ETV Bharat / bharat

Destination Tripura Investment Summit 2021: প্ৰায় ২৫০০ কোটিৰ ৫০ খন বুজাবুজি চুক্তি স্বাক্ষৰ - ডেষ্টিনেশ্যন ত্ৰিপুৰা বিনিয়োগ সন্মিলন

সামৰণি পৰিল ত্ৰিপুৰাৰ বৃহৎ বিনিয়োগ সন্মিলনৰ (Destination Tripura-Investment Summit 2021)। ত্ৰিপুৰা চৰকাৰে ৫০ খন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে । ইয়াৰে ভিতৰত এটা আইটি কোম্পানীৰ সৈতে ৫০০ কোটি টকাৰ বুজাবুজি চুক্তিত হৈছে স্বাক্ষৰ ।

Destination Tripura Investment Summit 2021
প্ৰায় ২৫০০ কোটিৰ ৫০ খন বুজাবুজি চুক্তি স্বাক্ষৰ
author img

By

Published : Dec 12, 2021, 5:28 PM IST

আগৰতলা,১২ ডিচেম্বৰ : দুদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰাত আয়োজিত ডেষ্টিনেশ্যন ত্ৰিপুৰা-বিনিয়োগ সন্মিলনৰ (Destination Tripura-Investment Summit 2021)শুকুৰবাৰে সামৰণি পৰে । এই সন্মিলনত ৫০ গৰাকী বিনিয়োগকাৰীৰ সৈতে প্ৰায় ২৫০০ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰে ত্ৰিপুৰা চৰকাৰে । ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাজ্যখনৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব পি কে গোৱেলে কয় যে দুদিনীয়া সন্মিলনত প্ৰায় ৮০ টা কোম্পানীৰ প্ৰতিনিধি উপস্থিত থাকে । তাৰ ভিতৰত ত্ৰিপুৰা চৰকাৰে ৫০ খন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে (50 Mous signed at Tripura summit)।

আন বহুতো কোম্পানীয়ে বিনিয়োগৰ প্ৰতি আগ্ৰহী বুলি উল্লেখ কৰে সচিব গৰাকীয়ে । আগ্ৰহী কোম্পানীসমূহৰ সৈতেও আলোচনা অব্যাহত ৰাখিছে চৰকাৰে । গোৱেলে কয় যে কোম্পানীবোৰে বাঁহ, অগৰু, ৰবৰ খেতি, তথ্য প্ৰযুক্তি, শিক্ষা, হস্তশিল্প, পৰ্যটন আদি ভিন্ন দিশত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে ।

Destination Tripura Investment Summit 2021
প্ৰায় ২৫০০ কোটিৰ ৫০ খন বুজাবুজি চুক্তি স্বাক্ষৰ

টায়াৰ কোম্পানী সন্দৰ্ভত গোৱেলে কয় যে চৰকাৰে টায়াৰ কোম্পানীবোৰক সন্মিলনলৈ আমন্ত্ৰণ জনাইছিল কিন্তু কোম্পানীসমূহে এই ক্ষেত্ৰত আগ্ৰহ দেখুওৱা নাই । অৱশ্যে টায়াৰ কোম্পানীবোৰৰ এটিএমএ (ATMA) নামৰ সংস্থাটো এই সন্মিলনত উপস্থিত আছিল । সচিবগৰাকীয়ে জনোৱা মতে বুজাবুজি চুক্তিবোৰৰ ভিতৰত এটা আইটি কোম্পানীৰ সৈতে হোৱা ৫০০ কোটিৰ চুক্তি সকলোতকৈ বৃহৎ । তেওঁ জনোৱা মতে একাংশ কোম্পানীয়ে আকৌ ত্ৰিপুৰাত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ বাবে আহিছে ।

অগৰু কোম্পানী নিউলিফ নেচাৰেলৰ এগৰাকী প্ৰতিনিধিয়ে কয় যে তেওঁ নিজৰ কোম্পানীটো ত্ৰিপুৰাৰ ৰাইজক চিনাকী কৰাই দিয়াৰ উদ্দেশ্যে আহিছে । কিয়নো কোম্পানীটোৱে অগৰুৰ টীকা উৎপাদন কৰে আৰু ই সম্পূৰ্ণ জৈৱিক । ভিয়েটনামৰ এটা কোম্পানীৰ সৈতে একেলগে কাম কৰিছে আছে কোম্পানীটোৱে ।

প্ৰতিনিধিগৰাকীৰ মতে ত্ৰিপুৰাৰ অগৰুৰ খেতিয়কসকলে ইয়াৰ সৈতে পৰিচয় হোৱাৰ এক সুযোগ লাভ কৰিব । নিউলিফ নেচাৰেল'ৰ প্ৰতিনিধি অশোক ৰেড্ডীৰ মতে তেওঁ নিশ্চিত যে ত্ৰিপুৰাৰ অগৰু কৃষকসকলে এই টীকা উৎপাদন কৰি অধিক ৰাজহ উপাৰ্জনৰ এক সুন্দৰ সুযোগ পাব । লগতে বহুতো ৰোগ নিৰাময় হ'ব ।

তেওঁৰ মতে ইয়াৰ জৰিয়তে ত্ৰিপুৰা চৰকাৰে লাভজনক ব্যৱসায়ৰ সুযোগ পাব । আনহাতে প্ৰতিনিধিগৰাকীৰ মতে তেওঁলোকে ইয়াত এটা কাৰখানাও স্থাপন কৰিব বিচাৰে আৰু অগৰু কাঠৰ তেল আহৰণৰ বাবে এটা নতুন প্ৰযুক্তি প্ৰৱৰ্তন কৰিব বিচাৰে ।

লগতে পঢ়ক :Destination Tripura summit:ৰবৰ উৎপাদনকাৰী উত্তৰ-পূৱক প্ৰশংসা মন্ত্ৰী পীযুষ গোৱেলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.