ETV Bharat / bharat

Theft in india: আশ্চৰ্যকৰ ! পত্নীৰ বেশ ধৰি চোৰে লুটিলে ধন - পত্নীৰ বেশ গ্ৰহণ কৰি চৌৰ্যকাৰ্য

তেলেংগানাত চাঞ্চল্যকৰ চুৰিৰ ঘটনা ৷ বেশভূষা সলায় চোৰে দোকানৰ পৰা লুটিলে মাত্ৰ 3500 টকা ৷ ইতিমধ্যে আৰক্ষীয়ে চোৰটোক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে ।

Theft in india
বেশভূষা সলায় চোৰে লুটিলে ধন
author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 12:19 PM IST

নেশ্যনেল ডেস্ক, 14 ছেপ্টেম্বৰ: তেলেংগানাৰ ৰাজন্না ছিৰচিলা জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ য়েলাৰেডীপেটৰ ৰমিণ্ডল নামপল্লীৰ মালিকানাধীন অট্টালিকাটোত দুদিন পূৰ্বে সংঘটিত হয় চুৰিৰ ঘটনা ৷ আৰক্ষীয়ে জনোৱা মতে, য়েলাৰেডীপেটৰ ৰমিণ্ডল নামপল্লীৰ মালিকানাধীন অট্টালিকাটোত কিছুমান দোকান ভাড়াত চলি আছে । অৱশ্যে আৰক্ষীৰ সোধ পোচত পোহৰলৈ আহিল যে এই চুৰি কাণ্ড সৰু সুৰা অথবা সাধাৰণ নহয় ৷ নিজৰ অস্তিত্ব ৰক্ষাৰ বাবেই বেশভূষা সলনিৰে চুৰি কাৰ্য সমাধা কৰে চোৰে ৷

ছিংগাৰাম গাঁৱৰ বাণ্টী লক্ষ্মী নাৰায়ণে একেটা অট্টালিকাতে এখন ফ্লেক্সি প্ৰিন্টিং দোকান চলাই আছে । চলিত মাহৰ 9 তাৰিখে সচৰাচৰৰ দৰে দোকানত তলা লগাই ৰাতি ঘৰলৈ যায় লক্ষ্মী নাৰায়ণ । পিছদিনা ৰাতিপুৱা অৰ্থাৎ 10 ছেপ্টেম্বৰত ৰাতিপুৱা 11 মান বজাত দোকান খুলিবলৈ আহি নাৰায়ণে অনুমান কৰে যে, দোকানখনৰ আগফাল আৰু পিচফালৰ দুৱাৰ খোলা আছে ।

ইয়াৰ পিচতে স্থানীয় আৰক্ষীক নিজৰ দোকানত চুৰি হোৱাৰ অভিযোগ দিয়াৰ সমান্তৰালকৈ তেওঁ নিজৰ দোকানত লগোৱা চিচিটিভি ফুটেজ পৰ্যবেক্ষণ কৰি আৰক্ষীৰ হাতত জমা দিয়ে । চিচিটিভিৰ ফুটেজ নিৰীক্ষণ কৰি আৰক্ষীয়ে ভিডিঅ’টোত এগৰাকী মহিলা চোৰক উদ্ধাৰ কৰে যিয়ে দোকানৰ পৰা কিছু টকা চুৰি কৰি লৈ যায় বুলি ভিডিঅ’টোত পৰিলক্ষিত হয় ।

দোকানখনৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চল পৰিদৰ্শন কৰি থাকোঁতে অট্টালিকাৰ মালিকৰ পুত্ৰ সুধীৰৰ ওপৰত সন্দেহ ওপজে আৰক্ষীৰ আৰু সোধা-পোছা কৰাৰ পিছত পোহৰলৈ আহে প্ৰকৃত সত্য । তেওঁ আৰক্ষীক জনোৱা মতে, তেওঁ মহিলা অৰ্থাৎ পত্নীৰ সাজ-পোছাক পৰিধান কৰি চুৰি কৰিছিল । নিজৰ অস্তিত্বৰ বিষয়ে অজ্ঞাত হৈ থাকিবলৈ সংকল্পবদ্ধ সুধিৰে পত্নীৰ বেশ গ্ৰহণ কৰি চুৰি কাৰ্য সংঘটিত কৰা বুলি আৰক্ষীৰ আগত অৱগত কৰে । দোকানখনত চিচিটিভি কেমেৰা থকা বুলি গম পোৱাৰ পিছতে তেওঁ মুখত মাস্ক পিন্ধি লয় বুলিও কয় ।

ইতিমধ্যে আৰক্ষীয়ে সুধিৰক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে । সুধীৰে দোকানখনৰ পৰা 3500 টকা চুৰি কৰিছিল । দোকানখনত বহু মূল্যৱান সম্পত্তি থকাৰ পিছতো সুধীৰে মাত্ৰ 3500 টকা চুৰি কৰা দেখি আৰক্ষী আচৰিত হৈ পৰিল ।

লগতে পঢ়ক: Modis visit to Chhattisgarh: বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীৰ 6000 কোটি টকীয়া উপহাৰ ছত্তীশগড়লৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.