ETV Bharat / bharat

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...

9 am top ten news
9 am top ten news
author img

By

Published : Jan 8, 2021, 8:58 AM IST

১২-১৩ জানুৱাৰীত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ প্ৰতিনিধি

শেহতীয়া তথ্য অনুসৰি ১২ আৰু ১৩ জানুৱাৰীত নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'বলৈ অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগৰ এটা প্ৰতিনিধি দল । নিৰ্বাচন আয়োগে ইতিমধ্যে পৰ্যায়ক্ৰমে অসমলৈ ই ভি এম প্ৰেৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে ।

এখন আজৱ আৰক্ষী চকীঃ অপৰাধীক ৰাখিবলৈ নাই ল'ক-আপ

এই আৰক্ষী চকীখনে উদঙাইছে ৰাজ্যৰ আৰক্ষীৰ আধুনিকীকৰণৰ প্ৰকৃত স্বৰূপ ৷ জনতাৰ সেৱাৰ নামত দীৰ্ঘদিনে যমৰ যাতনা ভুগিব লগীয়া হৈছে জনহিত-জনসেৱাৰ্থে নিয়োজিত আৰক্ষী চকীখনৰ আৰক্ষীৰ জোৱান সকলে ৷

পৰৱৰ্তী প্ৰায় তিনিমাহৰ ভিতৰত পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিব অসামৰিক বিমান খণ্ড

দেশৰ ঘৰুৱা অসামৰিক বিমান খণ্ড দুই-তিনিমাহৰ ভিতৰত পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব বুলি আশা প্ৰকাশ অসামৰিক বিমান সচিব প্ৰদীপ সিং খাৰোলাৰ ৷ লগতে তেওঁ কয় যে, এতিয়াও বেয়া সময়ৰ অন্ত পৰা নাই ৷

বিধায়ক হোৱাৰ সপোন দেখা এজন ঝালমূৰীৱালা

ধন নাথাকিলেও ৰাইজৰ সহায় সাহাৰ্য লৈ নিৰ্বাচন খেলিবলৈ মন মেলিছে এই গৰাকী ঝালমূৰীৱালাই ৷ বিগত 16 বছৰে বাটে-পথে ঝালমূৰী বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া ঝালমূৰীৱালা গৰাকীয়ে এইবাৰ সপোন দেখিছে বিধানসভালৈ যোৱাৰ ৷

শুকুৰবাৰে পদত্যাগ কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাই

দীৰ্ঘদিন ধৰি কৃষক মুক্তিৰ সৈতে জড়িত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক সভাপতি ৰাজু বৰাই পদত্যাগ কৰিব । শুকুৰবাৰে সংঠনটোৰ পৰা পদত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিব ৰাজু বৰাই। ই টি ভি ভাৰতক এই কথা জনাইছে ৰাজু বৰাই।

হোজাইত বনৰীয়া হাতীৰ তাণ্ডৱ

হোজাইত বনৰীয়া হাতীৰ তাণ্ডৱ ৷ অলিছিগা নতুন বস্তিত বৃহস্পতিবাৰে খাদ্যৰ সন্ধানত নামি অহা এটা বনৰীয়া হাতীৰ জাকে চলালে উপদ্ৰৱ ৷

জবকাৰ্ডে হাঁহি বিৰিঙাইছে শ্ৰম হেৰুওৱা শ্ৰমিকৰ মুখত

কৰ'ণা ভাইৰাছৰ বাবে বহিঃৰাজ্যত কৰ্ম সংস্থাপন হেৰুৱাই অসমলৈ উভতি অহা লাখ লাখ লোকৰ বাবে ভাল খবৰ আনিছিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে। ব্যতিক্ৰমী পদক্ষেপেৰে অতিৰিক্ত কৰ্মদিন সৃষ্টিৰ লগতে লকডাউনৰ সময়ত দিশহাৰা হোৱা প্ৰায় ছয় লাখ লোকক দিয়া হৈছিল জবকাৰ্ড ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে সৰৱ শিক্ষক সমাজ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰঞ্জিত তামুলীৰ বিৰুদ্ধে সৰৱ বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ ৷ উপাচাৰ্য গৰাকীয়ে শিক্ষকক অভব্য আচৰণ কৰাৰ অভিযোগ ৷ অনিৰ্দিষ্ট কাললৈ শ্ৰেণী বজন কাৰ্যসূচী শিক্ষক সমাজৰ ৷

প্ৰতিষেধক কঢ়িয়াই নিবলৈ 8 খনকৈ শীতলিকৃত বাহন প্ৰদানৰ দাবী ত্ৰিপুৰাৰ

ত্ৰিপুৰাৰ বাবে প্ৰতিষেধকক এটা স্থানৰ পৰা আন এটা স্থানলৈ কঢ়িয়াই নিবলৈ 8 খনকৈ শীতলীকৃত বাহন প্ৰদানৰ বাবে দাবী জনোৱাৰ কথা সংবাদমেলত জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ নিৰ্দেশক সিদ্ধাৰ্থ শিবা জয়ছোৱালে ৷

অনিশ্চিত ৰাজনৈতিক ভৱিষ্যতৰ দিশে প্ৰফুল্ল কুমাৰ মহন্ত

ৰাজনৈতিক জীৱনত সততে বিতৰ্ক আৰু প্ৰত্যাহ্বানৰ সম্মুখীন হৈ অহা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পুনৰ সন্মুখীন হৈছে বৃহৎ প্ৰত্যাহ্বানৰ ৷ সমাগত বিধানসভাৰ সাধাৰণ নিৰ্বাচনত মিত্ৰ দল বিজেপিয়ে অগপক এৰি দিবলৈ প্ৰস্তুত নহয় বহঢ়মপুৰ সমষ্টি ৷ অগপ নেতৃত্বইও মহন্তৰ ভৱিষ্যতক লৈ মূৰ নঘমাই বহঢ়মপুৰ এৰি দিবলৈ সাজু হৈছে বিজেপিক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.