ETV Bharat / bharat

Bidar Buffalo Theft Case : ম'হ চুৰিৰ গোচৰত ৫৮ বছৰ পিছত গ্ৰেপ্তাৰ ৭৮ বছৰীয়া বৃদ্ধক - Bidar police

বৰ্তমান এটা বিশেষ দলে গণপতিক বিচাৰি উলিয়াইছে আৰু তেওঁক আদালতত হাজিৰ কৰিছে । চুৰি কৰাৰ সময়ত গণপতিৰ বয়স আছিল মাত্ৰ ২০ বছৰ । বৰ্তমান তেওঁৰ বয়স ৭৮ বছৰ ।

Bidar Buffalo Theft Case
Bidar Buffalo Theft Case
author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 11:59 AM IST

নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : ক'বলৈ গ'লে আজৱ দেশৰ গজৱ কাহিনী । ২০ বছৰ বয়সত এজন যুৱকে চুৰি কৰিছিল ম'হ । কিন্তু সেই ম'হ চোৰটোক ধৰিবলৈ আৰক্ষীৰ সময় লাগিল ৫৮ বছৰ ! ৫৮ বছৰ পিছত বিদাৰ আৰক্ষীয়ে ম'হ চুৰিৰ গোচৰটো পুনৰ অনুসন্ধানৰ বাবে গ্ৰহণ কৰে । আৰক্ষীয়ে ৫৮ বছৰৰ পিছত ম'হ চুৰিৰ গোচৰত তেতিয়াৰ যুৱক আৰু বৰ্তমান ৭৮ বছৰীয়া বৃদ্ধ অভিযুক্ত গণপতিক গ্ৰেপ্তাৰ কৰে ।

ঘটনাটো হৈছে এনে ধৰণৰ । ১৯৬৫ চনৰ কথা । সেই সময়ত ২০ বছৰীয়া চফল ডেকা মুৰলীধৰ ৰাও কুলকাৰ্ণীয়ে মেহকাৰত দুটা ম'হ আৰু এটা পোৱালি চুৰি কৰিছিল । এই সন্দৰ্ভত মেহকাৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হয় । ঘটনাটোৰ পিছত মহাৰাষ্ট্ৰৰ উদাগিৰৰ কিষাণ চন্দৰ (৩০) আৰু গণপতি ৱাঘমোৰক (২০) গ্ৰেপ্তাৰ কৰা হয় ।

অৱশ্যে জামিন লাভৰ পিছত এই অভিযুক্ত দুজনে আদালতত উপস্থিত নোহোৱাকৈ পলাতক হৈ থাকে । যদিও চমন আৰু ৱাৰেণ্ট জাৰি কৰা হৈছিল, তথাপিও তেওঁলোক আদালতত উপস্থিত হোৱা নাছিল । আনহাতে, ইয়াৰ মাজতে প্ৰথম অভিযুক্ত কিষাণৰ মৃত্যু হোৱাৰ লগে লগে তেওঁৰ বিৰুদ্ধে থকা গোচৰটো খাৰিজ কৰা হয় । আন এজন অভিযুক্ত গণপতি বহু বছৰ ধৰি আত্মগোপন কৰি আছিল । বৰ্তমান এটা বিশেষ দলে গণপতিক বিচাৰি উলিয়াইছে আৰু তেওঁক আদালতত হাজিৰ কৰিছে । চুৰি কৰাৰ সময়ত গণপতিৰ বয়স আছিল মাত্ৰ ২০ বছৰ । আৰু বৰ্তমান তেওঁৰ বয়স ৭৮ বছৰ ।

উল্লেখ্য যে বহু বছৰ ধৰি বিচাৰাধীন গোচৰ আৰু এলপিআৰ গোচৰৰ নিষ্পত্তি কৰিবলৈ এটা বিশেষ দল গঠন কৰা হৈছে । যিসকল অভিযুক্তই আদালতত হাজিৰ হোৱা নাই সেইসকলক ধৰিবলৈ এই দলটো গঠন কৰা হৈছে । এই দলটোৱেই এতিয়া ৫৮ বছৰ পুৰণি গোচৰৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰু এনে ধৰণৰ মুঠ ৭ টা গোচৰ বিচাৰি উলিওৱাত সফল হৈছে বুলি বিদাৰৰ এছপি চান্নাবাচাৱন্না এছএলে কয় ।

লগতে পঢ়ক :Horrific road accident: পুৱতি নিশা শোকাৱহ পথ দুৰ্ঘটনাত অতিকমেও 11 গৰাকী বাছ যাত্ৰীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.