ETV Bharat / bharat

Lunar missions : যোৱা ৭ টা দশকত ১১১ টা চন্দ্ৰ অভিযান, সফল ৬২ টা - Lunar missions of USSR

১৯৫৮ চনৰ পৰা চন্দ্ৰ অভিযান অব্যাহত আছে । যোৱা ৭০ বছৰত মুঠ ১১১ টা চন্দ্ৰ অভিযানৰ ভিতৰত ৪১ টা বিফল হৈছিল । ভাৰতৰ প্ৰথম আৰু দ্বিতীয় অভিযান সম্পূৰ্ণ সফল হ'ব পৰা নাছিল । চন্দ্ৰযান-৩ কলৈ যথেষ্ট আশাবাদী ভাৰত ।

Lunar missions
যোৱা ৭ টা দশকত ১১১ টা চন্দ্ৰ অভিযান
author img

By

Published : Jul 15, 2023, 1:29 PM IST

নেশ্যনেল ডেস্ক,১৫ জুলাই : ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শুকুৰবাৰে সফলভাৱে চন্দ্ৰযান-৩ উৎক্ষেপন কৰে । লগে লগে এই বিষয়টোৱে বিশ্বজুৰি চৰ্চা লাভ কৰিছে । কিন্তু আপুনি হয়টো শুনি আচৰিত হ'ব যে যোৱা ৭ টা দশকত মুঠ ১১১ টা চন্দ্ৰ অভিযানৰ ভিতৰত ৬২ টা অভিযানে সফল হৈছে । ৪১ টা বিফল হৈছে আৰু ৮ টা আংশিকভাৱে সফল হৈছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাৰ চন্দ্ৰ অভিযানৰ তথ্যৰ পৰা এই কথা জানিব পৰা গৈছে ।

ইফালে ভাৰতে শুকুৰবাৰে চন্দ্ৰযান-৩ৰ জৰিয়তে আন এক চন্দ্ৰ অভিযান আৰম্ভ কৰে, যাৰ উদ্দেশ্য হৈছে পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহৰ পৃষ্ঠত ছফ্ট লেণ্ডিং কৰা । এক সফল অৱতৰণে আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ পাছত বিৰল কৃতিত্ব অৰ্জন কৰা ভাৰত চতুৰ্থ খন দেশ হিচাপে পৰিগণিত হ'ব ।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ মতে, চন্দ্ৰপৃষ্ঠত কাৰিকৰীভাৱে প্ৰত্যাহ্বানমূলক ছফ্ট লেণ্ডিং চন্দ্ৰযান-২ য়ে কৰিব নোৱাৰিলে । কিন্তু চন্দ্ৰযান-৩ৰ ছফ্ট লেণ্ডিঙৰ প্ৰক্ৰিয়া অহা ২৩ আগষ্টৰ সন্ধিয়া প্ৰায় ৫.৪৭ বজাৰ পৰা আৰম্ভ হ'ব বুলি কোৱা হৈছে । ইছৰোৰ প্ৰাক্তন অধ্যক্ষ জি মাধৱন নায়াৰে কোৱা মতে যেতিয়া ৰকেটবোৰে পৃথিৱীৰ মাধ্যাকৰ্ষণ ক্ষেত্ৰ এৰি যায় তেতিয়া অনিশ্চয়তাৰ মাজেৰে চন্দ্ৰ অভিযানৰ সফলতাৰ হাৰ প্ৰায় ৫০ শতাংশ হয় ।

নায়াৰে উল্লেখ কৰা মতে সূৰ্যৰ প্ৰভাৱ বিভিন্ন গ্ৰহত পৃথক । মহাকাশত বহুতো বিকিৰণ থাকে আৰু ইয়াৰ ফলত কিছুমান সঁজুলি বা উপাদান ধ্বংস হোৱাৰ সম্ভাৱনা থাকে । ভাৰতৰ দুয়োটা অভিযানত চন্দ্ৰযান ১ আৰু ২ য়ে সঠিকভাৱে চন্দ্ৰৰ কক্ষপথত উপনীত হৈছিল । তথ্য অনুসৰি, ১৯৫৮ চনৰ পৰা ২০২৩ চনলৈ ভাৰতৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউএছএছআৰ (বৰ্তমান ৰাছিয়া), জাপান, ইউৰোপীয় ইউনিয়ন, চীন আৰু ইজৰাইলে অৰ্বিটাৰ, লেণ্ডাৰ আৰু ফ্লাইবাইৰ (চন্দ্ৰক প্ৰদক্ষিণ কৰা, চন্দ্ৰত অৱতৰণ কৰা আৰু চন্দ্ৰৰ দ্বাৰা উৰা) পৰা বিভিন্ন চন্দ্ৰ অভিযান কৰিছে ।

