ETV Bharat / bharat

Ram Mandir in Ayodhya: অযোধ্যাত ৰাম ভক্তক আদৰিবলৈ ৬৫ লাখ টকাৰে নিৰ্মাণ হ'ব ছটা প্ৰৱেশদ্বাৰ - Treta Era

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ দ্ৰুত গতিত চলি আছে (Ayodhya)। ৰাম ভক্তসকলক আদৰণি জনোৱাৰ বাবে এক বিশেষ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে । অযোধ্যালৈ যোৱা পথত ছটা প্ৰৱেশদ্বাৰ নিৰ্মাণৰ প্ৰস্তুতি ।

Ram devotees in Ayodhya
অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ চলিছে দ্ৰুত গতিত
author img

By

Published : Jan 8, 2023, 12:58 PM IST

নেশ্য়নেল ডেস্ক, ৮ জানুৱাৰী: ভাৰতৰ জনপ্ৰিয় চহৰসমূহৰ ভিতৰত অন্য়তম হৈছে অযোধ্যা । কাৰণ ইয়াতেই জন্ম হৈছিল ভগৱান শ্ৰী ৰাম চন্দ্ৰৰ (Lord Shri Ram)। সেয়েহে এই চহৰখনক পবিত্ৰ চহৰ হিচাপে আখ্য়া দিয়া হয় । এই অযোধ্যাতেই ৰাম মন্দিৰ নিৰ্মাণৰ লগে লগে অযোধ্যালৈ যোৱা পথত ছটা প্ৰৱেশদ্বাৰ নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ হৈছে । এই সকলোবোৰ প্ৰৱেশদ্বাৰ নিৰ্মাণত ব্য়য় হ'ব ৬৫ কোটি টকা (65 crore grand gate will be built in Ayodhya) । ইতিমধ্য়ে ৰাজ্য চৰকাৰে ইয়াৰ বাবে প্ৰথম কিস্তিৰ ধন মুকলি কৰিছে । বস্তি আৰু গোণ্ডা অঞ্চলত দুটা প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰা হ'ব । এই প্ৰৱেশদ্বাৰ দুটা স্থানীয় প্ৰশাসনে নিৰ্মাণ কৰিব (Ram devotees in Ayodhya)।

এই প্ৰসংগত জিলা দণ্ডাধীশ নীতিশ কুমাৰে কয় যে, এই সকলোবোৰ প্ৰৱেশদ্বাৰ ৫ হেক্টৰ ভূমিত নিৰ্মাণ কৰিব লাগিব (DM of Ayodhya)। ইতিমধ্য়ে ইয়াৰ বাবে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে, অধিনিয়ম সম্পূৰ্ণ হোৱাৰ পিছত নিৰ্মাণ কাৰ্যও আৰম্ভ হ'ব । উল্লেখ্য় যে এই প্ৰৱেশদ্বাৰসমূহ লক্ষ্ণৌ ঘাইপথৰ ফিৰোজপুৰ (Ferozepur on Lucknow Highway), প্ৰয়াগৰাজ ঘাইপথৰ মইনুদ্দিনপুৰ (Mainuddinpur on Prayagraj Highway), আজমগড় ঘাইপথৰ ৰাজেপুৰ উপপাৰহাৰ গাঁৱত (Rajepur Upparhar village of Azamgarh Highway), বস্তি ৰোডৰ ইছমাইলপুৰ আৰু গোণ্ডা ৰোডৰ কাটৰাৰ ওচৰত নিৰ্মাণ কৰা হ'ব ।

যেতিয়া ভক্তসকলে ৰাম নগৰী অযোধ্যা ভ্ৰমণলৈ যাব প্ৰৱেশদ্বাৰত উপস্থিত হোৱাৰ লগে লগে অনুভৱ কৰিব যে, তেওঁলোকে ৰাম নগৰীত প্ৰৱেশ কৰিছে । উল্লেখ্য় যে, ত্ৰেতা যুগৰ দৰে ৬ টা প্ৰৱেশদ্বাৰ সাজু হোৱাৰ লগে লগে অযোধ্যাও এটা দূৰ্গ হিচাপে প্ৰতিষ্ঠা কৰা হ'ব (Treta Era)। ডাবল ইঞ্জিন চৰকাৰে অযোধ্যাক বিশ্ব পৰ্যটন মানচিত্ৰত অন্তৰ্ভুক্ত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে (Double Engine Government)।

ইয়াৰে অংশৰূপে অযোধ্যাত ৰাম পথ,ভক্তি পথ, জন্মভূমি পথ আৰু ধৰ্ম পথ নিৰ্মাণ কৰা হৈছে । এই সকলোবোৰ সম্পূৰ্ণ হোৱাৰ পিছত দেশ-বিদেশৰ ভক্তসকলে অযোধ্যা ধামত উপস্থিত হ'লে তেওঁলোকে উপলব্ধি কৰিব যে এয়া সেই একেই ৰাম চহৰ যি ত্ৰেতা যুগত আছিল । ত্ৰেতা যুগৰ ৰামনগৰীক প্ৰতিফলিত কৰিবলৈ দেৱালত ৰামায়ণৰ দৃশ্যও খোদিত কৰা হ’ব ।

লগতে পঢ়ক:IAF pilot Abani Chaturbedi: অৱনী চতুৰ্বেদী হ’ব বিদেশত অনুষ্ঠিত যুদ্ধ বিমান অনুশীলনত অংশ লোৱা প্ৰথমগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.