নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ: সেউজীয়া গছ-গছনিৰে আবৃত পাহাৰৰ মাজেৰে এটা পকী ৰাস্তা... পথটোৰে যিমানেই ওপৰলৈ উঠি যোৱা যায়, সিমানেই বতাহৰ সৈতে কুঁৱলীৰ ডাঠ আচ্ছাদনে ঘেৰি ধৰে । দূৰণিত জিলিকিছে সুউচ্চ পাহাৰ । ভ্ৰমণৰ আনন্দ আৰু অনুসন্ধিৎসু মনত এজোলোঙা প্ৰশ্ন লৈ আমাৰ সাংবাদিক উপস্থিত হৈছিল পশ্চিমবংগৰ দাৰ্জিলিঙৰ গিদ্দাপাহাৰত ।
এয়া গিদ্দাপাহাৰ ! পাহাৰৰ বিচিত্ৰ, চালে চকুৰোৱা ঠাই, যি এজন কিংবদন্তি স্বাধীনতা সংগ্ৰামীৰ অধ্যৱসায়, বুদ্ধিমত্তা আৰু অদম্য সাহসৰ সাক্ষী । মাতৃভূমিৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা এই একেজন ব্যক্তি প্ৰেমিকালৈ প্ৰেমপত্ৰ লিখাৰ সমান্তৰালকৈ সহকৰ্মীসকললৈও তথ্যসমৃদ্ধ পত্ৰ লিখাতো পাৰ্গত । হয়, দাৰ্জিলিং পাহাৰৰ কুৰ্চিয়ং খণ্ডৰ গিদ্দাপাহাৰে তেওঁলোকৰ নেতাজীক এনেদৰে জানে, এনেদৰেই চিনি পায় । এয়াই স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসু ।
ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস নেতাজীৰ অবিহনে অসম্পূৰ্ণ(Story of Netaji Subhas Chandra Bose) । নেতাজী সুভাষ চন্দ্ৰ বসু হৈছে সেইগৰাকী স্বাধীনতা যুঁজাৰু, যিয়ে অকলেই ব্ৰিটিছ সাম্ৰাজ্য আৰু ভাৰতত ব্ৰিটিছৰ ঔপনিৱেশিক শাসনৰ ভেঁটি জোকাৰি গৈছিল (Story of Netaji's fight for freedom)। ব্ৰিটিছে সুভাষ চন্দ্ৰ বসুক সদায় নিজৰ নিৰীক্ষণত ৰাখিব বিচাৰিছিল আৰু সেই কাৰণেই ১৯৩৬ চনৰ জুন মাহৰ পৰা ছয় মাহৰ বাবে গিদ্দাপাহাৰৰ এই ঘৰটোত গৃহবন্দী কৰি ৰখা হৈছিল সুভাষ চন্দ্ৰ বসুক ।
১৯২২ চনত সুভাষ চন্দ্ৰ বসুৰ জ্যেষ্ঠ ভাতৃ শৰৎ চন্দ্ৰ বসুৱে ক্ৰয় কৰিছিল গিদ্দাপাহাৰত থকা এই বাংলোটো । বসু পৰিয়াল প্ৰায়ে বন্ধৰ দিনত এই ঘৰটোলৈ আহিছিল আৰু সুভাষ চন্দ্ৰ বসুৱেও অধিকাংশ সময়ত পৰিয়ালৰ সদস্যসকলক সংগ দিছিল । কিন্তু, ১৯৩৫ চনৰ পিছত এই ঘৰটোতে নেতাজীক গৃহবন্দী কৰি ৰখাৰ পিছত সেই সকলোবোৰ পৰিৱেশ সলনি হৈ পৰিছিল । বাহিৰৰ জগতখনৰ সৈতে তেওঁৰ সংযোগ প্ৰায় নোহোৱা হৈ পৰিছিল ।
তেওঁৰ বাবে বন্ধ কোঠাৰ খিৰীকি সদৃশ হৈ পৰিছিল তেওঁৰ ব্যক্তিগত সহায়ক কালু সিং লামা । সুভাষ চন্দ্ৰ বসুৱে লিখা প্ৰেৰণ কৰিব বিচৰা বাৰ্তা কোনেও নজনাকৈ নি সঠিক ঠাইত প্ৰেৰণ কৰিছিল কালুৱে । কেতিয়াবা ব্ৰেডৰ মাজত অথবা কেতিয়াবা জোতাৰ ভিতৰত লুকুৱাই নিছিল নেতাজীয়ে লিখা পত্ৰবোৰ । বাৰ্তা প্ৰেৰণৰ বাবে সুবিধাজনক হোৱা বাবে ব্ৰেড বৰ প্ৰিয় আছিল নেতাজীৰ বাবে (Netaji's love for english breakfast) ।
গৃহবন্দী হৈ থকাৰ সময়তে সুভাষ চন্দ্ৰ বসুৱে বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ 'বন্দে মাতৰম'ত কিছুমান শব্দ ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনাই ৰবীন্দ্ৰনাথ ঠাকুৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল । ১৯৯৬ চনত ৰাজ্য চৰকাৰে গিদ্দাপাহাৰৰ ঘৰটো অধিগ্ৰহণ কৰাৰ পিছত নেতাজী ইনষ্টিটিউট ফৰ এছিয়ান ষ্টাডিজে ঘৰটো সংগ্ৰহালয়লৈ পৰিৱৰ্তন কৰে । তথ্য অনুসৰি, নেতাজীয়ে গৃহবন্দী হৈ থকাৰ সময়ত এই গিদ্দাপাহাৰ বাংলোৰ পৰা মনে মনে প্ৰেৰণ কৰিছিল প্ৰায় ২৬ খন চিঠি আৰু নোট । এতিয়া নেতাজীৰ স্মৃতিৰে পশ্চিমবংগৰ পাহাৰৰ মাজত উজ্জীৱিত হৈ আছে গিদ্দাপাহাৰ বাংলোটো ।
লগতে পঢ়ক: Central Railways reverts platform ticket price : প্লেটফৰ্ম টিকটৰ মূল্য ১০ টকালৈ হ্ৰাস