ETV Bharat / bharat

ক'ভিড প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰিছে দেশৰ ৭১ শতাংশ প্ৰাপ্তবয়স্ক লোকে

"বৰ্তমানলৈকে ভাৰতত ক'ভিড-১৯ প্ৰতিষেধক(COVID-19 vaccine)ৰ প্ৰায় ৯৩ কোটি পালি প্ৰদান কৰা হৈছে । দেশৰ ৭১ শতাংশ প্ৰাপ্তবয়স্ক লোকে ক'ভিড প্ৰতিষেধকৰ প্ৰথম পালি লাভ কৰিছে । প্ৰতিষেধকৰ দ্বিতীয় পালিও দেশজুৰি প্ৰদান কৰি থকা হৈছে" । কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে ।

author img

By

Published : Oct 8, 2021, 11:02 AM IST

71 pc adult population received first Covid vaccine dose
ক'ভিড প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰিছে দেশৰ ৭১ শতাংশ প্ৰাপ্তবয়স্ক লোকে

নেশ্যনেল ডেস্ক, ৮ অক্টোবৰ : দেশজুৰি বৰ্তমান ক'ভিড-১৯ৰ টীকাকৰণ অভিযান অব্যাহত আছে । চৰকাৰী তথ্য অনুসৰি, দেশৰ ৭১ শতাংশ প্ৰাপ্তবয়স্ক লোকে ক'ভিড প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰিছে । আনহাতে, ২৭ শতাংশ লোকে দুয়োটা পালি লাভ কৰিছে । নীতি আয়োগ(NITI Aayog)ৰ সদস্য(স্বাস্থ্য) ড৹ ভি কে পলে(Dr VK Paul) বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি জানিবলৈ দিছে যে, এতিয়ালৈকে দেশত ৯৩ কোটিৰো অধিক পালি প্ৰদান কৰা হৈছে ।

ড০ ভি কে পলে লগতে নিশ্চিত কৰে যে, বৰ্তমাান দেশত প্ৰতিষেধক যথেষ্ট পৰিমাণে মজুত আছে । তেওঁ সকলোকে প্ৰতিষেধকৰ দ্বিতীয় পালি গ্ৰহণ কৰিবলৈ আহ্বান জনায় । দেশৰ ৰাজ্যই ৰাজ্যই দ্ৰুত গতিত দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে । তেওঁ কয় যে, নিজকে সম্পূৰ্ণৰূপে সুৰক্ষিত কৰাটো অতি আৱশ্যক ।

তেওঁ জনায় যে, এতিয়াও বহুলোকে প্ৰতিষেধকৰ দ্বিতীয় পালি গ্ৰহণ কৰিবলৈ বাকী আছে । লগতে তেওঁ আশ্বাস দিয়ে যে, বৰ্তমান প্ৰদান কৰি থকা প্ৰতিষেধক সম্পূৰ্ণৰূপে সুৰক্ষিত আৰু ইয়াৰ বিশেষ পাৰ্শ্ব ক্ৰিয়া নাই । সেয়ে, উৎসৱৰ সময়তো মানুহে এই প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব বুলি তেওঁ মন্তব্য কৰে ।

ঝাৰখণ্ড, পশ্চিম বংগ, মেঘালয়, মণিপুৰ আৰু নাগালেণ্ডত ৬০ শতাংশতকৈ কম লোকে প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছে । সকলোকে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে, এয়া ভীতিগ্ৰস্ত হোৱা সময় নহয় আৰু শীঘ্ৰেই সমগ্ৰ দেশত টীকাকৰণ সম্পূৰ্ণ কৰিব লাগিব । প্ৰতিষেধকৰ উপলব্ধতাৰ প্ৰসংগত তেওঁ কয় যে, এতিয়া দেশত পৰ্যাপ্ত পৰিমাণে প্ৰতিষেধক আছে । গতিকে কোনো সমস্যাৰ সৃষ্টি হোৱা নাই ।

তেওঁ পুনৰ কয় যে, সকলোৱে ক'ভিড-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰা উচিত আৰু নিজকে মহামাৰীৰ পৰা ৰক্ষা কৰিব লাগে । আনহাতে, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ যুটীয়া সচিব লাভ আগৰৱালে(Lav Agarwal) কয় যে, ৯৯ শতাংশ স্বাস্থ্য কৰ্মীয়ে প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছে আৰু ৮৫ শতাংশই দ্বিতীয় পালি গ্ৰহণ কৰিছে । ফ্ৰণ্টলাইন কৰ্মীসকলৰ ভিতৰত ১০০ শতাংশই প্ৰথম পালি প্ৰতিষেধক আৰু ৮৩ শতাংশই দ্বিতীয় পালি গ্ৰহণ কৰিছে ।

আগৰৱালে লগতে কয় যে, "দেশৰ ৭১ শতাংশ প্ৰাপ্তবয়স্ক লোকে ক'ভিড প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰিছে আৰু ২৭ শতাংশক দুয়োটা পালি প্ৰদান কৰা হৈছে । চৰকাৰী তথ্য অনুসৰি, ছেপ্টেম্বৰ মাহত দৈনিক ৭৮.৬৯ লাখ লোকৰ টীকাকৰণ কৰা হৈছিল । ৭ অক্টোবৰ মাহ পৰ্যন্ত দৈনিক ৬২.৫৬ লোকক প্ৰতিষেক প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক:বিশ্বৰ প্ৰথমটো মেলেৰিয়া ভেকছিন অনুমোদন জনালে বিশ্ব স্বাস্থ্য সংস্থাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.