ETV Bharat / bharat

ডেৰাডুনৰ সৈতে নেতাজীৰ সম্পৰ্ক - আজাদ হিন্দ ফৌজৰ সংস্থাপক সুভাষ চন্দ্ৰ বসু

দেশজুৰি শনিবাৰে ১২৫ সংখ্য়ক নেতাজীৰ জন্ম জয়ন্তী লগতে "পৰাক্ৰম দিৱস" পালন কৰা হয় । স্বাধীনতা আন্দোলনৰ অন্য়তম বিপ্লৱী নেতা গৰাকীক শ্ৰদ্ধা জনায় তেওঁৰ শুভাকাংক্ষীয়ে । ইয়াৰ মাজতে নেতা গৰাকীৰ মৃত্য়ুৰ ৰহস্য় আৰু ডেৰাডুনৰ লগত তেওঁৰ সম্পৰ্কৰ বিষয়েও বিশেষ দিনটোত চৰ্চা হৈছে দেশজুৰি ।

ডেৰাডুনৰ সৈতে নেতাজীৰ সম্পৰ্ক
ডেৰাডুনৰ সৈতে নেতাজীৰ সম্পৰ্ক
author img

By

Published : Jan 23, 2021, 1:27 PM IST

নিউজ ডেস্ক , ২৩ জানুৱাৰী : 'তুমি মোক তেজ দিয়া,মই তোমাক স্বাধীনতা দিম', নেতাজী সুভাষ চন্দ্ৰ বসুৰ এই মহান উক্তিয়ে স্বাধীনতা আন্দোলনত বিপ্লৱী জনতাৰ মনত স্বাধীনতাৰ বীজ ৰোপণ কৰিছিল । সেই গৰাকী স্বাধীনতা আন্দোলনৰ অন্য়তম পৰাক্ৰমী নেতা তথা 'আজাদ হিন্দ ফৌজ'ৰ সংস্থাপক সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী সমগ্ৰ দেশজুৰি 'পৰাক্ৰম দিৱস' হিচাপে পালন কৰা হৈছে । আজিলৈ নেতাজীৰ মৃত্য়ু ৰহস্য়ৰ মাজতে থাকিল যদিও বহুতে তেওঁৰ জীৱনৰ অন্তিম সময়ছোৱা উত্তৰাখণ্ডৰ ডেৰাডুনত কটোৱা বুলি দাবী কৰে । অৱশ্য়ে ইতিহাস অনুসৰি ডেৰাডুনৰ সৈতে নেতাজীৰ এক গভীৰ সম্পৰ্কও দেখা যায় । কোৱা হয় যে ১৯৭৭ চনত প্ৰসিদ্ধ ডেৰাডুনত নেতাজীয়ে সাধুৰ ৰূপত কিছু সময় কটাইছিল ।

উল্লেখ যে ডেৰাডুনৰ ৰজা মহেন্দ্ৰ প্ৰতাপ সিংহ আৰু পেছৱাৰৰ নায়ক চন্দ্ৰ সিংহ গাৰোৱালীৰ ওপৰত প্ৰভাৱিত হৈ নেতাজীয়ে 'আজাদ হিন্দ ফৌজ' গঠন কৰিছিল আৰু পৰৱৰ্তী সময়ত গাৰোৱালীৰ দুটা ফৈদ 'আজাদ হিন্দ ফৌজ'ত অন্তৰ্ভুক্তও কৰিছিল । ইফালে গাৰোৱালী সৈনিক সুভাস চন্দ্ৰ বসুৰ পচন্দৰো আছিল । যাৰ বাবে নিজৰ ব্য়ক্তিগত বিষয়াক গাৰোৱালীৰ শীৰ্ষ নেতৃত্ব প্ৰদান কৰিছিল সুভাস চন্দ্ৰ বসুৱে । গাৰোৱালী বিষয়া আৰু সৈনিকেৰে গঠন হোৱা 'আজাদ হিন্দ ফৌজ'ৰ দুটা ফৈদৰ নেতৃত্বত আছিল জেনেৰেল মোহন সিংহ । গাৰোৱালী ৰাইফলছৰ দুটা বেটেলিয়ানত ২৬ সৈনিক অন্তৰ্ভুক্ত কৰা হৈছিল । ব্ৰিটিছৰ বিৰুদ্ধে হোৱা যুদ্ধত এই সকলৰ ভিতৰত প্ৰায় ৬০০ৰো অধিক সেনা শ্বহীদ হৈছিল । নেতাজীয়ে ১৯৪৩ চনৰ ২১ অক্টোবৰত চিংগাপুৰত আজাদ হিন্দ চৰকাৰৰ গঠন কৰিছিল, তাৰ পিছতে ১৯৪৪ চনৰ ৭ জানুৱাৰীত ইয়াৰ ৰাজধানী ৰংগুণলৈ স্থানান্তৰিত কৰা হৈছিল ।

ডেৰাডুনৰ সৈতে নেতাজীৰ সম্পৰ্ক
ডেৰাডুনৰ সৈতে নেতাজীৰ সম্পৰ্ক

দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত জাপানৰ লগতে 'আজাদ হিন্দ ফৌজ'ৰো পৰাজয় হৈছিল । ইংৰাজে ১৯৪৫ ত 'আজাদ হিন্দ ফৌজ'ৰ বিষয়া আৰু সৈনিকসকলক গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ মাজতে ১৯৪৫ চনৰ ২৩ আগষ্টত জাপানে ঘোষণা কৰে যে সেইবছৰৰে ১৮ আগষ্টত এক বিমান দুৰ্ঘটনাত নেতাজীৰ মৃত্য়ু হৈছে । নেতাজীৰ মৃত্য়ু এতিয়াও ৰহস্য়ৰ মাজতে আছে যাৰ বহু তথ্য় অনুসন্ধান এজেঞ্চী আৰু অনুসন্ধান আয়োগে উদঘাটন কৰিব পৰা নাই । নেতাজীৰ মৃত্য়ুৰ ৰহস্য়কলৈ ইতিমধ্য়ে কেইবাটাও আয়োগ গঠন কৰা হৈছে । ১৯৭০ চনত ন্য়ায়াধীশ জিডি খোছলাৰ অধ্য়ক্ষতাত এখন আয়োগ গঠন কৰা হৈছিল, ১৯৯৯ চনতো উচ্চতম ন্য়ায়ালয়ৰ ন্য়ায়াধীশ মনোজ মুখাৰ্জীৰ নেতৃত্বত আয়োগ গঠন কৰা হৈছিল । কিন্তু নেতাজীৰ মৃত্য়ু এতিয়াও ৰহস্য হৈয়ে আছে ।

বহুতে দাবী কৰিছিল নেতাজীয়ে সাধুৰ বেশত জীৱনৰ শেষৰ কালছোৱা উত্তৰাখণ্ডত কটাইছিল । লগতে ইয়াকো কোৱা হৈছিল যে ডেৰাডুনৰ ৰাজপুত পথৰ শোলামাৰী আশ্ৰমত জীৱনৰ অন্তিম সময় কটাইছে নেতাজীয়ে । অৱশ্য়ে এই সকলো বিষয় এতিয়াও তথ্য় সহকাৰে প্ৰমাণ হোৱা নাই ।

লগতে পঢ়ক :উত্তৰ-পূৱ পৰিষদৰ পূৰ্ণাংগ অধিৱেশনলৈ ৰাওনা বিপ্লৱ কুমাৰ দেৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.