নেশ্যনেল ডেস্ক,১৫ আগষ্ট : আজি দেশজুৰি পালন কৰা হৈছে ৭৭ সংখ্যক স্বাধীনতা দিৱস । প্ৰতিখন ৰাজ্যতে বিভিন্ন কাৰ্যসূচীৰে স্বাধীনতা দিৱসৰ আয়োজন কৰা হৈছে । হায়দৰাবাদস্থিত ৰামোজী ফিল্ম চিটীত ব্যাপক কাৰ্যসূচীৰে স্বাধীনতা দিৱস পালন কৰা হয় ।
ৰামোজী ফিল্ম চিটীৰ পৰিচালন সঞ্চালিকা বিজয়েশ্বৰী চেৰুকুৰীয়ে স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । লগে লগে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয় । ইউকেএমএলৰ সঞ্চালক শিৱৰামকৃষ্ণ আৰু ৰামোজী গ্ৰুপ অফ কোম্পানীৰ মানৱ সম্পদৰ অধ্যক্ষ আটলুৰী গোপালৰাও অনুষ্ঠানটোত উপস্থিত থাকে । ৰামোজী গ্ৰুপৰ বিভিন্ন বিভাগৰ মুৰব্বী, অধীনস্থ আৰু কৰ্মচাৰীসকলেও অনুষ্ঠানটোত অংশগ্ৰহণ কৰে ।
স্বাধীনতা দিৱসক লৈ সমগ্ৰ ফিল্ম চিটীতে দেশপ্ৰেমৰ অনুভূতিৰে আনন্দ আৰু উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে । এম.ডি. বিজয়েশ্বৰীকে ধৰি শীৰ্ষ বিষয়াসকলে ৰামোজী ফিল্ম চিটীৰ কৰ্মচাৰীসকলক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । ইফালে অনুষ্ঠানটোৰ বাবে সোমবাৰেই বিশেষ মঞ্চ স্থাপন কৰা হয় আৰু সমগ্ৰ ফিল্ম চিটী স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সজাই পৰাই তোলা হয় ।
উল্লেখ্য যে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা বিশ্বৰ সৰ্ববৃহৎ ফিল্ম চিটী হিচাপে স্বীকৃত ৰামোজী ফিল্ম চিটীয়ে আগবঢ়োৱা অনন্য অভিজ্ঞতাৰ বাবে বহুতো দৰ্শনাৰ্থীক ই আকৰ্ষণ কৰি আহিছে । আনন্দ আৰু উল্লাসৰ দৃশ্যৰ মাজতে ফিল্ম চিটীত দেশপ্ৰেম আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ এক অনুভূতিও বিৰাজ কৰে যিটো গোটেই বছৰজুৰি স্পষ্ট হৈ ৰয় । কিয়নো আৰএফচিৰ বেছিভাগ গুৰুত্বপূৰ্ণ অট্টালিকাত ত্ৰিৰংগাৰ ৰং লগোৱা হয় । ইফালে এইবছৰো বিভিন্ন স্থানত ত্ৰিৰংগা, ৰঙ বিৰঙী লাইট আদিৰে বিশ্বৰ সৰ্ববৃহৎ ফিল্ম চিটীক সজাই পৰাই তোলা হৈছে ।
লগতে পঢ়ক :Indian independence day 2023 outfit: স্বাধীনতা দিৱস উপলক্ষে এনেদৰে সজাই তোলক নিজকে