নেশ্যনেল ডেস্ক, ১০ মে': দেশত অব্যাহত আছে কৰ'ণা মহামাৰীৰ বিভীষিকা । কৰ'ণাসৃষ্ট সংকটৰ সময়তো নিজৰ জীৱনকো তুচ্ছ কৰি চিকিৎসা সেৱা আগবঢ়াই অহা চিকিৎসক আৰু আন স্বাস্থ্য কৰ্মীসকলো কৰ'ণা ৰোগীক চিকিৎসা প্ৰদান কৰি এই মহামাৰীত আক্ৰান্ত হয় । দিল্লীৰ সৰোজ ছুপাৰ স্পেচিয়েলিটি হাস্পতালতো কেইবাগৰাকী চিকিৎসক মুঠ ৮০ গৰাকী স্বাস্থ্য কৰ্মী মহামাৰীত আক্ৰান্ত হৈছে ।
ক'ভিড-১৯ ৰ প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰাৰ পিছতো চিকিৎসালয়খনৰ এগৰাকী চিকিৎসকৰ মৃত্যু হয় । শনিবাৰে নিশা ক'ভিড-১৯ ত আক্ৰান্ত হৈ চিকিৎসালয়খনৰ জ্যেষ্ঠ চিকিৎসক ডাঃ এ কে ৰাৱটে মৃত্যুক আঁকোৱালি লোৱাৰ কথা হাস্পতালখনৰ মুখ্য স্বাস্থ্যবিষয়া ডাঃ পি কে ভৰদ্বাজে জানিবলৈ দিয়ে ।
যোৱা দহ দিন পূৰ্বে মহামাৰীত আক্ৰান্ত হোৱাৰ পাচত প্ৰথমে তেওঁ হোম আইছ'লেছনত আছিল । পাচত স্বাস্থ্য অধিক অৱনতি ঘটাত অক্সিজেনৰ স্তৰ নিম্নগামী হোৱাৰ ফলত মৃত্যুক আঁকোৱালি লয় চিকিৎসকগৰাকীয়ে । ৰাৱটে প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰাৰ পিছতো তেওঁ প্ৰাণ হেৰুৱাবলগীয়া হয় ।
ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ চিকিৎসকসহ ৮০ গৰাকী স্বাস্থ্য কৰ্মীৰ অধিকাংশই হোম আইছ'লেছনত আছে আৰু মহামাৰীত আক্ৰান্ত কৰ্মচাৰীসকলক চিকিৎসালয়ৰ তৰফৰ পৰা চিকিৎসা সেৱা আগবঢ়োৱা হৈছে । ইফালে, দেওবাৰেৰ দিনটোত দিল্লীত ১৩,৩৩৬ জন মহামাৰীত আক্ৰান্ত হোৱাৰ বিপৰীতে ২৭৩ জনে প্ৰাণ হেৰুৱাবলগীয়া হয় ।
লগতে পঢ়ক: দুদিনৰ ব্যৱধানত দেশত পুনৰ পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি