ETV Bharat / bharat

সপ্তমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিবলৈ সাজু নিতীশ কুমাৰ

author img

By

Published : Nov 16, 2020, 12:44 PM IST

সপ্তমাবৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব নিতীশ কুমাৰে ৷ সৰ্বাধিক বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ অভিলেখ গঢ়ি সোমবাৰে বিয়লি 4:30 বজাত বিহাৰৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী হিচাপে পুনৰবাৰ শপত গ্ৰহণ কৰিব নিতীশ কুমাৰে ৷

সপ্তমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নিতীশ কুমাৰে

নিউজ ডেস্ক, 16 নৱেম্বৰ: এগৰাকী সামাজিক অভিযন্তা হিচাপে ৰাইজৰ মন জয় কৰাত পুনৰ সফল হ'ল নিতীশ কুমাৰ ৷ পূৰ্বতে 6 বাৰকৈ এই সত্বাৰ জৰিয়তে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত নিতীশ কুমাৰে এইবাৰ সপ্তমবাৰৰ বাবে বিহাৰৰ মুখ্যামন্ত্ৰী পদত অধিষ্ঠিত হ'ব ৷ সোমবাৰে বিয়লি 4:30 বজাত নিতীশ কুমাৰে শপত গ্ৰহণ কৰিব ৷ ৰাজ্যপাল ফাগু চৌহানে তেওঁক গোপনীয়তাৰ শপত বাক্য পাঠ কৰাব ৷ নিতীশ কুমাৰৰ লগতে বিহাৰৰ অন্য বহুকেইগৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰিব ৷

নিতীশ কুমাৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হৈছিল-

  • 29 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে 2000 চনৰ 3 মাৰ্চত শপত গ্ৰহণ
  • 31 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে 2005 চনৰ নৱেম্বৰত শপত গ্ৰহণ
  • 32 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে 2010 চনৰ নৱেম্বৰত শপত গ্ৰহণ
  • 34 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে 2015 চনৰ ফেব্ৰুৱাৰীত শপত গ্ৰহণ
  • 35 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে 2015 চনৰ নৱেম্বৰত শপত গ্ৰহণ
  • 36 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে 2017 চনৰ জুলাইত শপত গ্ৰহণ
  • 37 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে 2020 ৰ 16 নৱেম্বৰত শপত গ্ৰহণ কৰিব

এইবাৰৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত নীতিশ কুমাৰে 2020 ৰ নিৰ্বাচনক নিজৰ জীৱনৰ শেষ নিৰ্বাচন বুলি কৈছিল ৷ ৰাজনৈতিক বিশেষজ্ঞ সকলৰ মতে নিতীশ কুমাৰৰ এই আৱেগিক বাক্যবাণে তেওঁক এই বছৰৰ নিৰ্বাচনী বৈতৰণী পাৰ হৈ যোৱাত বিশেষভাৱে অৰিহণা আগবঢ়ালে ৷

ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ আহ্বান

বিহাৰত নতুন চৰকাৰ গঠনৰ উদ্দেশ্যে দেওবাৰে এনডিএৰ বিধায়িনী দলৰ এখন বৈঠক আয়োজন কৰা হয় ৷ এই বৈঠকতে নিতীশ কুমাৰক বিধায়ক দলৰ নেতা হিচাপে নিৰ্বাচন কৰা হয় ৷ এই বৈঠকৰ পাছতে ৰাজভৱনলৈ গৈ নিতীশ কুমাৰে ৰাজ্যপাল ফাগু চৌহানক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ আহ্বান জনায় ৷

নিতীশ কুমাৰৰ চমু পৰিচয়

1951 চনত বিহাৰৰ এক কুৰ্মী পৰিয়ালত জন্মলাভ কৰা নিতীশ কুমাৰে বিহাৰৰ পাটনা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰী লাভ কৰে ৷ তেখেতৰ উপনাম মুন্না ৷ 1973 চনৰ 22 ফেব্ৰুৱাৰীত পেচাত এগৰাকী ইঞ্জিনীয়াৰ মঞ্জু কুমাৰী সিন্হাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৷ নিতীশ কুমাৰ এক পুত্ৰ সন্তানৰ পিতৃ আৰু তেওঁৰ পুত্ৰও এগৰাকী আইআইটি গ্ৰেজুৱেট ৷
নিতীশ কুমাৰৰ ৰাজনৈতিক যাত্ৰা

