নেশ্যনেল ডেস্ক, 30 মে’: সোমবাৰে ঘোষণা কৰা হৈছে 2021 বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল(Union Public Service Commission examination result declares) ৷ এই ফলাফলৰ শীৰ্ষস্থান দখল কৰে ক্ৰমে শ্ৰুতি শৰ্মা, অংকিতা আগৰৱালা আৰু গামিনী চিংলাই ৷ তিনিওগৰাকী প্ৰাৰ্থীয়ে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিবলৈ সক্ষম(Women secure top three ranks in UPSC Exam 2021) হয় ৷
উল্লেখ্য যে, প্ৰায় 685 গৰাকী প্ৰাৰ্থীয়ে সফলতাৰে এই পৰীক্ষাত উত্তীৰ্ণ(685 candidates qualify civil services exam) হয় ৷ উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ 244 গৰাকী প্ৰাৰ্থীয়ে অসংৰক্ষিত শাখাত, 73 গৰাকীয়ে আৰ্থিকভাৱে দুৰ্বল শাখাত, 203 গৰাকীয়ে পিছপৰা শ্ৰেণীত, 105 গৰাকীয়ে অনুসূচীত জাতি শাখাত আৰু 60 গৰাকীয়ে অনুসূচীত জনজাতি শাখাত এই সাফল্য লাভ কৰে ৷
ভাৰতীয় প্ৰশাসনিক সেৱা (IAS), ভাৰতীয় বৈদেশিক সেৱা (IFS) আৰু ভাৰতীয় আৰক্ষী সেৱা (IPS) ৰ নিৰ্বাচিত বিষয়াসকলক প্ৰাথমিক, মুখ্য আৰু সাক্ষাৎকাৰ- এই তিনিটা পৰ্যায়ত কেন্দ্ৰীয় লোকসেৱা আয়োগে বছৰি তিনিটাকৈ পৰ্যায়ত অসামৰিক সেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰি আহিছে ।
2021 চনৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধীনৰ লিখিত পৰীক্ষাসমূহ এই বৰ্ষৰ জানুৱাৰী মাহত অনুষ্ঠিত হৈছিল ৷ পৰৱৰ্তী সাক্ষাৎকাৰসমূহ চলিত বছৰৰে এপ্ৰিল আৰু মে’ মাহত অনুষ্ঠিত হয় ৷
শীৰ্ষৰ তিনিটা স্থানৰ উপৰিও ঐশ্বৰ্য বাৰ্মাই চতুৰ্থ স্থান আৰু উৎকৰ্ষ দ্বিবেদীয়ে পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয় ৷ এই ফলাফল ঘোষণাৰ পিছত আয়োগে সদৰি কৰা অনুসৰি, সকলো প্ৰাৰ্থীৰে সুবিধা হোৱাকৈ আয়োগৰ চৌহদৰ পৰীক্ষাগৃহৰ সমীপত এটা হেল্পডেস্ক কেন্দ্ৰ স্থাপন কৰা হৈছে ৷
যদিহে সদ্যঘোষিত ফলাফল সন্দৰ্ভত কোনো প্ৰাৰ্থীয়ে কিবা কথা জানিব বিচাৰে অথবা কোনো অভিযোগ দাখিল কৰিব বিচাৰে, তেন্তে ইয়ালৈ আহি ব্যক্তিগতভাৱে পুৱা 10 বজাৰ পৰা সন্ধিয়া 5 বজাৰ ভিতৰত যোগাযোগ কৰিব পাৰিব ৷ ইয়াৰোপৰি তেওঁলোকে টেলিফোনযোগে 23385271/23381125/23098543 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আয়োগে সদৰি কৰে ৷
ফলাফলসমূহ ইউপিএছচিৰ ৱেবছাইটতো উপলব্ধ(Results are also available on the UPSC's website) হৈছে - www.upsc.gov.in । ফলাফল ঘোষণাৰ তাৰিখৰ পৰা 15 দিনৰ ভিতৰত ৱেবছাইটত প্ৰাৰ্থীসকলে লাভ কৰা নম্বৰবোৰ উপলব্ধ হ'ব বুলি কেন্দ্ৰীয় লোকসেৱা আয়োগৰ তৰফৰ পৰা সদৰি কৰা হৈছে ৷