ETV Bharat / bharat

DGCAৰ তথ্য অনুসৰি চলিত বৰ্ষৰ জুলাইত ৯৭ লাখতকৈও অধিক ঘৰুৱা যাত্ৰীৰ বিমানেৰে ভ্ৰমণ

author img

By

Published : Aug 18, 2022, 8:19 PM IST

Covid মহামাৰীৰ পিছত ভাৰত আৰু অন্যান্য দেশত আৰোপ কৰা ভ্ৰমণৰ সীমাবদ্ধতাৰ বাবে বিমান খণ্ডই লোকচানৰ সন্মুখীন হ‘বলগীয়া হৈছে । অৱশ্য়ে এনে পৰিস্থিতি সাম কটাৰ পিছত কিছু পৰিমাণে বিমান খণ্ডত আশাৰ ৰেঙণি দেখা গৈছে । চলিত বৰ্ষৰ জুলাই মাহত ৯৭ লাখতকৈও অধিক ঘৰুৱা যাত্ৰীয়ে বিমানেৰে ভ্ৰমণ কৰা বুলি অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ তথ্য়ত প্ৰকাশ ।

Directorate General of Civil Aviation
জুলাইত ৯৭ লাখতকৈও অধিক ঘৰুৱা যাত্ৰীৰ বিমানেৰে ভ্ৰমণ

নেচনেল ডেস্ক, ১৯ আগষ্ট: চলিত বৰ্ষৰ জুলাই মাহত ৯৭ লাখতকৈও অধিক ঘৰুৱা যাত্ৰীয়ে বিমানেৰে ভ্ৰমণ কৰিছে । অৱশ্যে এই পৰিসংখ্য়া জুনত ভ্ৰমণ কৰা যাত্ৰীতকৈ ৭.৬ শতাংশ কম। এই তথ্য় সদৰি কৰিছে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে(Directorate General of Civil Aviation)। বিমান নিয়ন্ত্ৰক ডিজিচিএয়ে বৃহস্পতিবাৰে এই তথ্য় সদৰি কৰি কয় যে সামগ্ৰিকভাৱে 2022 চনৰ জানুৱাৰীৰ পৰা জুলাই মাহৰলৈকে 6.69 কোটি লোকে ঘৰুৱা বিমানত ভ্ৰমণ কৰিছে ।

অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ তথ্যত পুনৰ উল্লেখ কৰা হৈছে যে চলিত বৰ্ষৰ জুলাইত এয়াৰ এছিয়া ইণ্ডিয়াই(Air Asia India) মেট্ৰ' বিমানবন্দৰ ক্ৰমে বাংগালুৰু, দিল্লী, হায়দৰাবাদ আৰু মুম্বাইত নিৰ্দিষ্ট সময়ত বিমান উৰুৱাবলৈ সক্ষম হৈছে । জুলাইত এই চাৰিটা বিমানবন্দৰত ভিস্তাৰা(Vistara) আৰু গ’ ফাৰ্ষ্টে ক্ৰমে ৮৯ শতাংশ আৰু ৮৪.১ শতাংশ নিৰ্দিষ্ট সময়ত বিমান উৰুৱাওৱাৰ ক্ষেত্ৰত দ্বিতীয় আৰু তৃতীয় স্থানত থকা বুলি উল্লেখ কৰিছে ডিজিচিএয়ে ।

উল্লেখ্য় যে বৰষুণৰ বতৰত সাধাৰণতে ভাৰতৰ বিমান খণ্ডৰ বাবে এক প্ৰত্য়াহ্বানৰ সময় হিচাপে গণ্য কৰা হয় । ইয়াৰ মাজতেই ইণ্ডিগ’য়ে ভাৰতৰ সৰ্বাধিক যাত্ৰী কঢ়িয়াবলৈ সক্ষম হৈছে । ইণ্ডিগ’য়ে জুলাইত 57.11 লাখ যাত্ৰী কঢ়িয়াইছে । এয়া ঘৰুৱা বজাৰৰ 58.8 শতাংশৰ অংশ বুলি উল্লেখ কৰিছে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ পৰা প্ৰকাশিত মাহেকীয়া তথ্য়ত ।

ডিজিচিএয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভিস্তাৰাই ১০.১৩ লাখ,গ’ ফাৰ্ষ্ট(Go First), স্পাইচজেট(SpiceJet), এয়াৰ এছিয়া ইণ্ডিয়া আৰু এলায়েন্স এয়াৰে(Alliance Air)জুলাই মাহত ক্ৰমে 7.95, 7.76, 4.42 আৰু 1.12 লাখ যাত্ৰী কঢ়িয়াবলৈ সক্ষম হৈছে । ক'ভিড মহামাৰীৰ পিছত ভাৰত আৰু অন্যান্য দেশত আৰোপ কৰা ভ্ৰমণৰ সীমাবদ্ধতাৰ বাবে বিমান খণ্ডই লোকচানৰ সন্মুখীন হৈছে । অৱশ্য়ে এনে পৰিস্থিতি সাম কটাৰ পিছত কিছু পৰিমাণে বিমান খণ্ডলৈ আশাৰ ৰেঙণি কঢ়িয়াই অনা দেখা গৈছে ।

লগতে পঢ়ক:অহা মাহত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ত্ৰিপুৰা ভ্ৰমণৰ সম্ভাৱনা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.