ETV Bharat / bharat

Ayodhya jail viral video: কাৰাগাৰৰ পৰা সসন্মানেৰে মুকলি কৰি দিয়া হ'ল ৯৮ বছৰীয়া সাধুক - saint released from Ayodhya jail

অযোধ্যাৰ জিলা কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হ'ল এগৰাকী ৯৮ বছৰীয়া সাধুক(98 year old saint released from Ayodhya jail) । আৰক্ষীৰ জীপেৰে আশ্ৰমলৈ লৈ যোৱা হ'ল সাধুগৰাকীক । সসন্মানেৰে সাধুগৰাকীক মুকলি কৰি দিয়া ভিডিঅ' ভাইৰেল হৈ পৰিল পলকতে ।

98 year old saint released from Ayodhya jail
অযোধ্যাৰ জিলা কাৰাগাৰৰ পৰা ৯৮ বছৰীয়া এগৰাকী সাধুক মুকলি
author img

By

Published : Jan 10, 2023, 10:01 AM IST

অযোধ্যাৰ জিলা কাৰাগাৰৰ পৰা ৯৮ বছৰীয়া এগৰাকী সাধুক মুকলি

নেশ্যনেল ডেস্ক,১০ জানুৱাৰী: কাৰাগাৰৰ পৰা কয়দীক মুকলি কৰি দিয়াতো সাধাৰণ কথা । কিন্তু অযোধ্যাৰ কাৰাগাৰৰ পৰা ৯৮ বছৰীয়া এগৰাকী সাধুক মুকলি কৰি দিয়া ভিডিঅ'ই লাভ কৰিছে বিশেষ চৰ্চা । জিলা কাৰাগাৰত পাঁচ বছৰৰ কাৰাদণ্ড সম্পূৰ্ণ কৰা ৯৮ বছৰীয়া সাধুজনক স্থানীয় কাৰাগাৰ অধীক্ষক আৰু এজন সমাজকৰ্মী বিজেপি নেতাৰ সহায়ত মুকলি কৰি দিয়া হয় । মুক্তিৰ পিছত, কাৰাগাৰ অধীক্ষকগৰাকীয়ে সাধুগৰাকীক তেওঁৰ কাৰ্যালয়লৈ নি এখন চাদৰ আৰু অংগবস্ত্ৰৰে সন্মান জনাই । ইয়াৰ পাছত সাধুগৰাকীক অধীক্ষকগৰাকীৰ আৰক্ষীৰ এখন জীপত আশ্ৰমলৈ লৈ গৈছিল(98 year old saint released from Ayodhya jail) ।

কাৰাগাৰ প্ৰশাসনৰ এই মানৱীয় পদক্ষেপক স্থানীয় লোকসকলে যথেষ্ট প্ৰশংসাৰে ওপচাই তোলে । এই দৃশ্য ছ'চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰে । এই সন্দৰ্ভত কাৰাগাৰৰ অধীক্ষক শশীকান্ত মিশ্ৰাই জনাই যে যে ২০১৬ চনত বৰ্ষীয়ান সাধু ৰাম চুৰাটক এটা আক্ৰমণৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল । কুমাৰগঞ্জৰ আশ্ৰমত সংঘটিত উক্ত ঘটনাৰ সন্দৰ্ভত অভিযুক্ত কৰা হৈছিল আৰু সাধুগৰাকীক পাঁচ বছৰৰ কাৰাদণ্ড বিহা হৈছিল । ইয়াৰ পিছত, শাস্তিৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পিছতো সাধু ৰাম চুৰাটক মুকলি কৰিব পৰা নগ'ল(Saint released from Ayodhya jail) ।

২০২১ চনত, সাধু ৰাম চুৰাটৰ শাস্তিৰ ম্যাদ শেষ হৈছিল; কিন্তু ক'ৰোনা কালৰ বাবে তেওঁক মুকলি কৰি দিয়াটো সম্ভৱ হোৱা নাছিল । পৰৱৰ্তী সময়ত স্থানীয় বিজেপি নেতা শৈলেন্দ্ৰ মোহন মিশ্ৰাই ১১,৫০০ টকাৰ জৰিমনা আদায় দিয়াৰ পিছত সাধু ৰাম চুৰাটক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় । কাৰাগাৰ অধীক্ষক শশীকান্ত মিশ্ৰাই বৃদ্ধ সাধুজনৰ মুক্তিৰ পিছত তেওঁৰ কাৰ্যালয়তে সাধুজনক মালা পিন্ধাই জনালে সন্মান । লগতে চাদৰ আৰু অঙ্গ বস্ত্ৰ প্ৰদানেৰে সন্মানিত কৰাৰ অন্তত মিঠাই খুৱাই বিদায় দিয়ে ।

ইয়াৰ উপৰিও, তেওঁ লগত অনা ৯,৫০০ টকা দি তেওঁক ওভতাই দিয়ে । বেয়া বতৰ আৰু বৃদ্ধ সাধুগৰাকীৰ শাৰীৰিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কাৰাগাৰ অধীক্ষকে সাধু ৰাম চুৰাটক তেওঁৰ জীপেৰে অযোধ্যাৰ বাবা ৰঘুনাথ দাস বাদি চাউনীৰ দিশে লৈ যায় । এই গোটেই ঘটনাটো বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু এই ভিডিঅ' প্ৰত্যক্ষ কৰি সকলোৱে কাৰাগাৰ কৰ্তৃপক্ষক প্ৰশংসা কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: Assam CM in Tripura: CPIMৰ এতিয়া কোনো অস্তিত্বই নাই; হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.