ETV Bharat / bharat

চত্তিশগড়ৰ ভিলাই তীখা প্লাণ্টত বিস্ফোৰণ : আহত ৬ গৰাকী কৰ্মচাৰী

author img

By

Published : Nov 9, 2021, 1:49 PM IST

মঙলবাৰে পুৱা প্ৰায় ৮ মান বজাত চত্তিশগড়ৰ ভিলাই তীখা প্লাণ্টত সংঘটিত হয় এক বিস্ফোৰণ । বিস্ফোৰণত আহতসকলক ততালিকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

SAIL
চট্টিশগড়ৰ ভিলাই তীখা প্লাণ্টত বিস্ফোৰণ

নেশ্যনেল ডেস্ক, ৯ নৱেম্বৰ : ভাৰতীয় তীখা প্ৰাধিকৰণৰ (SAIL) অধীনৰ ভিলাই তীখা প্লাণ্টত (BSP) মঙলবাৰে এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয় । Material Recovery Department ত সংঘটিত হোৱা এই বিস্ফোৰণত প্ৰায় ৬ জন লোক আহত হয় । আহতসকলৰ ভিতৰত দুজন ভিলাই তীখা প্লাণ্টৰ কৰ্মচাৰী আৰু চাৰিজন ঠিকাভিত্তিক কৰ্মচাৰী ।

উক্ত ঘটনাৰ পাছতে আহত কেইজনক ভিলাইৰ চেক্টৰ ৯ (Sector 9 Hospital) চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ঘটনাটো প্ৰকল্পটোৰ এমআৰডি ইউনিট ২ ত (MRD Unit 2) সংঘটিত হৈছে ।

শেহতীয়া তথ্য অনুসৰি, ঘটনাটো শ্লেগ ৰিভাৰচেলৰ (slag reversal) সময়ত সংঘটিত হৈছে । শ্লেগ হৈছে ধাতু স্মেল্টিঙৰ এক উপ উৎপাদন আৰু তীখা নিৰ্মাণ প্ৰক্ৰিয়া ৷ য’ত প্ৰতিবছৰে কেইবাশ টন তীখা উৎপাদন কৰা হয় । কম শ্লেগৰ অৰ্থ হৈছে অধিক ষ্টীল । বিস্ফোৰণত আহতসকলৰ ভিতৰত আছে মনীষ চাহু, পি ৰাজু নায়াৰ, ৰাজনীশ চৌহান, বিজয় কুমাৰ আৰু মৈতি আলগান ।

লগতে পঢ়ক : ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন : বিজেপি-চিপিআই(এম)ৰ মাজত তীব্ৰ সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.