ETV Bharat / bharat

Country made gun exploded:গাহৰি লৈ টোঁৱাই থকা গুলী লাগি চাৰি বছৰীয়া শিশুৰ মৃত্যু

author img

By

Published : Aug 16, 2023, 9:07 PM IST

দেশতে নিৰ্মিত এটা বন্দুক বিস্ফোৰণ হোৱাৰ ফলত এটি শিশুৰ মৃত্যু হয় ৷ হৃদয় বিদাৰক ঘটনাটো তেতিয়া সংঘটিত হৈছিল যেতিয়া এঘৰ মানুহৰ এজন চুবুৰীয়াই গাহৰি এটাক গুলীয়াবলৈ বন্দুকটোত গোলা বাৰুদ লোড কৰি আছিল ।

Country made gun exploded
চাৰি বছৰীয়া শিশুৰ মৃত্যু

নেশ্যনেল ডেস্ক, 16 আগষ্ট : হঠাৎ মাক-দেউতাকক মধুৰ কথা কৈ ঘৰৰ সন্মুখত খেলি থকা কণমানিজনী ঢলি পৰিল । কি হৈছে জানিবলৈ বুলি দৌৰি গৈ শিশুটিক কোলাত লোৱাত পিতৃ-মাতৰ হাত দুখন তেজত তিতি যায় । আকস্মিকভাৱে পৰি যোৱা শিশুটিক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে ৷

এইদৰেই এক কৰুণ আৰু অনাকাংক্ষিত মৃত্যুক সাৱটি ল’লে এটি চাৰি বছৰীয়া শিশুৱে ৷

ঘটনাটো কাকিনাডা জিলাৰ টুনি মণ্ডলৰ লোভাকোট্টুৰ গাঁৱত সংঘটিত হৈছে । উক্ত গাওঁখনৰ পালিভেলা ৰাজু আৰু নাগমণিৰ দুগৰাকী কন্যা আছে । জ্যেষ্ঠ কন্যা ধন্যশ্ৰীয়ে (৪) মঙলবাৰে ৰাতিপুৱা ঘৰত খেলি থকা অৱস্থাতে চুবুৰীয়াৰ ঘৰত বন্দুক বিস্ফোৰণ হয় । দুৰ্ভাগ্যবশতঃ বন্দুক বিস্ফোৰণৰ ফলত ফুটা গুলীটো লাগি ধন্যশ্ৰী বেয়াকৈ আঘাতপ্ৰাপ্ত হয় । মুহূৰ্তৰ ভিতৰতে, গুলীটো শিশুটিৰ পিঠিয়েদি বুকুলৈকে সোমাই যায় ।

অভিভাৱক দুয়োৱে কি ঘটিছিল বুজি পোৱা নাছিল আৰু লগে লগে শিশুটিক চিকিৎসালয়লৈ লৈ যায় । চিকিৎসালয়ত পৰীক্ষা কৰাৰ পিচত চিকিৎসকসকলে নিশ্চিত কৰে যে ছোৱালীজনীয়ে ইতিমধ্যেই মৃত্যুবৰণ কৰিছে । নিজ কন্যাক চকুৰ আগতে মৃত্যুক সাৱটি লোৱা দেখি পৰিয়ালৰ সদস্যসকলে হিয়া উজাৰি কান্দি পেলায়। পিচত গ্ৰাম্য চি আই সন্ন্যাসী ৰাও আৰু এছ আই বিজয়া বাবু ঘটনাস্থলীলৈ আহি আৰু বন্দুক বিস্ফোৰণৰ বিষয়টোৰ বিষয়ে গম পোৱাৰ পিচত তদন্ত আৰম্ভ কৰে ৷

আৰক্ষীয়ে জনোৱা অনুসৰি, ধন্যশ্ৰীৰ ঘৰৰ চুবুৰীয়া সিদ্ধান্তপু দুৰ্গাপ্ৰসাদে গাহৰি এটাক গুলীয়াবলৈ বন্দুকত গোলা বাৰুদ লোড কৰি আছিল যেতিয়া দুৰ্ঘটনাক্ৰমে বন্দুকৰ বিস্ফোৰণ হৈছিল। ইতিমধ্যে তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে আৰু অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হৈছে ৷

লগতে পঢ়ক : Uttarakhand Disaster: ঋষিকেশত ভূমিস্খলনত জীৱন্তে সমাধিস্থ 5 জনৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.