ETV Bharat / bharat

Maharashtra Temple tragedy : মন্দিৰৰ ওপৰত পৰিল ১০০ বছৰ পুৰণি গছ, ৭ ভক্তৰ মৃত্যু - মন্দিৰৰ ওপৰত পৰিল ১০০ বছৰ পুৰণি গছ ৭ ভক্তৰ মৃত্যু

মহাৰাষ্ট্ৰৰ আকোলাত টিনৰ চালিৰ এটা মন্দিৰৰ ওপৰত পুৰণি গছ পৰাৰ ফলত ৭ গৰাকী ভক্তৰ মৃত্যু হয় (7 dead after tree falls on tin shed temple)। মন্দিৰৰ ভিতৰত থকা ৩০ৰো অধিক লোক আহত হয় । নিহতসকলৰ পৰিয়াল লৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য ঘোষণা ।

Maharashtra Temple tragedy
মন্দিৰৰ ওপৰত পৰিল ১০০ বছৰ পুৰণি গছ ৭ ভক্তৰ মৃত্যু
author img

By

Published : Apr 10, 2023, 10:09 AM IST

নেশ্যনেল ডেস্ক, ১০ এপ্ৰিল : মহাৰাষ্ট্ৰত শোকাৱহ দুৰ্ঘটনা । মন্দিৰৰ ওপৰত বৃহৎ আকাৰৰ গছ বাগৰি পৰাৰ ফলত ৭ জন লোকৰ মৃত্যু (7 dead after tree falls on tin shed temple)। এই ঘটনাত প্ৰায় ৩০ গৰাকী লোক আহত । দুৰ্ঘটনাটোৰ সময়ত মন্দিৰটোৰ ভিতৰত আছিল প্ৰায় ৪০ গৰাকী লোক (Maharashtra accident in Akola Temple)।

দেওবাৰে সন্ধিয়া আকোলাৰ পাৰস গাঁৱত অৱস্থিত বাবুজী মহাৰাজ মন্দিৰত দুৰ্ঘটনাটো সংঘটিত হয় । মন্দিৰটোৰ চালি টিনৰ আছিল । মহা আৰতিৰ বাবে মন্দিৰৰ ভিতৰত প্ৰায় ৪০গৰাকী ভক্ত আছিল । জিলা প্ৰশাসনৰ মতে, প্ৰচণ্ড বতাহ আৰু বৰষুণৰ ফলত টিনৰ মন্দিৰটোৰ ওপৰত প্ৰায় ১০০ বছৰ পুৰণি গছ ডাল বাগৰি পৰে (100 years old tree falls on tin shed Temple)। আকোলাৰ উপায়ুক্তই জনোৱা মতে গছ ডাল পৰি যোৱাৰ সময়ত প্ৰায় ৪০ গৰাকী লোক টিনৰ চালিৰ তলত আৱদ্ধ হৈ পৰিছিল ।

জানিব পৰা মতে সেইসকলৰ ভিতৰত ৩৬ গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোকৰ চাৰিজনক মৃত ঘোষণা কৰিছে । পৰৱৰ্তী সময়ত মৃতকৰ সংখ্যা ৭ জনলৈ বৃদ্ধি হয় বুলি উপায়ুক্তই জনাইছে ।

মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰিছে (MH Deputy CM tweet on Maharashtra incident)। তেওঁ টুইট কৰি কয় যে ভক্তসকলে আকোলা জিলাৰ পাৰসত এক ধৰ্মীয় অনুষ্ঠানৰ বাবে একত্ৰিত হৈছিল । সেই সময়ত টিনৰ মন্দিৰটোৰ ওপৰত গছ বাগৰি পৰাৰ ফলত কিছুমান ভক্তৰ মৃত্যু হোৱাৰ খবৰ বেদনাদায়ক বুলি তেওঁ উল্লেখ কৰিছে ।

  • अकोला जिल्ह्यातील पारस येथे एका धार्मिक समारंभासाठी काही लोक एकत्र आले असता, टिनाच्या शेडवर झाड कोसळून झालेल्या दुर्घटनेत काही भाविकांचा मृत्यू झाल्याचे वृत्त वेदनादायी आहे.
    मी त्यांना विनम्र श्रद्धांजली अर्पण करतो.
    जिल्हाधिकारी आणि पोलिस अधीक्षक यांनी तातडीने घटनास्थळी भेट दिली…

    — Devendra Fadnavis (@Dev_Fadnavis) April 9, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে ঘটনাটোৰ পাচতে লগে লগে সেই স্থানত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক উপস্থিত হয় । আৱদ্ধ লোকসকলৰ উদ্ধাৰ আৰু চিকিৎসা নিশ্চিত কৰিবলৈ দুয়োগৰাকী বিষয়াই তৎপৰতা দেখুৱায় । দুয়োগৰাকী বিষয়াক সমগ্ৰ বিষয়টো চোৱাচিতা কৰিবলৈও উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে । টুইটত তেওঁ উল্লেখ কৰা মতে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে তেওঁ নিৰন্তৰ যোগাযোগত আছে ।

আহতসকলৰ চিকিৎসাৰ বিষয়ে উল্লেখ কৰি ফাড়নাভিছে লিখিছে যে আহতসকলৰ কিছুমানক জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু সামান্য আঘাতপ্ৰাপ্ত লোকসকলক বালাপুৰত চিকিৎসা কৰা হৈছে । মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা মৃতকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলিও উপ-মুখ্যমন্ত্ৰীয়ে টুইটত জনাইছে ।

লগতে পঢ়ক :Woman living in a Honda city: ডুবাইত চাৰি বছৰ ধৰি এখন হোণ্ডা চিটীত বাস কৰিছে এগৰাকী ভাৰতীয় মহিলাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.