নেশ্যনেল ডেস্ক, ২৪ আগষ্ট : কৰ'ণাৰ (Corona) সংক্ৰমণৰ মাজতে অচিনাক্ত ৰোগে সন্ত্ৰাস চলাইছে উত্তৰ প্ৰদেশৰ এখন গাঁৱত । যোৱা এসপ্তাহ ধৰি ৰাজ্যখনৰ মথুৰাৰ কোনহ গাঁৱত জ্বৰত আক্ৰান্ত হৈ মৃত্যু হৈছে ৬ গৰাকীকৈ লোকৰ । মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৫ জনেই শিশু ।
ইফালে প্ৰায় ৮০ গৰাকী লোকক মথুৰা, আগ্ৰা আৰু ৰাজস্থানৰ ভৰতপুৰৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । স্বাস্থ্য বিভাগৰ বিষয়াসকলে জনোৱা মতে সোমবাৰে চিকিৎসাৰ সময়ত ৯ আৰু ৬ বছৰীয়া দুটি শিশু ক্ৰমে সেৱক আৰু হানিৰ মৃত্যু হৈছে । শিশু দুটা জ্বৰত ভূগি আছিল আৰু স্বাস্থ্য অধিক শোচনীয় হোৱাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ।
একেধৰণৰ লক্ষণত ১৯ বছৰীয়া ৰুচি, ৯ বছৰীয়া অভানিশ, ২ বছৰীয়া ৰোমিয়া আৰু ১ বছৰীয়া ৰেখাৰো মৃত্যু হৈছে ।
মুখ্য চিকিৎসা বিষয়া ডাঃ ৰচনা গুপ্তাই জনোৱা মতে চিকিৎসকৰ এটা দলে গাওঁখন পৰিদৰ্শন কৰিছে আৰু চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগী আৰু তেওঁলোকৰ আত্মীয়সকলৰ পৰা মেলেৰিয়া, ডেংগু আৰু ক'ভিড পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰিছে ।
লক্ষণীভাৱে এতিয়াও মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই । অৱশ্যে স্বাস্থ্য বিষয়াসকলে ধাৰণা কৰা মতে ডেংগু হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । কিয়নো জ্বৰৰ সৈতে তেওঁলোকৰ তেজৰ প্লেটলেট কম হোৱা দেখা গৈছে । এই ঘটনাৰ পাছতে যথেষ্ট সষ্টম হৈ পৰিছে স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসন ।
বিষয়াসকলে জনোৱা মতে, গাওঁখনত কীটনাশক দ্ৰব্য ছটিয়াই দিয়া হৈছে আৰু ফগিঙৰ ব্যৱস্থাও কৰা হৈছে । সমান্তৰালকৈ জ্বৰ অনুভৱ হোৱাৰ লগে লগে তাৎক্ষণিকভাৱে গাওঁবাসীসকলক চিকিৎসালয়ত ভৰ্তি হোৱাৰ আহ্বান জনাইছে প্ৰশাসনে ।
লগতে পঢ়ক :জম্মু-কাশ্মীৰৰ বাৰামুলাত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘাত