰি পৰৱৰ্তী সময়ত গোচৰটো পঞ্জীয়ন কৰাৰ লগতে ইয়াৰ তদন্ত আৰম্ভ হয় ৷

লগতে পঢ়ক: বহিঃৰাজ্যৰ পৰা অসমলৈ অহা ৰে’লযাত্রীৰ ক'ভিড পৰীক্ষা বাধ্যতামূলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.