ETV Bharat / bharat

জন্মু-কাশ্মীৰত নিহত পাঁচ সন্ত্ৰাসবাদী

author img

By

Published : Apr 9, 2021, 6:07 PM IST

জন্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত পাঁচ সন্ত্ৰাসবাদী । দক্ষিণ কাশ্মীৰৰ চোপিয়ান জিলাত জন্মু-কাশ্মীৰ আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত নিহত পাঁচ সন্ত্ৰাসবাদী ।

জন্মু-কাশ্মীৰত নিহত পাঁচ সন্ত্ৰাসবাদী
জন্মু-কাশ্মীৰত নিহত পাঁচ সন্ত্ৰাসবাদী

নেশ্যনেল ডেস্ক, ৯ এপ্ৰিল: জন্মু-কাশ্মীৰ আৰক্ষীৰ বৃহৎ সফলতা । বৃহস্পতিবাৰে জন্মু-কাশ্মীৰ আৰক্ষী আৰু সেনাৰ এক যুটীয়া দলে সন্ত্ৰাসবাদবিৰোধী চলোৱা অভিযানত নিহত হয় পাঁচ সন্ত্ৰাসবাদী । দক্ষিণ কাশ্মীৰৰ চোপিয়ান জিলাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত পাঁচজন সন্ত্ৰাসবাদী নিহত হয় । এই কথা শুকুৰবাৰে জন্মু-কাশ্মীৰ আৰক্ষীয়ে জনায় । অভিযানকাৰী দলটোৱে উক্ত অঞ্চলটো ঘেৰাও কৰাৰ পাচত সন্ত্ৰাসবাদীয়ে আৰক্ষীলৈ লক্ষ্য কৰি ধাৰাষাৰ গুলীচালনা কৰিছিল । আৰক্ষীয়েও ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়ে । ফলত নিহত হয় পাঁচজন সন্ত্ৰাসবাদী ।

উল্লেখ্য যে, উক্ত অঞ্চলত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ নিৰ্দিষ্ট খবৰৰ ভিত্তিত অভিযানকাৰী দলটোৱে এই অভিযান চলাইছিল । উক্ত অভিযানত দুয়ো পক্ষৰ মাজত তীব্ৰ গুলীচালনা আৰম্ভ হয় । বৃহস্পতিবাৰে সন্ধিয়া হোৱা এই এনকাউন্টাৰত তিনিজন সন্ত্ৰাসবাদী নিহত হয় আৰু শুকুৰবাৰে পুৱা আন দুজন সন্ত্ৰাসবাদী নিহত হয় । বৰ্তমানেও অঞ্চলটোত আৰক্ষীৰ অভিযান অব্যাহত আছে ।

লগতে পঢ়ক: ২৮ এপ্ৰিলৰ পৰা নিউজিলেণ্ডে ভ্ৰমণৰ নিষধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.