নেশ্যনেল ডেস্ক, ২২ মাৰ্চ: ত্ৰিপুৰাৰ শিক্ষা মন্ত্ৰী ৰতন লাল নাথে সোমবাৰে ৰাজ্যিক বিধানসভাক জনায় যে, বয়সৰ ক্ষেত্ৰত শিথিলতা দি নতুনকৈ সৃষ্টি কৰা পদৰ বাবে পূৰ্বে চাকৰিৰ পৰা বৰ্খাস্ত হোৱা ১০,৩২৩ জন শিক্ষকৰ ভিতৰত ৮,৬২৬ জন শিক্ষকে আবেদন কৰিছে । বৰ্তমান চাকৰিৰ পৰা বঞ্চিত হোৱা মুঠ শিক্ষকৰ সংখ্যা ৯,১০০ জন আৰু ইয়াৰে ৮,৬২৬ জন শিক্ষকে নতুনকৈ সৃষ্টি কৰা গ্ৰুপ চি আৰু গ্ৰুপ ডিৰ পদৰ বাবে আবেদন পত্ৰ পূৰণ কৰিছে ।
প্ৰায় ৫০০ গৰাকী শিক্ষকে এতিয়াও নতুন পদৰ বাবে আবেদন জনোৱা নাই আৰু তেওঁলোকৰ উপাৰ্জনৰ আন উপায় আছে বাবেই হয়তো তেওঁলোকে আবেদন কৰা নাই বুলি সদনত মন্তব্য কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে । বিধায়ক মাবাশ্বৰ আলী আৰু বিধায়ক সুধন দাসে যুটীয়াভাৱে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিক্ষা মন্ত্ৰী ৰতন লাল নাথে । ১০,৩২৩ জন শিক্ষকে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়ত চৰকাৰে অমানৱীয় ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল বিধায়ক মাবাশ্বৰ আলী আৰু বিধায়ক সুধন দাসে ।
বিৰোধী বিধায়কসকলে যুক্তি দিছিল যে, ঘটনাস্থলীৰ পৰা প্ৰতিবাদী শিক্ষকক বলপূৰ্বকভাৱে আঁতৰ কৰোৱা হৈছিল আৰু ই গণতন্ত্ৰৰ অনুপস্থিতিৰ ইংগিত বহন কৰিছিল । চৰকাৰৰ এনে দমন নীতিয়ে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাৰ অধিকাৰ খৰ্ব কৰাকে সূচাইছে বুলিও বিধায়ককেইজনে মন্তব্য কৰে । ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয় যে, বাৰে বাৰে প্ৰতিবাদী শিক্ষকসকলৰক প্ৰতিবাদ উঠাই ল'বলৈ আহ্বান জনোৱা হৈছিল । কিন্তু একাংশ প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ অব্যাহত ৰাখিবলৈ দৃঢ়প্ৰতিজ্ঞ আছিল । তেওঁ কয় যে, "তেওঁ ব্যক্তিগতভাৱে ১০,৩২৩ জন শিক্ষকৰ নেতৃত্বৰ সৈতে কথা পাতিছে আৰু তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছে যে তেওঁলোকৰ প্ৰতি ৰাজ্য চৰকাৰ সহানুভূতি আছে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত প্ৰকাশ কৰা মতে, মন্ত্ৰী পৰিষদে এটা প্ৰস্তাৱ গৃহীত কৰে আৰু তাৰ পিছত চৰকাৰে আকৌ এবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় । চৰকাৰে তেওঁলোকক আন বিভিন্ন পদত নিয়োজিত কৰিবলৈ কিছু শিথিলতা বিচাৰি ন্যায়ালয়ত আবেদন জনায় । কিন্তু উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কৈছিল যে, বয়সৰ ক্ষেত্ৰত শিথিলতা অনাৰ বাহিৰে বৰ্খাস্ত শিক্ষকসকলক আন কোনো বিশেষ সুবিধা প্ৰদান কৰিব নোৱাৰি ।
ইয়াৰ পিছতে ৰাজ্য চৰকাৰে এই শিক্ষকসকলক আন পদত নিযুক্তি দিবলৈ চেষ্টা কৰি আছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত জানিবলৈ দিয়ে । আৰক্ষীয়ে প্ৰতিবাদী শিক্ষকক অপদস্থ কৰা বুলি উত্থাপিত হোৱা অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, "শিক্ষকসকলে প্ৰথম ৫১ দিন অনুমতি অবিহনে প্ৰতিবাদ কৰা স্বত্বেও চৰকাৰে তেওঁলোকৰ প্ৰতিবাদত হস্তক্ষেপ কৰা নাই । যেতিয়া শিক্ষকসকলে তেওঁলোকৰ প্ৰতিবাদস্থলীত উগ্ৰ ভাষণ প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া আৰক্ষীয়ে আসন্ন সমস্যা সৃষ্টি হোৱাৰ শংকাত প্ৰতিবাদী কাৰ্যসূচীত হস্তক্ষেপ কৰে" ।
তেওঁ লগতে কয় যে চাকৰিৰ পৰা বঞ্চিত শিক্ষকসকলে আৰক্ষীৰ বাহনবোৰ ভাঙি চূৰ-মাৰ কৰিছিল আৰু শিল-ইটা দলিয়াইছিল । শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ ইটা অথবা শিলৰ প্ৰয়োজন আছে নেকি বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে । তেওঁ লগতে কয় যে, "শিক্ষকসকলৰ প্ৰতি প্ৰতি পৰ্যাপ্ত সহানুভূতি থকা দেখুৱাই একাংশ লোকে নিজৰ স্বাৰ্থ পূৰণৰ ষড়যন্ত্ৰ কৰিব পাৰে বুলিও তেওঁ সন্দেহ ব্যক্ত কৰে ।
শিক্ষা মন্ত্ৰী ৰতন লাল নাথে উচ্চতম ন্যায়ালয়ৰ আদেশ আৰু চৰকাৰে দাখিল কৰা শপতনামাৰ কথা উল্লেখ কৰি সদনক জনায় যে, চাকৰিৰ পৰা বৰ্খাস্ত হোৱা শিক্ষকসকলক জীৱিকা অৰ্জনৰ বাট মুকলি কৰি দিবলৈ চৰকাৰে যথেষ্ট চেষ্টা কৰি আছে । আনহাতে, বিধায়ক ৰতন চক্ৰৱৰ্তীয়ে ১০,৩২৩ গৰাকী শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ দিয়া নিৰ্দেশ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ দাবী জনায় । বিধায়ক সুদীপ ৰয় বৰ্মনেও সদনৰ আলোচনাত অংশগ্ৰহণ কৰে আৰু সমগ্ৰ পৰিস্থিতিৰ বাবে পূৰ্বৰ বাওঁপন্থী চৰকাৰক দায়ী কৰে ।
লগতে পঢ়ক:"আউটছ'ৰ্চিং"ক কেন্দ্ৰ কৰি ত্ৰিপুৰাৰ ৰাজনীতিত নতুন খেল