১৯৫৮ চনৰ ১৭ আগষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰই মুন পাইয়'নিয়াৰ-০ৰ জৰিয়তে প্ৰথম চন্দ্ৰ অভিযান আৰম্ভ কৰিছিল, যদিও ই সফল হোৱা নাছিল । একে বছৰতে ইউএছএছআৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা আৰু ৬ টাকৈ অভিযান আৰম্ভ কৰা হৈছিল, কিন্তু সকলোবোৰ বিফল হৈছিল । ১৯৫৯ চনৰ ২ জানুৱাৰীত ইউএছএছআৰ-ৰ দ্বাৰা আৰম্ভ কৰা লুনা-১ অভিযান আংশিকভাৱে সফল হৈছিল । এয়া প্ৰথম 'মুন ফ্লাইবাই' অভিযানো আছিল । ১৯৬৪ চনৰ জুলাই মাহত আমেৰিকা যুক্তৰাষ্ট্ৰই আৰম্ভ কৰা ৰেঞ্জাৰ-৭ মিছনে প্ৰথমে চন্দ্ৰৰ ক্ল'ছ আপ ফটো তুলিছিল ।

চন্দ্ৰপৃষ্ঠত প্ৰথম ছফ্ট লেণ্ডিং আৰু প্ৰথম ছবি লুনা-৯ৰ পৰা আহিছিল, যাক ১৯৬৬ চনৰ জানুৱাৰীত ইউএছএছআৰে উৎক্ষেপণ কৰিছিল । ৫ মাহৰ পাছত, ১৯৬৬ চনৰ মে'ত আমেৰিকা যুক্তৰাষ্ট্ৰই সফলতাৰে চাৰ্ভেয়াৰ-১ নামৰ একে ধৰণৰ অভিযান আৰম্ভ কৰে । ১৯৬৯ চনৰ জুলাই মাহত এপ'ল' ১১ অভিযান আছিল এক যুগান্তকাৰী অভিযান, যাৰ জৰিয়তে মানুহে প্ৰথমবাৰৰ বাবে চন্দ্ৰপৃষ্ঠত ভৰি দিছিল । তিনিজনীয়া বিজ্ঞানীৰ এই অভিযানৰ নেতৃত্ব দিছিল নীল আমষ্ট্ৰঙে ।

১৯৫৮ চনৰ পৰা ১৯৭৯ চনলৈ, কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউএছএছআৰয়ে চন্দ্ৰ অভিযান আৰম্ভ কৰিছিল । এই ২১ বছৰত, দুয়োখন দেশে এনে ৯০ টা মহাকাশ অভিযান চলাইছিল । ১৯৮০-৮৯ চনলৈ কোনো চন্দ্ৰ অভিযান হোৱা নাছিল । জাপান, ইউৰোপীয় ইউনিয়ন, চীন, ভাৰত আৰু ইজৰাইলে তাৰ পাছত এই অভিযান আৰম্ভ কৰে ।

জাপানে ১৯৯০ চনৰ জানুৱাৰীত হিটেন নামৰ এটা অৰ্বিটাৰ মিছন উৎক্ষেপণ কৰে । এইটো জাপানৰ প্ৰথম চন্দ্ৰ অভিযান আছিল । তাৰ পাছত, ২০০৭ চনৰ ছেপ্টেম্বৰত জাপানে চেলিন নামৰ আন এক অৰ্বিটাৰ অভিযান আৰম্ভ কৰে । ২০০০-২০০৯ ইউৰোপ (স্মাৰ্ট-১), জাপান (চেলিন), চীন (চাং'ই ১), ভাৰত (চন্দ্ৰযান-১) আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ (লুনাৰ ৰিকনচাইন্স অৰ্বিটাৰ আৰু এলচিক্ৰছ)ৰ পৰা ৬ টা চন্দ্ৰ অভিযান আছিল । ১৯৯০ চনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, ভাৰত, ইউৰোপীয় ইউনিয়ন, চীন আৰু ইজৰাইলে একেৰাহে ২১ টা চন্দ্ৰ অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়ক :ISRO Chandrayaan Missions : এইবাৰ চন্দ্ৰাভিযানত জড়িত আছে ৫৪ গৰাকী মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.