ETV Bharat / bharat

ব্ৰিটিছ শাসনত ৰক্তপাতহীন বিপ্লৱৰ এক গৌৰৱময় ইতিহাস আৰু কুমাঁও কেশৰী

কুমাঁও কেশৰী বদ্ৰী দত্ত পাণ্ডেৰ জীৱন কাহিনী ৷ 1882 চনত হৰিদ্বাৰত জন্ম হোৱা পাণ্ডেই অন্ত পেলাইছিল ব্ৰিটিছৰ অত্যাচাৰী কুলি-বেগৰ প্ৰথাৰ ৷ জানো আঁহক সবিশেষ ৷

75-years-of-independence-kumaon-kesari-who-redeemed-hill-people-from-coolie-begar-system
ব্ৰিটিছ শাসনত ৰক্তপাতহীন বিপ্লৱৰ এক গৌৰৱময় ইতিহাস আৰু কুমাঁও কেশৰী
author img

By

Published : Oct 30, 2021, 6:05 AM IST

নিউজ ডেস্ক, 29 অক্টোবৰ : ব্ৰিটিছৰ শাসন কালত, ভাৰতীয় লোকসকলে নানান ধৰণে নিৰ্যাতন ভুগিব লগীয়া হৈছিল । সেই সময়তে অত্যাচাৰী ঔপনিৱেশিক শাসনক ক্ষমতাচ্যুত কৰিবলৈ বহসংখ্যক স্বাধীনতা সংগ্ৰামীৰ জন্ম হৈছিল । তেনে এজন লোকেই হৈছে বদ্ৰী দত্ত পাণ্ডে ৷ ১৮৮২ চনত হৰিদ্বাৰত পাণ্ডেৰ জন্ম হৈছিল । তেওঁ ব্ৰিটিছৰ দ্বাৰা পাহাৰীয়া অঞ্চলত প্ৰচলিত কুলি-বেগৰ প্ৰথাৰ দৰে এক অত্যাচাৰী প্ৰথা নিৰ্মূল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ৰাইজে বদ্ৰীক মৰমেৰে কুমাওঁ কেশৰী বুলিও সম্বোধন কৰিছিল ৷

ব্ৰিটিছ শাসনত ৰক্তপাতহীন বিপ্লৱৰ এক গৌৰৱময় ইতিহাস আৰু কুমাঁও কেশৰী

তেওঁ কুলি-বেগৰ প্ৰথাৰ বিৰুদ্ধে সৰ্বসাধাৰণ জন-গণক একত্ৰিত কৰিছিল । এই কথাত অসন্তুষ্ট হৈ সেই অঞ্চলৰ ব্ৰিটিছ উপায়ুক্তজনে কুলি-বেগৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বিশাল সমাৱেশত সমবেত হোৱা ৫০,০০০ লোকৰ ওপৰত গুলীচালনা কৰিব বিচাৰিছিল । কিন্তু বিশাল জনসমাগম দেখি ব্ৰিটিছ বিষয়াজনে এনে আদেশ কাৰ্যকৰী কৰিবলৈ সক্ষম হোৱা নাছিল । ইয়াৰ পিছত উপায়ুক্ত গৰাকীয়ে বদ্ৰী দত্ত পাণ্ডেক মাতি পঠিয়ালে আৰু তেওঁক বিভিন্ন ধৰণৰ ভয়-ভাবুকি প্ৰদান কৰে । কিন্তু বিচলিত হোৱা নাছিল বদ্ৰী ৷ সফল হৈছিল তেওঁৰ প্ৰচেষ্টা ৷

পিছলৈ ৰাইজে বদ্ৰী দত্ত পাণ্ডেক দুটাকৈ সোণৰ পদকেৰে সন্মানিত কৰিছিল ৷ অৱশ্যে তেওঁ ইয়াক ১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধত প্ৰতিৰক্ষা পুঁজিৰ বাবে প্ৰদান কৰে । কুলি-বেগৰ প্ৰথাৰ সমাপ্তিৰ বাবে তেওঁক কুমাঁও কেশৰী উপাধি প্ৰদান কৰা হৈছিল । এই ঘটনাক মহাত্মা গান্ধীয়ে এক ৰক্তপাত হীন বিপ্লৱ বুলি অভিহিত কৰিছিল । গান্ধীয়ে তেওঁৰ ইয়ং ইণ্ডিয়াতো এই বিপ্লৱৰ বিষয়ে উল্লেখ কৰিছিল ৷

লগতে পঢ়ক : গাখীৰ বিচাৰি ভৱেশ কলিতা-প্ৰমোদ বড়োলৈ ঘাঁহৰ বীজ পঠিয়ালে কোনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.