  • 1977 চনত নিতীশ কুমাৰে প্ৰথমবাৰৰ বাবে ৰাজনীতিৰ পথাৰত ভৰি থয় ৷ এই বছৰটোত তেওঁ জনতা পাৰ্টীৰ টিকট লৈ প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হয় ৷
  • 1985 চনত তেওঁ বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয় ৷ ইয়াৰ লগে লগে তেওঁৰ ৰাজনৈতিক ধাৰা ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে ৷
  • 1987 চনত নিতীশ কুমাৰ যুৱ লোক দলৰ অধ্যক্ষ পদত অধিষ্ঠিত হয় ৷
  • ৰাজনৈতিক ক্ষেত্ৰখনত নিজৰ খোপনি অধিক সুদৃঢ় কৰি থকাৰ মাজতে 1989 চনত নিতীশক জনতা দল (বিহাৰ)ৰ মহা সচিব হিচাপে নিৰ্বাচিত কৰা হয় ৷
  • 1989 চনতেই নৱম সংখ্যক লোক সভা নিৰ্বাচনৰ বাবে নিতীশক নিৰ্বাচিত কৰা হয় ৷ লোকসভাত এইয়ে আছিল নিতীশ কুমাৰৰ প্ৰথমটো কাৰ্যকাল ৷
  • ইয়াৰ পাছতে 1990 চনৰ এপ্ৰিল মাহৰ পৰা নৱেম্বৰলৈ কৃষি আৰু সহকাৰী বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে ৷
  • 1991 চনত 10 সংখ্যক লোকসভা নিৰ্বাচনত নিতীশ পুনৰ এবাৰলৈ সংসদলৈ নিৰ্বাচিত হয় ৷
  • 1991 চনতেই জনতা দলৰ মহাসচিব নিৰ্বাচিত হোৱাৰ লগতে সংসদত জনতা দলৰ উপনেতা হিচাপে নিৰ্বাচিত হয় ৷
  • প্ৰায় দুবছৰ পাছত 1993 চনত তেওঁক কৃষি সমিতিৰ অধ্যক্ষ নিৰ্বাচিত কৰা হয় ৷
  • 1996 চনতো 11 সংখ্যক লোকসভা নিৰ্বাচনৰ বাবে নিতীশ কুমাৰ নিৰ্বাচিত হয় ৷
  • 1996 চনৰ পৰা 1998 চনলৈ তেওঁ প্ৰতিৰক্ষা সংসদীয় সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে ৷
  • 1998 চনত 12 সংখ্যক লোক সভা নিৰ্বাচনৰ তেওঁ পুনৰ নিৰ্বাচিত হয় ৷
  • 1998 চনৰ পৰা 1999 চনলৈ তেওঁ কেন্দ্ৰীয় ৰে'লৱে মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে ৷
  • 1999 চনত 13 সংখ্যক লোক নিৰ্বাচনৰ বাবে নিৰ্বচিত হৈ তেওঁ কেন্দ্ৰীয় কৃষি মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে ৷
  • 2000 চনত প্ৰথমবাৰৰ বাবে তেওঁ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ৷ এই কাৰ্যকাল আছিল মাথো 8 দিনৰ বাবে ৷ তেওঁ 2000 চনৰ 3 মাৰ্চৰ পৰা 10 মাৰ্চলৈকে মুখ্যমন্ত্ৰীৰ পদ চম্ভালে ৷
  • ইয়াৰ পাছত 2000 চনতেই তেওঁ পুনৰ কেন্দ্ৰীয় কৃষি মন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ৷
  • 2001 চনত নিতীশক ৰে'লৱেৰ অতিৰিক্ত দায়িত্ব আৰোপ কৰা হৈছিল ৷
  • 2001 ৰ পৰা 2004 চনলৈকে তেওঁ কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে ৷
  • ইয়াৰ পাছত2004 চনত নিতীশ কুমাৰ পুনৰ 14 সংখ্যত লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচিত হয় ৷

সোমবাৰে বিয়লি 4:30 নিতীশ কুমাৰে পুনৰ মুখ্যমন্ত্ৰী পদৰ বাবে শপত গ্ৰহণ কৰিব ৷ এই শপত গ্ৰহণ অনুষ্ঠানত বিজেপি আৰু জেডিইউ ৰ শীৰ্ষ নেতাসকল উপস্থিত থাকিব ৷

লগতে পঢ়ক: জম্মু-কাশ্মীৰৰ পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বত অনুৰাগ ঠাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.